--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বছৰটোৰ শেষৰটো সোমবাৰ। ভগৱান ভোলেনাথক সন্তুষ্ট কৰিবলৈ সোমবাৰটো অতি বিশেষ দিন বুলি গণ্য কৰা হয়। এই দিনটোত শিৱৰ পূজা আৰু প্ৰতিকাৰ কৰিলে সকলো কামনা পূৰণ হয়। ভগৱান শিৱৰ ওচৰত শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা কৰিলে ভক্তই সকলো কামতে সফলতা লাভ কৰে। জ্যোতিষশাস্ত্ৰত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কিছুমান উপায়ৰ কথা কোৱা হৈছে, যিবোৰ কৰিলে সোমবাৰে মহাদেৱে বিশেষ আশীৰ্বাদ দিয়ে।

ক'লা তিলৰ প্ৰতিকাৰ- যদি ৰাশিফলত শনি দোষ থাকে আৰু জীৱনত বিপদৰ সমাগম হয়, তেন্তে সোমবাৰে শিৱলিংগত ক'লা তিল আগবঢ়াব লাগে। এনে কৰিলে শনিয়ে সৃষ্টি কৰা দুখ-কষ্টৰ পৰা সকাহ পায় আৰু কামবোৰত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰে।

দুগ্ধাভিষেক- বিবাহত বাধা আহিলে প্ৰতি সোমবাৰে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত কেঁচা গাখীৰ আগবঢ়াওক। লগতে পানীৰে অভিষেক কৰক। মনতে ঔম নমঃ শিৱায় মন্ত্ৰ জপ কৰি বিবাহৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰক। বিবাহত অহা বাধাবোৰ দূৰ হ’ব।

ৰুদ্ৰাক্ষৰ দান- বিবাহিত জীৱনত সমস্যাৰ সন্মুখীন হোৱা লোকসকলে সোমবাৰে শিৱ মন্দিৰলৈ গৈ ৰুদ্ৰাক্ষ দান কৰিব লাগে। এনে কৰিলে বিবাহিত জীৱনৰ সকলো সমস্যা নোহোৱা হৈ যাব আৰু সুখ আহিব।

বগা চন্দন- সোমবাৰে শিৱলিংগত জলাভিষেক কৰক। ইয়াৰ পাছত কমেও ১১টা বেলপাত আগবঢ়াওক। বগা চন্দনেৰে বেলপাতত ফোঁট লগাই ঔম নমঃ শিৱায় জপ কৰি শিৱলিংগত অৰ্পণ কৰক। পাছত প্ৰণাম কৰি ভোলেনাথক আপোনাৰ ইচ্ছাটো কওক আৰু সেই ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰক। অতি সোনকালে আপোনাৰ ইচ্ছা পূৰণ হ'ব।

শিৱ চালিছা- সোমবাৰে পুৱা সোনকালে গা স্নান কৰি ভগৱান শিৱৰ দৰ্শন কৰি শিৱ চালিছা পঢ়ক বা ধূপকাঠি জ্বলাই শিৱস্তক পাঠ কৰক। এই কাম কৰিলে ভগৱান শিৱ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলৰ সকলো সমস্যা দূৰ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু