--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাটকীয় ৰূপ লৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে৷ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ দলীয় মতবিৰোধ নিৰ্বাচন আয়োগৰ দুৱাৰমুখত উপস্থাপিত হোৱাৰ লগে লগে এন চি পিৰ ছাত্ৰ শাখাই দলৰ প্ৰতিষ্ঠাপক শাৰদৰ বিৰুদ্ধে অজিত পাৱাৰৰ বিদ্ৰোহৰ কথা উল্লেখ কৰি দিল্লী কাৰ্যালয়ৰ বাহিৰত এখন "গাদ্দাৰ" (দেশদ্ৰোহী) পোষ্টাৰ লগাই দিয়ে৷

ৰাষ্ট্ৰয়তাবাদী বিদ্যাৰ্থী কংগ্ৰেছে বাহুবলী ছবিখনৰ এটা দৃশ্য চিত্ৰিত পোষ্টাৰ লগাইছিল, য'ত অজিত পাৱাৰক "কট্টপ্পা" হিচাপে অমৰেন্দ্ৰ বাহুবলী শাৰদ পাৱাৰৰ পিঠিত ছুৰীৰে আঘাত কৰা দেখা গৈছিল। য’ত গাদ্দাৰ বুলি লিখা আছিল।

উল্লেখযোগ্য যে অজিত পাৱাৰ ফৈদে আহ্বান কৰা বৈঠকত এনচিপিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৩১ জন বিধায়কে অংশগ্ৰহণ কৰাৰ বিপৰীতে শাৰদ পাৱাৰৰ বৈঠকত ১৪ জন বিধায়ক উপস্থিত থাকে।

অজিত পাৱাৰ ফৈদে দলৰ নাম আৰু প্ৰতীকৰ ওপৰত দাবী উত্থাপন কৰাৰ লগে লগে শাৰদ পাৱাৰে বৃহস্পতিবাৰে বিয়লি ৩ বজাত দিল্লীত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক আহ্বান কৰে।

বৈঠকৰ পূৰ্বে দিল্লীৰ এন চি পিৰ কাৰ্যালয়ৰ বাহিৰৰ পৰা অজিত পাৱাৰ আৰু প্ৰফুল্ল পেটেলৰ ছবি থকা পুৰণি পোষ্টাৰ আৰু হৰ্ডিং আঁতৰাই পেলোৱা হয়। পুৰণি পোষ্টাৰবোৰৰ ঠাইত নতুন পোষ্টাৰ লগোৱা হৈছিল আৰু তাত "গাদ্দাৰ" বুলি লিখা হৈছিল।

স্মৰ্তব্য যে, একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত অজিত পাৱাৰে ৪০ জনৰো অধিক বিধায়কৰ সমৰ্থন দাবী কৰি উপ-মুখ্যমন্ত্ৰী হিচাপে যোগদান কৰাৰ পিছত এন চি পি উলম্বভাৱে বিভাজিত হয়। ২ জুলাইত চমকপ্ৰদ কেবিনেট সম্প্ৰসাৰণত অজিত পাৱাৰকে ধৰি এন চি পিৰ ৯জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান