--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হ’ব ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। পুৱা ৮ বজাৰ পৰা প’ষ্টেল বেলটৰে আৰম্ভ হোৱা ভোটগণনাৰ ফলাফললৈ আশাৰে বাট চাই আছে ৰাজ্যবাসীয়ে। 

যোৱা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচ সমষ্টি ক্ৰমে চামগুৰি, বিহালী, চিদলী, বঙাইগাঁও আৰু ধলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজিৰ এই ভোট গণনাত ফলাফল ওলাব মুঠ ৩৪ গৰাকীৰ ভাগ্য৷ কিয়নো এই উপ-নিৰ্বাচনত ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰ মাজৰে পৰা দিছপুৰলৈ জয়ী হৈ যাব মাত্ৰ পাঁচ গৰাকী প্ৰাৰ্থী৷

যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৬৯০১০৬ গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰে।উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী, বিহালীত ৪ গৰাকী প্ৰাৰ্থী, ধলাই সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী আৰু ছিদলীত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে হ’ব এই নিৰ্বাচনী যুঁজ। ভোটগ্ৰহণৰ পিছতে দুয়োপক্ষই আটাইকেইটা সমষ্টিত জয়ী হ’ব বুলি দাবী কৰি আহিছে। গতিকে উপ-নিৰ্বাচনৰ এই ফলাফল স্বাভাৱিকতেই হ’ব লক্ষ্যণীয়।

বঙাইগাঁও সমষ্টিৰ ভোটগণনা হৈছে বঙাইগাঁও সদৰত৷ এইবাৰ বঙাইগাঁৱত ভোটদানৰ হাৰ আছিল ৭৭.৮৯%৷ বঙাইগাঁৱত মূল যুঁজ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাৰ মাজতে হোৱাতো নিশ্চিত৷

চিদলী সমষ্টিৰ ভোটগণনা হৈছে কাজলগাঁৱত৷ এইবাৰ উপ-নিৰ্বাচনত চিদলীত ভোটদানৰ হাৰ আছিল ৭৫.৪৭%৷ চিদলীত মূল ভোট যুদ্ধ হ’ব UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰক্ষ্ম আৰু BPFৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত৷

বিহালী সমষ্টিৰ ভোট গগণা হৈছে বিশ্বনাথত৷ বিহালীত ভোটদানৰ হাৰ আছিল ৭৫.৭৯%৷ বিহালীত মূল ভোট যুদ্ধ হ’ব বিজেপিৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত৷ 

চামগুৰিৰ ভোটগণনা হৈছে নগাঁও সদৰত৷ এইবাৰৰ উপ-নিৰ্বাচনত চামগুৰিত ভোটদানৰ হাৰ আছিল ৭৯.৫৫%। চামগুৰিত মূল ভোট যুঁজ হ’ব বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজত৷

ধলাই সমষ্টিৰ ভোটগণনা হৈছে শিলচৰত৷ এইবাৰ ধলাই সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.৩১%৷ ধলাই সমষ্টিটো মূল ভোট যুদ্ধ হ’ব প্ৰাৰ্থী বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থৰ মাজত৷

চিদলী, বঙাইগাঁও, বিহালী, চামগুৰি আৰু ধলাইৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে বিজয়ৰ মুকুট পিন্ধি দিছপুৰলৈ যাব সেয়া হব লক্ষ্যণীয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু