--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাজস্থান বিজেপি আৰু কংগ্ৰেছৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ দিন । কাৰণ, আজি দিল্লীত ৰাজস্থান বিধানসভা নিৰ্বাচন সন্দৰ্ভত প্ৰায় ৩০ জন কংগ্ৰেছ নেতাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হ’বলৈ গৈ আছে। ইয়াত বহু কথা চূড়ান্ত হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে৷ আনহাতে,আজিৰ দিনটোতে দিল্লীত বিজেপিৰ মন্থন হোৱাৰ পাছত ৰাজস্থানত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাবলগীয়া নেতাৰ তালিকা প্ৰকাশ পাব৷ 

এনে পৰিস্থিতিত ৰাজস্থানৰ বিজেপি আৰু কংগ্ৰেছ নেতাৰ হৃদস্পন্দন বাঢ়িছে। কি হ’ব তাৰ কোনো ধাৰণা  নাই। দুয়োটা দলেই দলীয় কাম-কাজ দ্ৰুত কৰি তুলিছে৷  দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ প্ৰভাৱ ৰাজস্থানত দেখা গৈছে। বহু সংখ্যক কংগ্ৰেছ নেতা-মন্ত্ৰীয়ে নিশা দিল্লীত উপস্থিত হৈছে৷

আজি দিল্লীত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ বৈঠকত ৰাজস্থানৰ মুঠ ৩০ গৰাকী বৃহৎ নেতাই অংশগ্ৰহণ কৰিব আৰু লগতে এই কথাও পোহৰলৈ আহিছে যে জয়পুৰৰ পৰা অনলাইন যোগে মুখ্যমন্ত্ৰী গেহলটে এই বৈঠকত যোগদান কৰিব। অধ্যক্ষ চি পি যোশী, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, বিধায়ক হৰিশ চৌধাৰী, ৰাজ্যিক প্ৰভাৰী সুখজিন্দৰ সিং ৰন্ধাৱা, সভাপতি গোবিন্দ সিং দোটাছাৰা, সহ প্ৰভাৰী কাজী নিজামুদ্দিন, অমৃতা ধৱন, বীৰেন্দ্ৰ সিং, কেবিনেট মন্ত্ৰী লালচান্দ কটাৰিয়া, উদয়লাল অঞ্জনা, প্ৰমোদ জৈন ভায়া, ৰামলাল যতপৰছাদি লাল মীনা, শকুন্তলা ৰাৱত, মমতা ভূপেশ, গোবিন্দ ৰাম মেঘৱাল, প্ৰাক্তন মন্ত্ৰী ৰঘু শৰ্মা, মোহন প্ৰকাশ, ধীৰাজ গুৰজাৰ, মহেন্দ্ৰজিৎ সিং মালবিয়া, ৰামেশ্বৰ দুডী, ভনোৱাৰ জিতেন্দ্ৰ সিং, ৰমেশ মীনা, ভজন লাল জাটাৱ, ৰাজ্যসভাৰ সাংসদ নীৰজ ডাংগী, জুবেৰ খান আৰু ৰঘুবীৰ মীনা এই বৈঠকত উপস্থিত থাকিব৷উল্লেখ্য যে এই বৈঠকত কোন কোন ভূমিকাত থাকিব সেইটোও নিৰ্ণয় কৰা হ’ব।


ইপিনে ৰাজস্থানত বিজেপিৰ সভাপতি আৰু সংগঠনৰ পৰিৱৰ্তন হ’লেও ৰাইজে এতিয়াও বহু পৰিৱৰ্তনৰ ওপৰত চকু ৰাখিছে। সেইবাবে বিজেপিত ইয়াক লৈ অস্বস্তি বাঢ়িছে।তদুপৰি  কেন্দ্ৰীয় মন্ত্ৰীসভাত বহু নামৰ প্ৰস্থানৰ চৰ্চা চলিছে। বিজেপিত প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী পৰিচালনা সমিতি আৰু মন্ত্ৰীসভালৈকে যথেষ্ট সালসলনিৰ চিন্তা সেইহেতুকে কৰা হৈছে বুলি বহু ৰাজনৈতিক মহলে দাবী দাবী কৰিছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু