--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী আজি আৰু নাই। নিষ্ঠুৰ নিয়তিয়ে তেওঁক অকালতে মানুহৰ মাজৰ পৰা আঁতৰাই নিলে। বনি কাপুৰ আৰু শ্ৰীদেৱীৰ আজি বিবাহ বাৰ্ষিকী।   কিন্তু স্বামী বনি কাপুৰৰ ওচৰত নাই শ্ৰীদেৱী। ২৭ বছৰীয়া বৈবাহিক জীৱনৰ কথা ৰোমন্থন কৰি প্ৰযোজক বনি কাপুৰে  তেওঁৰ ইনষ্টাগ্ৰামত এখন কেতিয়াও কোনেও নেদেখা ফটো শ্বেয়াৰ কৰিছে।

 শ্ৰীদেৱী আজি জীয়াই থাকিলে হয়তো সেই ছবি খন চাই বৰ আনন্দ পালেহেঁতেন।  এই বিশেষ দিনটোত বনি কাপুৰে শ্ৰীদেৱীৰ সৈতে নিজৰ এখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছে। ছবি খন  ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ছবিখনত দুয়ো এখন নাৱত বহি কেমেৰালৈ চাই হাঁহি  থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰাৰ লগতে,বনি কাপুৰে তেওঁৰ অনুৰাগীসকলৰ বাবে এটা আকৰ্ষণীয় তথ্যও শ্বেয়াৰ কৰিছে।

 প্ৰকৃততে, এই ফটোখন বনি কাপুৰ আৰু শ্ৰীদেৱীৰ বিবাহৰ পিছত তোলা ছবি । ফটোখনত দুয়োই  ক'লা ৰঙৰ জেকেট পিন্ধিছে । এই ফটোখন শ্বেয়াৰ কৰি বনি কাপুৰে শিৰোনামটোত লিখিছে, '১৯৯৬ চনৰ ২ জুনত, যেতিয়া আমি শিৰডীত বিবাহপাশত আৱদ্ধ হৈছিলোঁ, আজি আমি বিবাহৰ ২৭ বছৰ সম্পূৰ্ণ কৰিছো।'


ইয়াৰ উপৰি, বনি কাপুৰে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত আন এখন ফটো শ্বেয়াৰ কৰিছে। কাহিনীটোত শ্বেয়াৰ কৰা ফটোখনত দম্পতীহালক এটা মন্দিৰত  বহি থকা দেখা গৈছে। এই সময়ছোৱাত বনিয়ে বগা ধুতি  পিন্ধি থকা দেখা গৈছে। আনহাতে শ্ৰীদেৱীয়ে গুলপীয়া ৰঙৰ শাৰী পিন্ধি আছে। এই ফটোখনৰ কেপচনত বনি কাপুৰে লিখিছে, 'আমি আমাৰ বিবাহৰ ২৭ বছৰ সম্পূৰ্ণ কৰিলো'।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস