--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধৰ আতংক, মৃত্যু ভয়, অনাহাৰ-অনিদ্ৰাৰ মাজত এতিয়াও আবদ্ধ হৈ আছে তেওঁলোক। এই দুস্বপ্নৰ মাজৰ পৰা কেতিয়া তেওঁলোকে উদ্ধাৰ পাব তাৰ কোনো নিশ্চয়তা নাই। চৌপাশে, গুলী-বোমাৰ শব্দ। মূৰৰ ওপৰত যুদ্ধ বিমানৰ তাল-আফাল। নিমিষতে ভাঙি পৰিছে বিশাল একোটা অট্টালিকা। চৌপাশে মানুহৰ আৰ্তনাদ, দৌৰা-ঢপৰা। এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজতে এতিয়াও আবদ্ধ হৈ আছে তেওঁলোক। উচ্চ শিক্ষাগ্ৰহণৰ বাবে ইউক্ৰেইনলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তেওঁলোক। ভাৰতে নিৰন্তৰে দেশখনত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে যদি চুবুৰীয়া যিবোৰ দেশৰ পৰা ভাৰতৰ উদ্ধাৰ অভিযান চলিছে সেই স্থানবোৰলৈ আহিবলৈকো এতিয়া উপায় নোহোৱা অৱস্থা হৈছে এইসকল ছাত্ৰ-ছাত্ৰীৰ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছুমীত আবদ্ধ হৈ থকা প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা কাম এতিয়া পুনৰ স্তব্ধ হৈ পৰিছে। ইউক্ৰেইনৰ তিনিখন চহৰৰ পৰা ৰাছিয়া আৰু বেলাৰুছলৈ মানৱীয় কৰিড’ৰৰ নিৰ্মাণৰ জৰিয়তে আবদ্ধ লোকক উদ্ধাৰৰ কাম কৰাৰ বাবে ৰাছিয়াই দিয়া প্ৰস্তাৱ ইউক্ৰেইনে প্ৰত্যাখ্যান কৰাৰ পাছত সৃষ্টি হয় জটিলতাৰ। ইয়াক ‘অনৈতিক ষ্টাণ্ট’ বুলি অভিহিত কৰি এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ইউক্ৰেইনে। এই কৰিড’ৰৰ জৰিয়তে কিয়েভ, মাৰিয়াপোল আৰু পূব প্ৰান্তৰ চহৰ খাৰকিভ আৰু ছুমীৰ পৰা আবদ্ধ লোকক উদ্ধাৰ কৰাৰ কথা ভবা হৈছিল। কিন্তু এই ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতাৰ বলি হ’বলগীয়া গৈছে শিক্ষাৰ্থীসকল। দুই ম’হৰ যুঁজত বিৰিণাৰ হোৱাৰ দৰে অৱস্থা হৈছে এইসকল ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ। তেওঁলোকে কয় যে, তেওঁলোকে শনিবাৰৰ পৰা উদ্ধাৰৰ বাবে অপেক্ষা কৰি আছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰে যে, আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰাধান প্ৰত্যাহ্বানবোৰ হৈছে ব্যাপক হাৰত হৈ থকা গুলীবৰ্ষণ, হিংসা আৰু পৰিবহনৰ অভাৱ। শনিবাৰে প্ৰচণ্ড জাৰৰ লগতে খাদ্য আৰু পানীৰ যোগান হ্ৰাস হৈ পৰাৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে শিক্ষাৰ্থীসকল। শিক্ষাৰ্থীসকলে এই পৰিস্থিতি সম্পৰ্কীয় এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, তেওঁলোকে ৫০ কিলোমিটাৰ দূৰৰ ৰাছিয়াৰ সীমান্তলৈ এক বিপদজনক যাত্ৰা কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল। কিন্তু চৰকাৰে তেওঁলোকক অপ্ৰয়োজনীয় ৰিস্ক লোৱাৰ পৰা বাৰণ কৰি তেওঁলোকৰ এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ নিদিলে। কিন্তু তেওঁলোকক উদ্ধাৰৰ কোনো কাৰ্যকৰী ব্যৱস্থা নোহোৱাটোও এতিয়া উদ্বেগৰ কাৰণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু