--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮ মাৰ্চ তাৰিখটো নাৰী সমাজৰ বাবে এটি বিশেষ দিন কিয়নো এই দিনটোত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় আন্তর্জাতিক নাৰী দিৱস। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ বাবে ৮ মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে পালন কৰা হয়। সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য। কিন্তু বাস্তৱ ক্ষেত্ৰত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত নিউয়ৰ্কত প্ৰথম বাৰৰ বাবে নাৰী দিৱস উদযাপন কৰা হৈছিল। সমাজৰ ক্ৰমবিকাশত নাৰী- পুৰুষ উভয়েৰেই অৱদান আছে যদিও যুগে যুগে নাৰী হৈ আহিছে শোষিত৷ নাৰীয়ে এতিয়াও সমঅধিকাৰৰ পাবলৈ সক্ষম হোৱা নাই৷ নিজৰ অধিকাৰ বিচাৰি নাৰীয়ে নিজৰ সংগ্ৰাম কৰিবলগীয়া হয়। নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷ ১৯১৪ চনত ৮ মাৰ্চত বহুতো ইউৰোপীয়ান দেশত নাৰী দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰসংঘই নাৰী অধিকাৰৰ স্বীকৃতি হিচাপে ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে। এই দিৱস পালন কৰিবলৈ ৰাষ্ট্ৰসংঘই বিভিন্ন দেশক আহ্বান জনায়৷ তাৰ পিছৰ পৰা গোটেই পৃথিৱী জুৰি এই দিৱস পালন কৰা হয়৷ আন্তর্জাতিক নাৰী দিৱসৰ জৰিয়তে জাতি, ধর্ম, ভাষা, সংস্কৃতি, অর্থনৈতিক বা ৰাজনৈতিক ভেদাভেদ পাহৰি মহিলাসকলৰ কৃতিত্বক স্বীকৃতি জনোৱাৰ উদ্দেশ্যৰে এই দিনটো পালিত হয়। এই দিনটোত প্রত্যেককে নাৰীৰ অধিকাৰ, লিঙ্গ সমতা সম্পর্কে সচেতন কৰি তোলা হয়। লগতে মহিলাসকলৰ সমান অধিকাৰৰ যুঁজখন শক্তিশালী কৰাই হৈছে এই দিনটো পালনৰ অন্যতম উদ্দেশ্য। প্ৰাগ নিউজৰ ফালৰ পৰাও প্ৰতিগৰাকী নাৰীক যাচিলোঁ অলেখ শুভকামনা.. পোহৰৰ বাট কাটি আগুৱাই যাওক আজিৰ নাৰী। আৰু পঢ়কঃ ৮ মাৰ্চ কেনে যাব জাতক-জাতিকাৰ…ৰাশিফল চাওঁ আহক

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু