--°C
Loading...
Listen to Article
2 min read
80%


১৩ জুলাই ২০২৩, বৃহস্পতিবাৰ

মেষ : ব্যক্তিগত জীৱন আৰু কৰ্মক্ষেত্ৰত গতি আহিব, যিয়ে আগন্তুক দিনত সফলতা আনিব। শত্ৰুসকল অসহায় হৈ পৰিব। কৰ্মক্ষেত্ৰত চাপ বৃদ্ধি পাব, বিতৰ্কৰ পৰা দূৰত থকাটো ভাল।

বৃষ : নিজৰ মনৰ কথা শুনিব লাগিব। নিজৰ লক্ষ্যৰ তালিকা প্ৰস্তুত কৰি অগ্ৰাধিকাৰৰ ভিত্তিত আগুৱাই যাব লাগিব।পৰিয়ালত শান্তি বৰ্তি থাকিব, পেছা আৰু ব্যক্তিগত সময় ভালদৰে পাৰ হ’ব।

মিথুন : আলস্য ভাৱ আঁতৰাই নিজৰ স্বাভাৱিক সৃজনশীলতাৰ চৰ্চা কৰিব লাগিব। চাৰিওফালৰ বিক্ষিপ্ত ঘটনা উপেক্ষা কৰি ব্যক্তিগত জীৱন আৰু স্বাস্থ্যৰ প্ৰতি নজৰ দিব লাগিব। আত্মবিশ্বাস তুংগত থাকিব, সহকৰ্মীসকলৰ সহায় লাভ কৰিব কৰ্মক্ষেত্ৰত।

কৰ্কট : অভিজ্ঞতাৰ পৰা শিক্ষা লৈ কাম কৰিব লাগিব। অসহায় মানুহৰ ওচৰত থিয় দিয়া প্ৰয়োজন।কৰ্মক্ষেত্ৰত সৃজনশীলতাই সুনাম কঢ়িয়াই আনিব, কিন্তু সন্তানক লৈ দুঃশ্চিন্তা থাকিব। 

সিংহ : মানসিক উদ্বেগ বাঢ়িব পাৰে। কিন্তু কাম শেষ নকৰা পৰ্যন্ত এৰি দিলে নহ’ব। পেছাগত ক্ষেত্ৰত পৰিশ্ৰমৰ সুফল পাব, সংগীৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব লাগিব।

কন্যা : পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণর বাধা আহিব পাৰে। ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰিব পাৰে। ফলত উপেক্ষা কৰাই ভাল। আৰ্থিক দিশত পৰিস্থিতি আৰু অধিক বেয়া হ’ব পাৰে। বুদ্ধি খটুৱাই সিদ্ধান্ত লওক!

তুলা : আত্মবিশ্বাস অটুট থাকিব। কিন্তু বিশ্বস্ত কাৰোবাৰ ওচৰত নিজৰ সকলো কথা কোৱাৰ পূৰ্বে এবাৰ সকলো দিশ বিবেচনা কৰি চোৱা উচিত। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে, প্ৰণয়ৰ সম্পৰ্ক আৰু অধিক গাঢ় হ’ব।

বৃশ্চিক : মুখাধাৰী কোনো ব্যক্তিৰ সৈতে পৰিচয় হ’ব পাৰে। সতৰ্ক থাকিব লাগিব। পদক্ষেপ লোৱাৰ পূৰ্বে ভালকৈ ভাবিব লাগিব।  কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব, নিজৰ আৰু সন্তানৰ স্বাস্থ্যৰ দিশে মন দিয়ক।

ধনু : কোনো সমস্যাক একাধিক দিশৰ পৰা পৰ্যবেক্ষণ কৰিব লাগিব। সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সংগীৰ সমৰ্থন লাভ কৰিব, কৰ্মক্ষেত্ৰত যশ বৃদ্ধি হ’ব।

মকৰ : যিকোনো পৰিস্থিতিৰ দ্ৰুত মোকাবিলা কৰা সম্ভৱ হ’ব। মানসিক চাপ কমাবলৈ শৰীৰ চৰ্চা কৰিব পাৰে। পৰিয়ালত অশান্তি হ’ব, কৰ্মক্ষেত্ৰতো সহকৰ্মীৰ সৈতে বাদানুবাদৰ সম্ভাৱনা আছে।

কুম্ভ : সিদ্ধান্ত লোৱা কঠিন বুলি ধাৰণা হ’ব। আবেগ দূৰত থৈ সিদ্ধান্ত ল’ব লাগিব। সেয়ে বৰ্তমান সেয়া স্থগিত ৰখাই ভাল। পাৰিবাৰিক সময় ভালদৰে পাৰ হ’ব, কৰ্মক্ষেত্ৰত চাপ পাতল হোৱাৰ সম্ভাৱনা আছে।

মীন : জীৱনত সন্তুষ্টি বৰ্তি থাকিব, লগতে কৰ্মোদ্যমো। অতিৰিক্ত খোৱা–লোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। প্ৰথমো নিজৰ স্বাস্থ্যৰ যত্ন লওক, নহ’লে কোনো কাম ঠিকমতে নহ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু