--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বছৰটোৰ শেষৰটো সোমবাৰ। ভগৱান ভোলেনাথক সন্তুষ্ট কৰিবলৈ সোমবাৰটো অতি বিশেষ দিন বুলি গণ্য কৰা হয়। এই দিনটোত শিৱৰ পূজা আৰু প্ৰতিকাৰ কৰিলে সকলো কামনা পূৰণ হয়। ভগৱান শিৱৰ ওচৰত শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা কৰিলে ভক্তই সকলো কামতে সফলতা লাভ কৰে। জ্যোতিষশাস্ত্ৰত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কিছুমান উপায়ৰ কথা কোৱা হৈছে, যিবোৰ কৰিলে সোমবাৰে মহাদেৱে বিশেষ আশীৰ্বাদ দিয়ে।

ক'লা তিলৰ প্ৰতিকাৰ- যদি ৰাশিফলত শনি দোষ থাকে আৰু জীৱনত বিপদৰ সমাগম হয়, তেন্তে সোমবাৰে শিৱলিংগত ক'লা তিল আগবঢ়াব লাগে। এনে কৰিলে শনিয়ে সৃষ্টি কৰা দুখ-কষ্টৰ পৰা সকাহ পায় আৰু কামবোৰত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰে।

দুগ্ধাভিষেক- বিবাহত বাধা আহিলে প্ৰতি সোমবাৰে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত কেঁচা গাখীৰ আগবঢ়াওক। লগতে পানীৰে অভিষেক কৰক। মনতে ঔম নমঃ শিৱায় মন্ত্ৰ জপ কৰি বিবাহৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰক। বিবাহত অহা বাধাবোৰ দূৰ হ’ব।

ৰুদ্ৰাক্ষৰ দান- বিবাহিত জীৱনত সমস্যাৰ সন্মুখীন হোৱা লোকসকলে সোমবাৰে শিৱ মন্দিৰলৈ গৈ ৰুদ্ৰাক্ষ দান কৰিব লাগে। এনে কৰিলে বিবাহিত জীৱনৰ সকলো সমস্যা নোহোৱা হৈ যাব আৰু সুখ আহিব।

বগা চন্দন- সোমবাৰে শিৱলিংগত জলাভিষেক কৰক। ইয়াৰ পাছত কমেও ১১টা বেলপাত আগবঢ়াওক। বগা চন্দনেৰে বেলপাতত ফোঁট লগাই ঔম নমঃ শিৱায় জপ কৰি শিৱলিংগত অৰ্পণ কৰক। পাছত প্ৰণাম কৰি ভোলেনাথক আপোনাৰ ইচ্ছাটো কওক আৰু সেই ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰক। অতি সোনকালে আপোনাৰ ইচ্ছা পূৰণ হ'ব।

শিৱ চালিছা- সোমবাৰে পুৱা সোনকালে গা স্নান কৰি ভগৱান শিৱৰ দৰ্শন কৰি শিৱ চালিছা পঢ়ক বা ধূপকাঠি জ্বলাই শিৱস্তক পাঠ কৰক। এই কাম কৰিলে ভগৱান শিৱ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলৰ সকলো সমস্যা দূৰ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ