--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আফ্ৰিকান ইউনিয়নৰ এক বহু দিনীয়া আশা তথা দাবী আজি পূৰণ হ’ল। ভাৰতৰ উদ্যোগতে জি-২০ৰ  স্থায়ী সদস্যপদ লাভ কৰিলে আফ্ৰিকান ইউনিয়নে।   ভাৰতত অনুষ্ঠিত   জি-২০ৰ সন্মিলনতআফ্ৰিকান ইউনিয়নক জি ২০ৰ    স্থায়ী সদস্যপদ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জি ২০ৰ  মঞ্চৰ পৰা এই ঘোষণা কৰে।অনুষ্ঠানটোত আফ্ৰিকান ইউনিয়নৰ সভাপতি আজালি আছুমানীও উপস্থিত আছিল।

 মোদীয়ে তেওঁক জি-২০লৈ  আমন্ত্ৰণ জনাই কয়  "সকলোৰে সন্মতিত আফ্ৰিকান ইউনিয়নক জি-২০ মিত্ৰজোঁটৰ স্থায়ী সদস্য কৰা হৈছে। কেন্দ্ৰীয় সভাপতি আজালি আছুমানীক মিত্ৰজোঁটত তেওঁৰ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।’’ উল্লেখ্য আফ্ৰিকান ইউনিয়নৰ ৫০ খনতকৈও অধিক সদস্য ৰাষ্ট্ৰ আছে। মোদীৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে আন দেশৰ সৈতে আফ্ৰিকাই বিশ্ব মঞ্চত আধিপত্য বিস্তাৰ কৰাৰ লগতে উন্নয়নৰ দিশত আন দেশৰ সৈতে সমানে আগবাঢ়ি যোৱা। 

মোদীয়ে আজি পুৱা ১০.৩০ বজাত ভাৰত মণ্ডপমত উদ্বোধনী ভাষণ প্ৰদান কৰে। জি-২০ সন্মিলনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে মানৱ কল্যাণৰ বাৰ্তা দিয়ে। তেওঁ ইউক্ৰেইনৰ যুদ্ধ আৰু খাদ্য সুৰক্ষাৰ বিষয়েও  বাৰ্তা প্ৰেৰণ কৰে। মোদীয়ে তেওঁৰ ভাষণত কয়-   ভাৰত বিশ্বাস, আধ্যাত্মিকতা আৰু পৰম্পৰাৰ বৈচিত্ৰ্যৰ ভূমি। বিশ্বৰ একাধিকমূল ধৰ্মৰ ইয়াতেই উৎপত্তি হৈছিল আৰু বিশ্বৰ প্ৰতিটো ধৰ্মই ইয়াত সন্মান লাভ কৰিছে।

‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে আলোচনা আৰু গণতান্ত্ৰিক নীতিৰ প্ৰতি আমাৰ বিশ্বাস অনাদি কালৰপৰাই দৃঢ় হৈ আছে। আমাৰ বৈশ্বিক আচৰণৰ মূলতে আছে ‘বসুধৈৱ কুটুম্বকম’ৰ মৌলিক নীতি, যাৰ অৰ্থ হৈছে ‘বিশ্বখন এটা পৰিয়াল’।বিশ্বখনক এটা পৰিয়াল হিচাপে গণ্যৰ এই ধাৰণাটোৱেপ্ৰতিজন ভাৰতীয়কে ‘এক বিশ্ব’ৰ দায়িত্ববোধেৰেও সংযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত