--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যোগাযোগৰ সৰ্বশ্ৰেষ্ঠ মাধ্যম হিচাপে ডাক সেৱাই জনসংযোগ স্থাপন কৰাই নহয়, বহু লোকৰ এক  আৱেগিক সম্পৰ্ক আছে ডাক ব্যৱস্থাৰ লগত৷ যোগাযোগ ব্যৱস্থাৰ আজিৰ দৰে উন্নতি সাধন নহওঁতে ডাক সেৱাই সংযোগ কৰিছিল গাঁৱৰ সৈতে  চহৰ, চহৰৰ সৈতে  ৰাজ্য,আৰু দেশৰ সৈতে  বিদেশক৷ 

ডাকোৱালজন আছিল সকলোৰে ঈশ্বৰৰ দৰে৷ নঙলামুখত ডাকোৱাললৈ অপেক্ষা কৰি চকু বিষাইছিল বহুতৰ৷ আকৌ  ডাকোৱালজনক দেখাৰ লগে লগেহে যেন স্বস্তি ঘূৰি আহিছিল৷ এটা প্ৰজন্মৰ ভৰষা স্বৰূপ আছিল এই ডাক ব্যৱস্থাটো৷ 

আজি বিশ্ব ডাক দিৱস। প্ৰতিবছৰে আজিৰ দিনটোতে   বিশ্ব ডাক দিৱস পালন কৰা হয়। 
জনসংযোগ অথবা জনজীৱনত ডাক ব্যৱস্থাৰ গুৰুত্বক সোঁৱৰাই এই দিৱসটো পালন কৰা হয়৷ 
লগতে সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাত ডাকসেৱাৰ ভূমিকাও ডাক দিৱসৰ জৰিয়তে বিশ্লেষণ কৰি চোৱা হয়৷ 

এই বৰ্ষৰ বিশ্ব ডাক দিৱসৰ বিষয়বস্তু হৈছে 'পোষ্ট ফৰ প্লেনেট' অৰ্থাৎ ‘গ্ৰহৰ বাবে ডাক’। ই হৈছে বিশ্বৰ সৰ্ববৃহৎ লজিষ্টিক নেটৱৰ্ক আৰু প্ৰতি বছৰে ১৫০ খনতকৈও অধিক দেশে এই দিনটো বিভিন্ন ধৰণে উদযাপন কৰিছে৷ এই দিৱসটো প্ৰথমবাৰ পালন কৰা হৈছিল ১৮৭৪ চনত চুইজাৰলেণ্ডৰ বাৰ্ণত ইউনিভাৰ্চেল ডাক ইউনিয়ন (ইউপিইউ) প্ৰতিষ্ঠা হোৱাৰ তাৰিখত৷ পৰৱৰ্তী সময়ত  ১৯৪৮ চনত ইউ পি ইউ ৰাষ্ট্ৰসংঘৰ অংশ হৈ পৰে আৰু দেশসমূহে ১৯৬৯ চনৰ ৯ অক্টোবৰত জাপানৰ টকিঅ'ত ইউপিইউ কংগ্ৰেছত প্ৰথম বিশ্ব ডাক দিৱস উদযাপন কৰে।

ইন্টাৰনেট সেৱা সুলভ হৈ পৰাৰে পৰা যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে৷ চিঠিৰ ব্যৱহাৰ কমিছে৷ কিন্তু ব্যৱহাৰ কমিলেও কমা নাই চিঠিৰ প্ৰতি থকা মানুহৰ আৱেগ৷ তদুপৰি সময় সলনিৰ লগে লগে ডাক ব্যৱস্থাও বহু উন্নত হৈছে৷ বহু উন্নত সা-সুবিধা সংযোজন কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু