--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধৰ আতংক, মৃত্যু ভয়, অনাহাৰ-অনিদ্ৰাৰ মাজত এতিয়াও আবদ্ধ হৈ আছে তেওঁলোক। এই দুস্বপ্নৰ মাজৰ পৰা কেতিয়া তেওঁলোকে উদ্ধাৰ পাব তাৰ কোনো নিশ্চয়তা নাই। চৌপাশে, গুলী-বোমাৰ শব্দ। মূৰৰ ওপৰত যুদ্ধ বিমানৰ তাল-আফাল। নিমিষতে ভাঙি পৰিছে বিশাল একোটা অট্টালিকা। চৌপাশে মানুহৰ আৰ্তনাদ, দৌৰা-ঢপৰা। এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজতে এতিয়াও আবদ্ধ হৈ আছে তেওঁলোক। উচ্চ শিক্ষাগ্ৰহণৰ বাবে ইউক্ৰেইনলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তেওঁলোক। ভাৰতে নিৰন্তৰে দেশখনত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে যদি চুবুৰীয়া যিবোৰ দেশৰ পৰা ভাৰতৰ উদ্ধাৰ অভিযান চলিছে সেই স্থানবোৰলৈ আহিবলৈকো এতিয়া উপায় নোহোৱা অৱস্থা হৈছে এইসকল ছাত্ৰ-ছাত্ৰীৰ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছুমীত আবদ্ধ হৈ থকা প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা কাম এতিয়া পুনৰ স্তব্ধ হৈ পৰিছে। ইউক্ৰেইনৰ তিনিখন চহৰৰ পৰা ৰাছিয়া আৰু বেলাৰুছলৈ মানৱীয় কৰিড’ৰৰ নিৰ্মাণৰ জৰিয়তে আবদ্ধ লোকক উদ্ধাৰৰ কাম কৰাৰ বাবে ৰাছিয়াই দিয়া প্ৰস্তাৱ ইউক্ৰেইনে প্ৰত্যাখ্যান কৰাৰ পাছত সৃষ্টি হয় জটিলতাৰ। ইয়াক ‘অনৈতিক ষ্টাণ্ট’ বুলি অভিহিত কৰি এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ইউক্ৰেইনে। এই কৰিড’ৰৰ জৰিয়তে কিয়েভ, মাৰিয়াপোল আৰু পূব প্ৰান্তৰ চহৰ খাৰকিভ আৰু ছুমীৰ পৰা আবদ্ধ লোকক উদ্ধাৰ কৰাৰ কথা ভবা হৈছিল। কিন্তু এই ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতাৰ বলি হ’বলগীয়া গৈছে শিক্ষাৰ্থীসকল। দুই ম’হৰ যুঁজত বিৰিণাৰ হোৱাৰ দৰে অৱস্থা হৈছে এইসকল ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ। তেওঁলোকে কয় যে, তেওঁলোকে শনিবাৰৰ পৰা উদ্ধাৰৰ বাবে অপেক্ষা কৰি আছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰে যে, আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰাধান প্ৰত্যাহ্বানবোৰ হৈছে ব্যাপক হাৰত হৈ থকা গুলীবৰ্ষণ, হিংসা আৰু পৰিবহনৰ অভাৱ। শনিবাৰে প্ৰচণ্ড জাৰৰ লগতে খাদ্য আৰু পানীৰ যোগান হ্ৰাস হৈ পৰাৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে শিক্ষাৰ্থীসকল। শিক্ষাৰ্থীসকলে এই পৰিস্থিতি সম্পৰ্কীয় এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, তেওঁলোকে ৫০ কিলোমিটাৰ দূৰৰ ৰাছিয়াৰ সীমান্তলৈ এক বিপদজনক যাত্ৰা কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল। কিন্তু চৰকাৰে তেওঁলোকক অপ্ৰয়োজনীয় ৰিস্ক লোৱাৰ পৰা বাৰণ কৰি তেওঁলোকৰ এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ নিদিলে। কিন্তু তেওঁলোকক উদ্ধাৰৰ কোনো কাৰ্যকৰী ব্যৱস্থা নোহোৱাটোও এতিয়া উদ্বেগৰ কাৰণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু