--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তথ্য অনুসৰি চোৰে ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি পুৰস্কাৰৰ লগতে বহু ঘৰুৱা সামগ্ৰী চুৰি কৰি লৈ যায়।

ডিজিটেল ডেস্কঃ বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত চোৰে ভয়ংকৰভাৱে লুটপাত চলালে। পশ্চিমবংগৰ হুগলীত থকা বুলা চৌধাৰীৰ ঘৰত চোৰে অভিযান চলাই তেওঁৰ পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা, কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি কৰি লৈ যায়। এতিয়ালৈকে ৫ বাৰ চুৰিকাণ্ড সংঘটিত হল বুলা চৌধুৰীৰ ঘৰত।


তথ্য অনুসৰি চোৰে ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি পুৰস্কাৰৰ লগতে বহু ঘৰুৱা সামগ্ৰী চুৰি কৰি লৈ যায়। আশ্চৰ্যজনকভাৱে বাথৰুমৰ বেচিনৰ টেপো উভালি পেলায় চোৰে। চুৰিৰ সময়ত বহু ঘৰুৱা সামগ্ৰীও ক্ষতিগ্ৰস্ত হয়। 


ঘৰখন চোৱা-চিতা কৰে তেওঁৰ ককায়েক দোলন চৌধৰীয়ে। দোলনে কয় যে ইয়াৰ পূৰ্বেও চাৰি বাৰকৈ ঘৰটোত চুৰি হৈছে আৰু প্ৰতিবাৰেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতো ঘটনা বন্ধ নহ’ল। পূৰ্বে এটা আৰক্ষী চকী স্থাপন কৰা হৈছিল যদিও পিছত সেইটো আঁতৰাই দিয়া হৈছিল। ইয়াৰ ফলত ঘৰটো অসুৰক্ষিত হৈ পৰিল।


ঘটনাৰ পিছত উত্তৰপাৰা আৰক্ষী থানাৰ আই চি অমিতাভ সন্যালে সেই স্থান পৰিদৰ্শন কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বুলা চৌধুৰীৰ পৰিয়ালে এতিয়া অসুৰক্ষিত অনুভৱ কৰিছে। দোলন চৌধুৰীয়ে কয়, যদি আমাক ইমান বাৰ ডকাইতি কৰিব পৰা যায়, তেন্তে সাধাৰণ মানুহ কেনেকৈ সুৰক্ষিত হ’ব? এই ঘটনাক লৈ স্থানীয় ৰাইজো ক্ষুব্ধ হৈ পৰিছে, কাৰণ এই বাৰে বাৰে হোৱা চুৰিৰ ফলত আৰক্ষীৰ টহল আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।


অঞ্চলবাসীয়ে জনোৱা মতে, পূৰ্বৰ ঘটনাবোৰতো আৰক্ষীয়ে চোৰক ধৰিব পৰা নাই, যাৰ বাবে অপৰাধীৰ মনোবল উচ্চ হৈ পৰিছে। এই চুৰিৰ ফলত অমূল্য বঁটা আৰু পদক হেৰাই যোৱাই নহয়, দেশলৈ গৌৰৱ কঢ়িয়াই অনা এজন খেলুৱৈৰ কঠোৰ পৰিশ্ৰমৰ স্মৃতি আৰু প্ৰতীকবোৰো লুটপাত কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজত তালাচী চলাই আছে আৰু সন্দেহজনক লোককেইজনৰ জেৰা অব্যাহত আছে। এই ঘটনাত পৰিয়াল আৰু ক্ৰীড়া জগত উভয়ে মনত আঘাত পাইছে আৰু চুৰি হোৱা বঁটা শীঘ্ৰে উদ্ধাৰ হ’ব বুলি আশা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ