--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যক গৰমে দহিছে। ২১ মে’ত  অসমত সামগ্ৰীক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ।  মে’ মাহতে ইমান গৰম যিহেতু জুন-জুলাইত গৰমৰ মাত্ৰা  কেনে হ’ব সেয়া সহজেই অনুমেয়।   গৰমৰ দিনত যিকোনো লোকৰেই হঠাতে  হিট ষ্ট্ৰোক, তাপ ক্ৰেম্প, তাপ অৱসাদ আৰু অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।    হিট ষ্ট্ৰোক হৈছে এক জটিল স্বাস্থ্যজনিত  অৱস্থা । তৎক্ষণাৎ চিকিৎসা নকৰিলে মানুহৰ মৃত্যুও হ'ব পাৰে। 

গ্ৰীষ্মকালত সুৰক্ষিত থাকিবলৈ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাটো অত্যাৱশ্যকীয়। সঠিকভাৱে পনীয়া বস্তু সেৱন কৰাৰ পৰা পাতল আৰু ঢিলা পোছাক পৰিধান কৰা, সূৰ্যৰ তাপৰ পৰা নিজকে ৰক্ষা কৰা আদি ব্যৱস্থাসমূহ এই সময়ত গ্ৰহণ কৰাটো অতি জৰুৰী। 

গৰমৰ দিনত হোৱা তাপ অৱসাদ হৈছে এক মৃদু তাপ-সম্পৰ্কীয় ৰোগ, যি উষ্ণতা বৃদ্ধিৰ ফলত  হয় ।  যেতিয়া কোনো লোকে পৰ্যাপ্ত পানী বা অন্যান্য  তৰল নাখায় তেতিয়া এনে অৱসাদ হ’ব পাৰে। । গৰমৰ অৱসাদৰ সৰ্বাধিক বিপদাশংকা থকা লোকসকল হৈছে বৃদ্ধ, উচ্চ ৰক্তচাপ থকা লোক, আৰু গৰমত কাম কৰা বা ব্যায়াম কৰা লোক। 
তাপ অৱসাদৰ ফলত হিট ষ্ট্ৰোক হ'ব পাৰে, ই এক গুৰুতৰ তাপ-সম্পৰ্কীয় ৰোগ। হিট ষ্ট্ৰোক হৈছে যেতিয়া শৰীৰৰ তাপমাত্ৰা দ্ৰুততাৰে বৃদ্ধি হয়  আৰু  শৰীৰে নিজকে শীতল কৰিব নোৱাৰে।যদি জৰুৰীকালীন চিকিৎসা প্ৰদান কৰা নহয় তেন্তে হিট ষ্ট্ৰোকৰ ফলত মৃত্যু বা স্থায়ী বিকলাঙ্গতাএ হ'ব পাৰে।

হিট ষ্ট্ৰোকৰ পৰা হাত সাৰি থাকিবলৈ এই কেইটা কাম কৰক-

শৰীৰত পানীৰ সমতা বজাই ৰাখক
তাপ প্ৰবাহৰ লগতে প্ৰচণ্ড গৰমৰ সৈতে যুঁজিবলৈ, নিজকে ভালদৰে হাইড্ৰেটেড কৰি ৰখা আৰু শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰা উচিত। খাদ্য তালিকাত পনীয়া খাদ্য অন্তৰ্ভুক্ত কৰাটো অত্যাৱশ্যকীয়। ঘামৰ দ্বাৰা হেৰুওৱা তৰল পূৰণ কৰিবলৈ পৰ্যাপ্ত পানী গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ ।  

সতেজ ফল-মূল, খাদ্য খাওক
সতেজ ফল আৰু পাচলি বাছনি কৰাটো হাইড্ৰেটেড হৈ থকাৰ এক উৎকৃষ্ট উপায়।  কিয়নো সেইবোৰ কেৱল পানীৰ পৰিমাণেৰে সমৃদ্ধ নহয় ,  লগতে অত্যাৱশ্যকীয় পুষ্টিৰেও ভৰা। ভাৰতীয় ৰন্ধনপ্ৰণালীয়ে বিভিন্ন ধৰণৰ খাদ্যবিকল্প প্ৰদান কৰে যিবোৰ গৰমৰ দিনবোৰৰ বাবে আদৰ্শ খাদ্য হ’ব পাৰে। 

ঢিলা পোছাক পিন্ধিব
গ্ৰীষ্মৰ মাহবোৰত জীৱনশৈলীৰ সালসলনি কৰাটো গুৰুত্বপূৰ্ণ। অত্যাধিক ঘাম প্ৰতিহত কৰিবলৈ ঢিলা আৰু পাতল ৰঙৰ পোছাক বাছনি কৰিব। পাতল ৰঙৰ  কাপোৰযেনে হাত বিহীন বা ঢিলা হাতৰ পোছাক।আদিয়ে  বায়ু সঞ্চালনত সহায় কৰে। 

গৰম জাতীয়  পানীয় গ্ৰহণ সীমিত কৰক
চাহ, কফি আৰু সুৰা সেৱন সীমিত কৰক। পাতল আহাৰ বাছনি কৰক আৰু সংসাধিত আৰু নিমখীয়া খাদ্যৰ পৰা আঁতৰি থাকক।

গ্ৰীষ্মকালীন আহাৰ
আপোনাৰ আহাৰত তৰমুজ,  শাক, বাটাৰমিল্ক, আম, নেমু, দৈ, নাৰিকল আৰু পুদিনা আদিৰ দৰে সতেজ খাদ্য অন্তৰ্ভুক্ত কৰক। আনহাতে, পৰাপক্ষত কফি, আচাৰ, চডা, অত্যাধিক ফলৰ ৰস, সুৰা, উচ্চ নিমখ গ্ৰহণ, মিল্কশ্বেক, ভজা খাদ্য আৰু জাংক ফুড পৰিহাৰ কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অচিৰেই হ'ব পাৰে তৃতীয় বিশ্ব যুদ্ধ!
তিনিচুকীয়াৰ পৰা অমৃতসৰ অভিমুখী ৰে'লৰ ডবাত জুই
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত
আৰ চি বিক জগৰীয়া কৰিলে কেন্দ্রীয় প্রশাসনিক ন্যায়াধিকৰণে