--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্সঃ ১৯৯২ চনৰ ১০ মে’। দুগৰাকী তাৰকাৰ বিয়া উপলক্ষে বলিউডত উখল মাখল পৰিৱেশ হৈছিল। বলীউডৰ অভিনেত্ৰী দিব্যা ভাৰতীয়ে প্ৰযোজক তথা পৰিচালক চাজিদ নাদিয়াদৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

কিন্তু চাজিদ আৰু দিব্যাৰ সুখী পৰিয়ালটো এবছৰো স্থায়ী নহ’ল। বিয়াৰ দহ মাহৰ পাছত তেওঁলোকৰ ঘৰৰ পঞ্চম মহলাৰ পৰা পৰি দিব্যাৰ মৃত্যু হয়। এই ঘটনাত চাজিদ বৰ ভাঙি পৰিছিল।

দিব্যাৰ ঘনিষ্ঠ বন্ধু হোৱাৰ বাবে অভিনেত্ৰী টাবুৱে চাজিদক আগৰ পৰাই চিনি পাইছিল। দিব্যাৰ মৃত্যুৰ পিছত টাবুৱে চাজিদৰ সৈতে এখন ছবিৰ কাম আৰম্ভ কৰে। ছৱিখন আছিল ‘জীত’৷

শ্বুটিঙৰ সময়ত ছাজিদে টাবুৰ লগত নিজৰ সুখ-দুখৰ কথা ভাগ কৰিছিল। দুয়োৰে বন্ধুত্ব গভীৰ হৈ পৰে আৰু ছাজিদে নজনাকৈয়ে টাবুৰ প্ৰেমত পৰে।

টাবুক নিজৰ অনুভৱৰ কথা কোৱাৰ পিছত ছাজিদে ক'লে- "তুমি মোৰ লগত থাকিব বিচাৰিলে তুমি মোৰ জীৱনৰ দ্বিতীয় নাৰী, দ্বিতীয় প্ৰেম হ'ব লাগিব। দিব্যাক মই কেতিয়াও পাহৰিব নোৱাৰো। তাই মোৰ জীৱনৰ প্ৰথম মহিলা হ'ব।''


ছাজিদৰ এই কথাত টাবুৱে আপত্তি কৰা নাছিল। টাবুৰ লগত ছাজিদৰ সম্পৰ্ক বাঢ়ি গৈ থাকিল। গজৱ শুনা যায় যে তেওঁলোকে গোপনে আঙঠি বিনিময়ো কৰিছিল।

টাবু আৰু ছাজিদ দুয়োৱে সম্পৰ্কটো গোপন কৰি ৰাখিব বিচাৰিছিল। তেওঁলোকে ভাবিছিল যে পত্নীৰ মৃত্যুৰ পিছত আন এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্কৰ খবৰ পোৱাৰ পিছত ছাজিদ কটুক্তিৰ বলি হ’ব।

টাবুৱেও তেওঁৰ সৈতে ছাজিদৰ সম্পৰ্কৰ বিষয়ে কাকো অৱগত কৰা নাছিল। কিন্তু ৰেডিঅ’ শ্ব’ এটাৰ সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ভুলতে ছাজিদৰ সৈতে থকা সম্পৰ্কৰ কথা ক’লে। এই ঘটনাৰ পিছতে ছাজিদে তবুক বিয়া কৰাবলৈ সিদ্ধান্ত লয়।

কিন্তু টাবুৱে নাকচ কৰিলে ছাজিদৰ বিবাহৰ প্ৰস্তাৱ। আনকি, অভিনেত্ৰীগৰাকীয়ে মুম্বাই এৰি হায়দৰাবাদলৈ গুছি যায়। পিছত ছাজিদে গম পায় যে তেওঁলোকৰ সম্পৰ্কত তৃতীয় এজন ব্যক্তিয়ে প্ৰৱেশ কৰিছে৷ সেইবাবেই লগে লগে টাবুৱে তেওঁৰ পৰা আঁতৰি গৈছে। এই তৃতীয় ব্যক্তিজন আন কোনো নহয়, দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অভিনেতা নাগাৰ্জুন।

১৯৯৮ চনত ৰোমান্টিক কমেডী তেলেগু ছবি ‘অবীৰা মা আভেৰে’ ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনৰ শ্বুটিঙৰ সময়ত নাগাৰ্জুনে টাবুৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কত লিপ্ত হয়।

টাবুৰ মন ছাজিদৰ পৰা তেতিয়াই আঁতৰি গ’ল। নাগাৰ্জুনৰ সৈতে অধিক সময় কটাবলৈ টাবুৱে মুম্বাইৰ পৰা হায়দৰাবাদলৈ ৰাওনা হয়। হায়দৰাবাদৰ ঘৰৰ সমীপতে নাগাৰ্জুনে টাবুৰ বাবে ঘৰ কিনিছিল বুলি চৰ্চা চলিছিল৷

২০০০ চনত টাবু আৰু নাগাৰ্জুনক একেলগে দেখা গৈছিল। চলচ্চিত্ৰ জগতৰ এটা অংশই ভাবিছিল যে নাগাৰ্জুনে পত্নীৰ পৰা বিচ্ছিন্ন হৈ তবুক বিয়া কৰাব। টাবুৱেও তেনেকৈয়ে ভাবিছিল। কিন্তু নাগাৰ্জুনক বিয়া কৰাবলৈ গৈ অভিনেত্ৰীগৰাকীৰ সপোন ছিন্নভিন্ন হৈ পৰিল।

দহ বছৰতকৈও অধিক সময় নাগাৰ্জুনৰ সৈতে সম্পৰ্কত থকাৰ পিছত টাবুৱে উপলব্ধি কৰে যে নাগাৰ্জুনৰ বাবে বিবাহ বিচ্ছেদ অসম্ভৱ। ২০১২ চনত অভিনেতাগৰাকীৰ সৈতে সম্পৰ্ক সমাপ্ত কৰি মুম্বাইলৈ উভতি আহে টাবুৱে।

মুম্বাইলৈ উভতি অহাৰ পিছত পুনৰ নিজৰ কেৰিয়াৰত ব্যস্ত হৈ পৰিল টাবু। আনহাতে ছাজিদেও ৱাৰ্ডা খান নামৰ এগৰাকী সাংবাদিকৰ সৈতে ২০০০ চনত বিবাহপাশত আবদ্ধ হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ