--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক চাহ দিৱস। চাহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। একাপ চাহ আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবলৈ একাপ চাহেই যথেষ্ট। 

একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। চাহক এবিধ উপকাৰী পানীয় হিচাপে গণ্য কৰি অহা হৈছে। মানৱ জীৱনত লাল চাহ বা ৰঙা চাহৰ আছে বহু গুৰুত্বপূৰ্ণ ভূমিকা।

চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে। চাহপাতত মজুত থাকে চেলুল'জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেল’ৰি বৃদ্ধি পায়।

আহকচোন আন্তৰ্জাতিক চাহ দিৱসত জানো ৰঙা চাহ বা লাল চাহৰ উপকাৰিতাৰ বিষয়ে-

১)ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

২)ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

৩)ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। 

৪)নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। 

৫)ৰঙা চাহে হাড় ঠুনুকা হোৱাৰ পৰা ৰক্ষা কৰে আৰু ই অষ্টিঅ’পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। 

৬)ৰঙা চাহে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

৭)নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।

৮)ৰঙা চাহত পোৱা পলিফেনল ( polyphenols) নামৰ এন্টিঅক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত  সহায় কৰে বুলি জনা যায়। 

৯)ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাবেও কাম কৰে।

১০)নিয়মীয়াকৈ ৰঙা চাহ সেৱন কৰিলে ই ষ্ট্ৰেছৰ সমস্যা কম কৰাত সহায় কৰে। 

১১)ডাঠকৈ বা কাঢ়াকৈ ৰঙা চাহ বনাই ঠাণ্ডা কৰি লৈ শ্বেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাবে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ হয়।

১২)হেনাৰ লগত ৰঙা চাহ মিহলাই চুলিত লগালে ই চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে আৰু চুলিৰ ৰং উজ্জল কৰে।

১৩)চকুৰ গুৰি ক’লা পৰা সমস্যাত টি বেগ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

১৪)লাল চাহ খালে মানসিক ৰোগ আৰু নাৰ্ভৰ ৰোগৰ পৰা আৰাম পোৱা যায়।

১৫)লাল চাহ খালে আমাৰ টোপনি ভাল হয়।

১৬) বতৰ পৰিবৰ্তনৰ সময়ত জ্বৰ, কাহ, চৰ্দি আদি হ'লে ৰঙা চাহকাপত আদা, জালুক বা তুলসী আদি দি ৰোগীক সেৱন কৰিবলৈ দিয়া হয়। এইদৰে বনোৱা ৰঙা চাহকাপে ঔষধিৰ দৰে কাম কৰে।  

সেয়েহে একাপ লাল চাহেৰে সুন্দৰকৈ পুৱাটো উপভোগ কৰি সুস্থ হৈ থাকো আহক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি