--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: একালৰ বিজেপিৰ নেতা তথা বৰ্তমানৰ এন চি পি শৰদ পাৱাৰ ফৈদৰ নেতা একনাথ খাদছে মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে সোমবাৰে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এন চি পিৰ নেতা গৰাকীয়ে। প্ৰায় চাৰি দশক ধৰি জলগাঁও জিলাৰ লগতে, মহাৰাষ্ট্ৰৰ ৰাজনীতিতো  আধিপত্য বিস্তাৰ কৰা খাদছে তেওঁৰ কণ্যা এন চি পিৰ প্রার্থী ৰোহিনী খাদছেক জয়ী কৰাবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে। 

কন্যা ৰোহিনী খাদছে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত একনাথ খাদছে কয় যে ‘২০ নৱেম্বৰত বিধানসভা নিৰ্বাচন। এই নির্বাচনত এন চি পিৰ প্রার্থী ৰোহিনী খাদছে৷ মই আৰু প্ৰতিদ্বন্দ্বিতা নকৰো।’ আপোনালোকৰ লগত বহু বছৰ ধৰি আছো। সকলোৱে বছৰ বছৰ ধৰি সমৰ্থন কৰি আহিছে। জাতি ধৰ্মৰ ওপৰত উঠি আমি সকলোকে সহায় কৰিছো বুলি উল্লেখ কৰিছে৷ লগতে তেওঁ কয় যে স্বাস্থ্যজনিত কাৰণত পৰৱৰ্তী নিৰ্বাচন দেখিবলৈ নাপবও পাৰো বুলি আৱেগিক হৈ  তেওঁক যিদৰে সমৰ্থন কৰিছে, ৰোহিনী খাদছেকো সমৰ্থন জনাই নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে৷

উল্লেখনায় যে বিজেপি নেতা গোপীনাথ মুণ্ডেৰ সৈতে একনাথ খাদছে এটা সময়ত বিজেপিৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।কোথাৰি গাঁৱৰ সৰ্পঞ্চ হিচাপে ১৯৮৭ চনত একনাথ খাদছেই ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ পাছত তেওঁ ৰাজনৈতিক জীৱনত কেতিয়াও পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই। তেওঁ বিধায়ক, বিৰোধী দলৰ নেতা হোৱাৰ উপৰিও ১২টা বিভাগৰ মন্ত্ৰী পদতো অধিষ্ঠিত হৈছিল। 

এটা সময়ত মুখ্যমন্ত্ৰী পদৰ দৌৰত তেওঁৰ নাম উল্লেখ কৰা হৈছিল কিন্তু দেৱেন্দ্ৰ ফাদনৱীৰ সৈতে মতানৈক্যৰ পিছত বিজেপিত একনাথ খাদছেৰ মৰ্যাদা হ্ৰাস পাবলৈ ধৰিলে আৰু তেওঁৰ  ২০২০ চনত বিজেপি ত্যাগ কৰি এনচিপিত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ