--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী আজি আৰু নাই। নিষ্ঠুৰ নিয়তিয়ে তেওঁক অকালতে মানুহৰ মাজৰ পৰা আঁতৰাই নিলে। বনি কাপুৰ আৰু শ্ৰীদেৱীৰ আজি বিবাহ বাৰ্ষিকী।   কিন্তু স্বামী বনি কাপুৰৰ ওচৰত নাই শ্ৰীদেৱী। ২৭ বছৰীয়া বৈবাহিক জীৱনৰ কথা ৰোমন্থন কৰি প্ৰযোজক বনি কাপুৰে  তেওঁৰ ইনষ্টাগ্ৰামত এখন কেতিয়াও কোনেও নেদেখা ফটো শ্বেয়াৰ কৰিছে।

 শ্ৰীদেৱী আজি জীয়াই থাকিলে হয়তো সেই ছবি খন চাই বৰ আনন্দ পালেহেঁতেন।  এই বিশেষ দিনটোত বনি কাপুৰে শ্ৰীদেৱীৰ সৈতে নিজৰ এখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছে। ছবি খন  ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ছবিখনত দুয়ো এখন নাৱত বহি কেমেৰালৈ চাই হাঁহি  থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰাৰ লগতে,বনি কাপুৰে তেওঁৰ অনুৰাগীসকলৰ বাবে এটা আকৰ্ষণীয় তথ্যও শ্বেয়াৰ কৰিছে।

 প্ৰকৃততে, এই ফটোখন বনি কাপুৰ আৰু শ্ৰীদেৱীৰ বিবাহৰ পিছত তোলা ছবি । ফটোখনত দুয়োই  ক'লা ৰঙৰ জেকেট পিন্ধিছে । এই ফটোখন শ্বেয়াৰ কৰি বনি কাপুৰে শিৰোনামটোত লিখিছে, '১৯৯৬ চনৰ ২ জুনত, যেতিয়া আমি শিৰডীত বিবাহপাশত আৱদ্ধ হৈছিলোঁ, আজি আমি বিবাহৰ ২৭ বছৰ সম্পূৰ্ণ কৰিছো।'


ইয়াৰ উপৰি, বনি কাপুৰে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত আন এখন ফটো শ্বেয়াৰ কৰিছে। কাহিনীটোত শ্বেয়াৰ কৰা ফটোখনত দম্পতীহালক এটা মন্দিৰত  বহি থকা দেখা গৈছে। এই সময়ছোৱাত বনিয়ে বগা ধুতি  পিন্ধি থকা দেখা গৈছে। আনহাতে শ্ৰীদেৱীয়ে গুলপীয়া ৰঙৰ শাৰী পিন্ধি আছে। এই ফটোখনৰ কেপচনত বনি কাপুৰে লিখিছে, 'আমি আমাৰ বিবাহৰ ২৭ বছৰ সম্পূৰ্ণ কৰিলো'।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ