--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে। যুদ্ধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সমগ্ৰ বিশ্বতে সমালোচনা কৰা হৈছে। ইফালে তেওঁৰ ব্যক্তিগত জীৱন সম্পৰ্কেও আলোচনা বৃদ্ধি পাইছে। ব্যক্তিগত জীৱনত পুটিনক অত্যন্ত ৰোমান্টিক বুলি কোৱা হয়। প্ৰায় ১৫ বছৰ ধৰি পুটিনৰ নাম এলিনা কাবায়েভাৰ সৈতে জড়িত হৈ আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ এলিনা বিশ্বৰ এগৰাকী জনপ্ৰিয় জিমনাষ্ট। অৱশ্যে এলিনাই জিমনাষ্টিং ক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এলিনা আৰু পুটিনৰ প্ৰেমক লৈ এসময়ত বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছিল কিন্তু কোনো এগৰাকীয়ে আজিলৈকে এই সম্পৰ্কক লৈ মুখ খোলা নাই। কিন্তু পুটিন আৰু এলিনাৰ মাজত চাৰিটা সন্তান আছে বুলিও ভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰি আহিছে। উল্লেখ্য যে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজ পৰিয়ালৰ লোকসকলক সুৰক্ষিত গোপন স্থানত ৰখাৰ ব্যৱস্থা কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জিমনাষ্ট প্ৰেয়সী এলিনাকো গোপন স্থানত ৰাখিছে পুটিনে। চাৰি সন্তানসহ এলিনা কাবায়েভাই ছুইজাৰলেণ্ডৰ গোপন স্থানত এক কাঠেৰে নিৰ্মিত ঘৰত আশ্ৰয় লৈ আছে। ৩৮ বছৰীয়া এলিনা কাবায়েভা এগৰাকী ৰাছিয়ান ৰাজনীতিবিদ, মিডিয়া মেনেজাৰ আৰু এগৰাকী অৱসৰপ্ৰাপ্ত জিমনাষ্ট। এলিনাৰ জন্ম ১৯৮৩ চনৰ ১২ মেত উজবেকিস্তানত হৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকল ক্ৰীড়াৰ সৈতে জড়িত আছিল। এলিনাৰ পিতৃ মাৰাট কাবায়েভা এজন পেছাদাৰী ফুটবল খেলুৱৈ আছিল। এলিনাক সৰ্বকালৰ আটাইতকৈ সফল জিমনাষ্ট হিচাপে গণ্য কৰা হয়। তেওঁ তেওঁৰ কেৰিয়াৰত ২ টা অলিম্পিক পদক, ১৪ টা বিশ্ব চেম্পিয়নশ্বিপ আৰু ২১ টা ইউৰোপিয়ান চেম্পিয়নশ্বিপ পদক জিকিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ খেলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত এলিনাই ৰাজনীতিত কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ ইউনাইটেড ৰাছিয়া পাৰ্টিৰ সংসদৰ সদস্য হয়। তাৰপাছতে তেওঁ নেচনেল মিডিয়া গ্ৰুপৰ অধ্যক্ষ হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ নেচনেল মিডিয়া গ্ৰুপ হৈছে ৰাছিয়াৰ সৰ্ববৃহৎ মিডিয়া কোম্পানী। ২০০৮ চনৰ পৰা ৰাষ্ট্ৰপতি পুটিনৰ সৈতে নাম সাঙোৰ খাই আছে এলিনাৰ। অৱশ্যে ৰাষ্ট্ৰপতি পুটিনে নিজৰ পৰিয়াল আৰু ব্যক্তিগত জীৱনক লৈ সদায়ে গোপনীয়তা আৰু মৌনতা অৱলম্বন কৰি আহিছে। আৰু পঢ়কঃ জীৱন বচাবলৈ ইউক্ৰেইনৰ পৰা পলায়ন কৰা যুৱকে ৰোমানিয়াত বিচাৰি পালে নিজৰ প্ৰেম!

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু