--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তথ্য অনুসৰি চোৰে ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি পুৰস্কাৰৰ লগতে বহু ঘৰুৱা সামগ্ৰী চুৰি কৰি লৈ যায়।

ডিজিটেল ডেস্কঃ বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত চোৰে ভয়ংকৰভাৱে লুটপাত চলালে। পশ্চিমবংগৰ হুগলীত থকা বুলা চৌধাৰীৰ ঘৰত চোৰে অভিযান চলাই তেওঁৰ পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা, কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি কৰি লৈ যায়। এতিয়ালৈকে ৫ বাৰ চুৰিকাণ্ড সংঘটিত হল বুলা চৌধুৰীৰ ঘৰত।


তথ্য অনুসৰি চোৰে ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি পুৰস্কাৰৰ লগতে বহু ঘৰুৱা সামগ্ৰী চুৰি কৰি লৈ যায়। আশ্চৰ্যজনকভাৱে বাথৰুমৰ বেচিনৰ টেপো উভালি পেলায় চোৰে। চুৰিৰ সময়ত বহু ঘৰুৱা সামগ্ৰীও ক্ষতিগ্ৰস্ত হয়। 


ঘৰখন চোৱা-চিতা কৰে তেওঁৰ ককায়েক দোলন চৌধৰীয়ে। দোলনে কয় যে ইয়াৰ পূৰ্বেও চাৰি বাৰকৈ ঘৰটোত চুৰি হৈছে আৰু প্ৰতিবাৰেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতো ঘটনা বন্ধ নহ’ল। পূৰ্বে এটা আৰক্ষী চকী স্থাপন কৰা হৈছিল যদিও পিছত সেইটো আঁতৰাই দিয়া হৈছিল। ইয়াৰ ফলত ঘৰটো অসুৰক্ষিত হৈ পৰিল।


ঘটনাৰ পিছত উত্তৰপাৰা আৰক্ষী থানাৰ আই চি অমিতাভ সন্যালে সেই স্থান পৰিদৰ্শন কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বুলা চৌধুৰীৰ পৰিয়ালে এতিয়া অসুৰক্ষিত অনুভৱ কৰিছে। দোলন চৌধুৰীয়ে কয়, যদি আমাক ইমান বাৰ ডকাইতি কৰিব পৰা যায়, তেন্তে সাধাৰণ মানুহ কেনেকৈ সুৰক্ষিত হ’ব? এই ঘটনাক লৈ স্থানীয় ৰাইজো ক্ষুব্ধ হৈ পৰিছে, কাৰণ এই বাৰে বাৰে হোৱা চুৰিৰ ফলত আৰক্ষীৰ টহল আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।


অঞ্চলবাসীয়ে জনোৱা মতে, পূৰ্বৰ ঘটনাবোৰতো আৰক্ষীয়ে চোৰক ধৰিব পৰা নাই, যাৰ বাবে অপৰাধীৰ মনোবল উচ্চ হৈ পৰিছে। এই চুৰিৰ ফলত অমূল্য বঁটা আৰু পদক হেৰাই যোৱাই নহয়, দেশলৈ গৌৰৱ কঢ়িয়াই অনা এজন খেলুৱৈৰ কঠোৰ পৰিশ্ৰমৰ স্মৃতি আৰু প্ৰতীকবোৰো লুটপাত কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজত তালাচী চলাই আছে আৰু সন্দেহজনক লোককেইজনৰ জেৰা অব্যাহত আছে। এই ঘটনাত পৰিয়াল আৰু ক্ৰীড়া জগত উভয়ে মনত আঘাত পাইছে আৰু চুৰি হোৱা বঁটা শীঘ্ৰে উদ্ধাৰ হ’ব বুলি আশা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু