--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮ মাৰ্চ তাৰিখটো নাৰী সমাজৰ বাবে এটি বিশেষ দিন কিয়নো এই দিনটোত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় আন্তর্জাতিক নাৰী দিৱস। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ বাবে ৮ মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে পালন কৰা হয়। সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য। কিন্তু বাস্তৱ ক্ষেত্ৰত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত নিউয়ৰ্কত প্ৰথম বাৰৰ বাবে নাৰী দিৱস উদযাপন কৰা হৈছিল। সমাজৰ ক্ৰমবিকাশত নাৰী- পুৰুষ উভয়েৰেই অৱদান আছে যদিও যুগে যুগে নাৰী হৈ আহিছে শোষিত৷ নাৰীয়ে এতিয়াও সমঅধিকাৰৰ পাবলৈ সক্ষম হোৱা নাই৷ নিজৰ অধিকাৰ বিচাৰি নাৰীয়ে নিজৰ সংগ্ৰাম কৰিবলগীয়া হয়। নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷ ১৯১৪ চনত ৮ মাৰ্চত বহুতো ইউৰোপীয়ান দেশত নাৰী দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰসংঘই নাৰী অধিকাৰৰ স্বীকৃতি হিচাপে ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে। এই দিৱস পালন কৰিবলৈ ৰাষ্ট্ৰসংঘই বিভিন্ন দেশক আহ্বান জনায়৷ তাৰ পিছৰ পৰা গোটেই পৃথিৱী জুৰি এই দিৱস পালন কৰা হয়৷ আন্তর্জাতিক নাৰী দিৱসৰ জৰিয়তে জাতি, ধর্ম, ভাষা, সংস্কৃতি, অর্থনৈতিক বা ৰাজনৈতিক ভেদাভেদ পাহৰি মহিলাসকলৰ কৃতিত্বক স্বীকৃতি জনোৱাৰ উদ্দেশ্যৰে এই দিনটো পালিত হয়। এই দিনটোত প্রত্যেককে নাৰীৰ অধিকাৰ, লিঙ্গ সমতা সম্পর্কে সচেতন কৰি তোলা হয়। লগতে মহিলাসকলৰ সমান অধিকাৰৰ যুঁজখন শক্তিশালী কৰাই হৈছে এই দিনটো পালনৰ অন্যতম উদ্দেশ্য। প্ৰাগ নিউজৰ ফালৰ পৰাও প্ৰতিগৰাকী নাৰীক যাচিলোঁ অলেখ শুভকামনা.. পোহৰৰ বাট কাটি আগুৱাই যাওক আজিৰ নাৰী। আৰু পঢ়কঃ ৮ মাৰ্চ কেনে যাব জাতক-জাতিকাৰ…ৰাশিফল চাওঁ আহক

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু