--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত অনুষ্ঠিত হৈছে জি ২০ শিখৰ সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰা বিদেশী অতিথিসকলৰ বাবে ৰখা হৈছে বিবিধ খাদ্য সম্ভাৰ। অৱশ্যে মাছ-মাংস-কণী নাথাকিব এই ভোজমেলত।

 জি-২০ সন্মিলনত ভাৰতীয় আহাৰৰ গুৰুত্ব বৃদ্ধি পাইছে।  বিদেশী অতিথিসকলক সোণ ৰূপৰ বিশেষ বাচন-বৰ্তনত খাদ্য পৰিৱেশন কৰা হ'ব আৰু খাদ্য  পৰিৱেশন কৰাৰ আগতে সেই  খাদ্য পৰীক্ষাগাৰত পৰীক্ষা কৰি চোৱা হ’ব। জানিব পৰা মতে  বিদেশী অতিথিসকলৰ বাবে  খাদ্য  তালিকাত থাকিব  লিতি আংখা, দল বাতি চুৰমা,  মচলা ধোকা আদি। অৱশ্যে খাদ্য তালিকাত কণী, মাছ আৰু মাংস নাথাকিব। ইয়াৰ বিপৰীতে  দেশৰ  পৰম্পৰাগত নিৰামিষ ব্যঞ্জন অতিথিসকলক  পৰিৱেশন কৰা হ'ব। 
 নিৰামিষ আহাৰৰ ভিতৰত  বাজৰাৰ পৰা তৈয়াৰ কৰা বিভিন্ন ব্যঞ্জনো আছে। ভাৰতে ২০২৩ বৰ্ষক 'বাজৰা বৰ্ষ' হিচাপে পালন  কৰি আছে। 

জয়পুৰ হাউচত গ্ৰেণ্ড লাঞ্চঃ আনুষ্ঠানিক নৈশভোজৰ উপৰি  নতুন দিল্লীৰ জয়পুৰ হাউচত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা অতিথিসকলৰ বাবে এক বিশাল  ভোজৰ আয়োজন কৰা হৈছে। ভোজমেলত  ৰাষ্ট্ৰপ্ৰধানসকলক ভাৰতৰ  নিৰামিষ খাদ্য ব্যঞ্জন পৰিৱেশন কৰা হ'ব। বাজৰাও এই অনুষ্ঠানত খাদ্য তালিকাত  থাকিব।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বতে বাজৰাক পুষ্টিসমৃদ্ধ খাদ্যশস্য হিচাপে জনপ্ৰিয় কৰাৰ বাবে ২০২৩ বৰ্ষক 'বাজৰা বৰ্ষ' হিচাপে ঘোষণা কৰিছিল।বিদেশৰ অতিথিসকলক বাজৰা, বাজৰাৰ পোলাও আৰু বাজৰাৰ ইডলিৰে প্ৰস্তুত কৰা  বিশেষ থালি পৰিৱেশন কৰা হ'ব। 

খাদ্য তালিকাত ৰাজস্থানৰ দাইল-বাতি-চুৰমা, বেংগলৰ ৰসগোল্লা, দক্ষিণ ভাৰতৰ বিশেষ মচলা ধোকা, বিহাৰৰ লিট্টি আনখতা আদি থাকিব।

 জি২০ৰ অতিথিসকলৰ বাবে ষ্ট্ৰীট ফুডৰ এক বিশাল ব্যৱস্থাও আয়োজন কৰা হৈছে। অতিথিসকলক পদপথৰ খাদ্য যেনে ফুচকা, ৰুটি চাট, দৈ বড়া, চিঙৰা আদি পৰিবেশন কৰা হ’ব। তদুপৰি কফি, চাহ, মিঠাই, কেক আৰু  চকলেটেৰে অতিথিক আপ্যায়ন কৰা হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল