--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আফ্ৰিকান ইউনিয়নৰ এক বহু দিনীয়া আশা তথা দাবী আজি পূৰণ হ’ল। ভাৰতৰ উদ্যোগতে জি-২০ৰ  স্থায়ী সদস্যপদ লাভ কৰিলে আফ্ৰিকান ইউনিয়নে।   ভাৰতত অনুষ্ঠিত   জি-২০ৰ সন্মিলনতআফ্ৰিকান ইউনিয়নক জি ২০ৰ    স্থায়ী সদস্যপদ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জি ২০ৰ  মঞ্চৰ পৰা এই ঘোষণা কৰে।অনুষ্ঠানটোত আফ্ৰিকান ইউনিয়নৰ সভাপতি আজালি আছুমানীও উপস্থিত আছিল।

 মোদীয়ে তেওঁক জি-২০লৈ  আমন্ত্ৰণ জনাই কয়  "সকলোৰে সন্মতিত আফ্ৰিকান ইউনিয়নক জি-২০ মিত্ৰজোঁটৰ স্থায়ী সদস্য কৰা হৈছে। কেন্দ্ৰীয় সভাপতি আজালি আছুমানীক মিত্ৰজোঁটত তেওঁৰ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।’’ উল্লেখ্য আফ্ৰিকান ইউনিয়নৰ ৫০ খনতকৈও অধিক সদস্য ৰাষ্ট্ৰ আছে। মোদীৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে আন দেশৰ সৈতে আফ্ৰিকাই বিশ্ব মঞ্চত আধিপত্য বিস্তাৰ কৰাৰ লগতে উন্নয়নৰ দিশত আন দেশৰ সৈতে সমানে আগবাঢ়ি যোৱা। 

মোদীয়ে আজি পুৱা ১০.৩০ বজাত ভাৰত মণ্ডপমত উদ্বোধনী ভাষণ প্ৰদান কৰে। জি-২০ সন্মিলনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে মানৱ কল্যাণৰ বাৰ্তা দিয়ে। তেওঁ ইউক্ৰেইনৰ যুদ্ধ আৰু খাদ্য সুৰক্ষাৰ বিষয়েও  বাৰ্তা প্ৰেৰণ কৰে। মোদীয়ে তেওঁৰ ভাষণত কয়-   ভাৰত বিশ্বাস, আধ্যাত্মিকতা আৰু পৰম্পৰাৰ বৈচিত্ৰ্যৰ ভূমি। বিশ্বৰ একাধিকমূল ধৰ্মৰ ইয়াতেই উৎপত্তি হৈছিল আৰু বিশ্বৰ প্ৰতিটো ধৰ্মই ইয়াত সন্মান লাভ কৰিছে।

‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে আলোচনা আৰু গণতান্ত্ৰিক নীতিৰ প্ৰতি আমাৰ বিশ্বাস অনাদি কালৰপৰাই দৃঢ় হৈ আছে। আমাৰ বৈশ্বিক আচৰণৰ মূলতে আছে ‘বসুধৈৱ কুটুম্বকম’ৰ মৌলিক নীতি, যাৰ অৰ্থ হৈছে ‘বিশ্বখন এটা পৰিয়াল’।বিশ্বখনক এটা পৰিয়াল হিচাপে গণ্যৰ এই ধাৰণাটোৱেপ্ৰতিজন ভাৰতীয়কে ‘এক বিশ্ব’ৰ দায়িত্ববোধেৰেও সংযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস