--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যোগাযোগৰ সৰ্বশ্ৰেষ্ঠ মাধ্যম হিচাপে ডাক সেৱাই জনসংযোগ স্থাপন কৰাই নহয়, বহু লোকৰ এক  আৱেগিক সম্পৰ্ক আছে ডাক ব্যৱস্থাৰ লগত৷ যোগাযোগ ব্যৱস্থাৰ আজিৰ দৰে উন্নতি সাধন নহওঁতে ডাক সেৱাই সংযোগ কৰিছিল গাঁৱৰ সৈতে  চহৰ, চহৰৰ সৈতে  ৰাজ্য,আৰু দেশৰ সৈতে  বিদেশক৷ 

ডাকোৱালজন আছিল সকলোৰে ঈশ্বৰৰ দৰে৷ নঙলামুখত ডাকোৱাললৈ অপেক্ষা কৰি চকু বিষাইছিল বহুতৰ৷ আকৌ  ডাকোৱালজনক দেখাৰ লগে লগেহে যেন স্বস্তি ঘূৰি আহিছিল৷ এটা প্ৰজন্মৰ ভৰষা স্বৰূপ আছিল এই ডাক ব্যৱস্থাটো৷ 

আজি বিশ্ব ডাক দিৱস। প্ৰতিবছৰে আজিৰ দিনটোতে   বিশ্ব ডাক দিৱস পালন কৰা হয়। 
জনসংযোগ অথবা জনজীৱনত ডাক ব্যৱস্থাৰ গুৰুত্বক সোঁৱৰাই এই দিৱসটো পালন কৰা হয়৷ 
লগতে সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাত ডাকসেৱাৰ ভূমিকাও ডাক দিৱসৰ জৰিয়তে বিশ্লেষণ কৰি চোৱা হয়৷ 

এই বৰ্ষৰ বিশ্ব ডাক দিৱসৰ বিষয়বস্তু হৈছে 'পোষ্ট ফৰ প্লেনেট' অৰ্থাৎ ‘গ্ৰহৰ বাবে ডাক’। ই হৈছে বিশ্বৰ সৰ্ববৃহৎ লজিষ্টিক নেটৱৰ্ক আৰু প্ৰতি বছৰে ১৫০ খনতকৈও অধিক দেশে এই দিনটো বিভিন্ন ধৰণে উদযাপন কৰিছে৷ এই দিৱসটো প্ৰথমবাৰ পালন কৰা হৈছিল ১৮৭৪ চনত চুইজাৰলেণ্ডৰ বাৰ্ণত ইউনিভাৰ্চেল ডাক ইউনিয়ন (ইউপিইউ) প্ৰতিষ্ঠা হোৱাৰ তাৰিখত৷ পৰৱৰ্তী সময়ত  ১৯৪৮ চনত ইউ পি ইউ ৰাষ্ট্ৰসংঘৰ অংশ হৈ পৰে আৰু দেশসমূহে ১৯৬৯ চনৰ ৯ অক্টোবৰত জাপানৰ টকিঅ'ত ইউপিইউ কংগ্ৰেছত প্ৰথম বিশ্ব ডাক দিৱস উদযাপন কৰে।

ইন্টাৰনেট সেৱা সুলভ হৈ পৰাৰে পৰা যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে৷ চিঠিৰ ব্যৱহাৰ কমিছে৷ কিন্তু ব্যৱহাৰ কমিলেও কমা নাই চিঠিৰ প্ৰতি থকা মানুহৰ আৱেগ৷ তদুপৰি সময় সলনিৰ লগে লগে ডাক ব্যৱস্থাও বহু উন্নত হৈছে৷ বহু উন্নত সা-সুবিধা সংযোজন কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement