--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লাল কৃষ্ণ আদৱানীৰ জন্মদিন৷ ভাৰতীয় জনতা পাৰ্টিক ভাৰতীয় ৰাজনীতিত এটা উল্লেখনীয়  দল হিচাপে প্ৰতিষ্ঠা কৰাত  তেওঁৰ অৱদান অতুলনীয়  বুলি ক’ব পাৰি। কিয়নো এটা সময়ত বিজেপিৰ ৰাজনৈতিক ৰথৰ চকা  আদৱানিক কেন্দ্ৰ কৰিয়েই ঘূৰি আছিল। 

বিজেপিৰ দুই প্ৰবাদপ্ৰতীম জেষ্ঠ্য নেতা অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানি। যাক কোৱা হৈছিল মনিকাঞ্চন সংযোগ। বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত আদৱানি গৃহ বিভাগৰ দায়িত্বত থকাৰ উপৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল। অটল বিহাৰী বাজপেয়ীৰ অধীনত উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আদৱানিক বিগত তিনিটা দশকৰ ভিতৰত বিজেপিৰ উত্থানৰ আঁৰৰ এক ডাঙৰ শক্তি হিচাপে বিবেচনা কৰা হয়৷ লোকসভাত দুখন আসন থকা দলৰ পৰা ১৯৯০ চনৰ শেষৰ ফালে প্ৰথমে মিত্ৰজোঁটৰ চৰকাৰ গঠনলৈকে বিজেপিৰ উত্থানত  আদৱানিৰ আছিল বিশেষ অৱদান৷ মুঠৰ ওপৰত সমগ্ৰ দলটো গঢ়ি তোলা আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ অনাৰ কৃতিত্ব লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ নামবোৰৰ ভিতৰত লাল কৃষ্ণ আদৱানীৰ  নাম প্ৰথমেই ল’ব লাগিব। ৯০ৰ দশকত দেশত ৰথযাত্ৰাৰ শুভাৰম্ভণিও কৰিছিল আদৱানিয়ে। সেই ৰথযাত্ৰাই কিদৰে বিজেপিৰ ৰাজনৈতিক ৰথৰ যাত্ৰাক গতি দিছিল সেয়া বহুতৰে জ্ঞাত। 

গোদ্ধ্ৰাকাণ্ডৰ পিছত  যেতিয়া তদানীন্তন গুজৰাট চৰকাৰখনক তেতিয়াৰ  প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে বৰ্খাস্ত কৰিব বিচাৰিছিল তেতিয়া লাল কৃষ্ণ আদৱানিয়ে  নৰেন্দ্ৰ মোদী নেতৃত্বাধীন গুজৰাটৰ চৰকাৰখনক ৰক্ষা কৰিছিল। সেই সময়ত গুজৰাটত সংঘটিত হৈছিল এটা সাম্প্ৰদায়িক সংঘৰ্ষ। যাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া হৈছিল। আৰু সেই সংঘৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে বাজপেয়ীয়ে খৰ্গহস্ত হৈ চৰকাৰ বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল বুলি আলোচিত হৈছিল।  লাল কৃষ্ণ আদৱানীৰ অনুৰোধত বৰ্খাস্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল মোদী নেতৃত্বাধীন তদানীন্তন গুজৰাটৰ  চৰকাৰ খন। 

কিন্তু ২০১৪ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ যেতিয়া ক্ষমতালৈ আহিছিল সেই সময়ত প্ৰথমে ২০১৪ ত আদৱানি সাংসদ হৈ আছিল। ২০১৪ চনৰ পূৰ্বে আদৱানীক প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে দেখা গৈছিল, কিন্তু ২০১৯ চনত লোকসভা নিৰ্বাচনত বিজেপিৰ যি কেইগৰাকী  নেতাই পাৰ্থিত্ব নাপালে তাৰ মাজত এজন আছিল আদৱানিও। বহুতৰে মতে মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে তেওঁ ৰাজনীতি এৰি আঁতৰি যাবলগীয়া হৈছিল। অৱশ্যে এইক্ষেত্ৰত বয়সেও তেওঁক আমনি নকৰা নহয়। 
  
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা এইগৰাকী বৰ্ষীয়ান ৰাজনীতিকে ২০১৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ  লাভ কৰে।  সম্প্ৰতি পত্নীহীন আদৱানিয়ে নতুন দিল্লীত পুত্ৰ- কন্যাৰ সৈতে  জীৱন পাৰ কৰিছে। প্ৰবীণ ৰাজনীতিক লাল কৃষ্ণ আদৱানীয়ে আজি ৯৬ বছৰ সম্পূৰ্ণ কৰিলে। এসময়ত জনসংঘ নামেৰে পৰিচিত আৰু বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিৰ ভেটি স্থাপন কৰা নেতাসকলৰ ভিতৰত অন্যতম আদৱানীক জন্মদিনত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু বিজেপি নেতাই অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement