--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তীব্ৰ বিতৰ্কৰ অন্তত পদত্যাগ কৰিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল কেবিনেটৰ সামাজিক কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে। যোৱা সপ্তাহত এটা ধৰ্মান্তৰকৰণ অনুষ্ঠানত উপস্থিত থকাৰ পাছতে বিজেপিৰ ফালৰ পৰা তীব্ৰ সমালোচিত হৈছিল মন্ত্ৰীগৰাকী। অৱশেষত দেওবাৰে তেওঁ পদত্যাগ কৰে।

পদত্যাগ পত্ৰত তেওঁ লিখে যে এনেধৰণৰ ধৰ্মান্তৰকৰণ অনুষ্ঠানসমূহ দেশৰ কোটি কোটি জনতাৰ মাজত চলি আহিছে। কিন্তু এতিয়া বিজেপিয়ে ইয়াক এটা ইচ্যু কৰি লৈছে। বিজেপিয়ে তেওঁ আৰু তেওঁৰ দলক উপহাস কৰা বুলিও মন্ত্ৰীগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে।

উল্লেখযোগ্য যে দিল্লীৰ ঝাণ্ডেৱালানৰ আম্বেদকাৰ ভৱনত অশোকা বিজয় দশমীত মন্ত্ৰীগৰাকী উপস্থিত আছিল। বুদ্ধিষ্ট চ’চাইটি অৱ ইণ্ডিয়া আৰু মিছন জয় ভীম নামৰ দুটা সামাজিক গোটে আয়োজন কৰা উক্ত বছৰেকীয়া অনুষ্ঠানতে ১০,০০০ লোকে হিন্দু লোকে বুদ্ধ ধৰ্ম আঁকোৱালি লয়। এই ধৰ্মান্তৰকৰণ অনুষ্ঠানটোত মন্ত্ৰীগৰাকী উপস্থিত থকাৰ উপৰিও শপত লোৱাও দেখা যায়।

ইয়াৰ পাছতে বিজেপিয়ে অভিযোগ কৰিছিল যে আম আদমী পাৰ্টিয়ে ইয়াৰ হিন্দুৰ ভাৱাবেগক আঘাট হানিছে। সেইবাবে মন্ত্ৰীগৰাকীক কেবিনেটৰ পৰা বাদ দিবলৈ দাবী উত্থাপন কৰিছিল। কেৱল সেয়াই নহয়, দিল্লী বিজেপিৰ এগৰাকী নেতাই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰো কাষ চাপিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু