--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয় যে ভাৰতত পেটেন্ট আবেদনৰ বৃদ্ধিয়ে যুৱ-সমাজৰ বৰ্ধিত উদ্ভাৱনীমূলক আগ্ৰহৰ সাক্ষ্য বহন কৰিছে আৰু আগন্তুক সময়ৰ বাবে এয়া অতিশয় ইতিবাচক লক্ষণ।

 বিশ্ব বৌদ্ধিক সম্পদ সংস্থা (World Intellectual Property Organization)ৰ প্ৰতিবেদন সন্দৰ্ভত এইদৰে কয়। এই প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, ২০২২ত ভাৰতীয়সকলৰ পেটেন্ট আবেদনৰ হাৰ ৩১.৬ শতাংশ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ ১১ বছৰে শীৰ্ষ ১০ আবেদনকাৰী দেশৰ ভিতৰত সৰ্বাধিক।

২০২২ত বৈশ্বিক পেটেন্টিং কাৰ্য্য-কলাপে নতুন অভিলেখ ৰচনা কৰে। ইয়াত ভাৰতীয় আৰু চীনৰ উদ্ভাৱকসসকলে ইন্ধন যোগায় তথা এই দেশসমূহৰ বৰ্ধিত উদ্ভাৱন, উদ্যমিতা আৰু ডিজিটেলাইজেচনে চালিকাশক্তিৰ ভূমিকা পালন কৰে।

প্ৰতিবেদনখনত ভাৰতৰ বৃদ্ধিৰ কথা উল্লেখেৰে প্ৰকাশ যে চীনৰ উদ্ভাৱসকলে সমগ্ৰ বিশ্বৰ মুঠ পেটেন্ট আবেদনৰ প্ৰায় আধা সংখ্যক দাখিল কৰি অহাৰ বিপৰীতে দেশখনৰ এই বৃদ্ধিৰ হাৰ ২০০১ত ৬.৮ শতাংশৰপৰা ২০২২ত ৩.১ শতাংশলৈ একেৰাহে দ্বিতীয় বৰ্ষৰ বাবে হ্ৰাসহে পায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত কয়, "ভাৰতত পেটেন্ট আবেদনৰ বৃদ্ধিয়ে যুৱ-সমাজৰ বৰ্ধিত উদ্ভাৱনীমূলক আগ্ৰহৰ সাক্ষ্য বহন কৰিছে আৰু আগন্তুক সময়ৰ বাবে এয়া অতিশয় ইতিবাচক লক্ষণ।" 


প্ৰতিবেদনখনে তদুপৰি কয় যে পোন-প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলে বিদেশী আবেদনকাৰীসকলৰ তুলনাত অধিক পেটেন্ট দাখিল কৰিছে। এই বৰ্ধনে দেশখনৰ দ্ৰুত-বৰ্ধমান উদ্ভাৱন বাতাবৰণকে সূচিত কৰিছে।

ইয়াতকৈয়ো গুৰুত্বপূৰ্ণ কথা এয়ে যে ভাৰতত ৰেচিডেন্ট পেটেন্ট ফাইলিং (ভাৰতীয় পেটেন্ট কাৰ্য্যালয়ৰ জৰিয়তে দাখিল কৰা) ২০২২ত ৪৭% বৃদ্ধিৰে ৩৮,৫৫১লৈ বৃদ্ধি পাইছে।

২০২২ত সমগ্ৰ বিশ্বৰ উদ্ভাৱকসকলে ৩.৫ নিযুত পেটেন্ট আবেদন দাখিল কৰে আৰু এই পৰিসংখ্যাই একেৰাহে তৃতীয় বৰ্ষৰ বাবে বৃদ্ধিক সূচিত কৰিছে। সামগ্ৰিকভাৱে, ২০২২ত সৰ্বাধিক সংখ্যক পেটেন্ট দাখিল কৰা দেশসমূহ হৈছে চীন, যুক্তৰাষ্ট্ৰ, জাপান, কোৰিয়া গণৰাজ্য আৰু জাৰ্মানী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু