--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাটকীয় ৰূপ লৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে৷ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ দলীয় মতবিৰোধ নিৰ্বাচন আয়োগৰ দুৱাৰমুখত উপস্থাপিত হোৱাৰ লগে লগে এন চি পিৰ ছাত্ৰ শাখাই দলৰ প্ৰতিষ্ঠাপক শাৰদৰ বিৰুদ্ধে অজিত পাৱাৰৰ বিদ্ৰোহৰ কথা উল্লেখ কৰি দিল্লী কাৰ্যালয়ৰ বাহিৰত এখন "গাদ্দাৰ" (দেশদ্ৰোহী) পোষ্টাৰ লগাই দিয়ে৷

ৰাষ্ট্ৰয়তাবাদী বিদ্যাৰ্থী কংগ্ৰেছে বাহুবলী ছবিখনৰ এটা দৃশ্য চিত্ৰিত পোষ্টাৰ লগাইছিল, য'ত অজিত পাৱাৰক "কট্টপ্পা" হিচাপে অমৰেন্দ্ৰ বাহুবলী শাৰদ পাৱাৰৰ পিঠিত ছুৰীৰে আঘাত কৰা দেখা গৈছিল। য’ত গাদ্দাৰ বুলি লিখা আছিল।

উল্লেখযোগ্য যে অজিত পাৱাৰ ফৈদে আহ্বান কৰা বৈঠকত এনচিপিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৩১ জন বিধায়কে অংশগ্ৰহণ কৰাৰ বিপৰীতে শাৰদ পাৱাৰৰ বৈঠকত ১৪ জন বিধায়ক উপস্থিত থাকে।

অজিত পাৱাৰ ফৈদে দলৰ নাম আৰু প্ৰতীকৰ ওপৰত দাবী উত্থাপন কৰাৰ লগে লগে শাৰদ পাৱাৰে বৃহস্পতিবাৰে বিয়লি ৩ বজাত দিল্লীত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক আহ্বান কৰে।

বৈঠকৰ পূৰ্বে দিল্লীৰ এন চি পিৰ কাৰ্যালয়ৰ বাহিৰৰ পৰা অজিত পাৱাৰ আৰু প্ৰফুল্ল পেটেলৰ ছবি থকা পুৰণি পোষ্টাৰ আৰু হৰ্ডিং আঁতৰাই পেলোৱা হয়। পুৰণি পোষ্টাৰবোৰৰ ঠাইত নতুন পোষ্টাৰ লগোৱা হৈছিল আৰু তাত "গাদ্দাৰ" বুলি লিখা হৈছিল।

স্মৰ্তব্য যে, একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত অজিত পাৱাৰে ৪০ জনৰো অধিক বিধায়কৰ সমৰ্থন দাবী কৰি উপ-মুখ্যমন্ত্ৰী হিচাপে যোগদান কৰাৰ পিছত এন চি পি উলম্বভাৱে বিভাজিত হয়। ২ জুলাইত চমকপ্ৰদ কেবিনেট সম্প্ৰসাৰণত অজিত পাৱাৰকে ধৰি এন চি পিৰ ৯জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ