--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সকলো গ্ৰহৰ ভিতৰত বুধ গ্ৰহক বুদ্ধিৰ দেৱতা বুলি কোৱা হয়। বুধ গ্ৰহৰ প্ৰভাৱতে এজন ব্যক্তিয়ে আত্মবিশ্বাসেৰে কথা কোৱাৰ ক্ষমতা লাভ কৰে। সেইবাবেই বৈদিক জ্যোতিষ বিজ্ঞানে বুধ গ্ৰহক এক বিশেষ স্থান দিছে। ১২টা ৰাশিৰ ভিতৰত মিথুন আৰু কন্যা ৰাশি দুটা বুধ গ্ৰহৰ দ্বাৰা নিয়ন্ত্ৰিত। লগতে মীন ৰাশি ইয়াৰ নিম্ন ৰাশি আৰু কন্যা ৰাশি ইয়াৰ উচ্চ ৰাশি। আজি মাজনিশা ০১:৫৫ বজাত বুধ গ্ৰহে নিজৰ ৰাশি কন্যা ৰাশিত প্ৰৱেশ কৰিব। বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে বুধ গ্ৰহক বুদ্ধি, যুক্তিৰ ক্ষমতা আৰু ভাল যোগাযোগ দক্ষতাৰ কাৰক বুলি গণ্য কৰা হয়। কন্যা ৰাশিত বুধ গ্ৰহৰ প্ৰৱেশে কিছুমান ৰাশিৰ ওপৰত নেতিবাচক আৰু কিছুমানৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব। আহক আমি সেই চাৰিটা ৰাশিৰ বিষয়ে জানো, যাৰ জীৱনত কন্যা ৰাশিত বুধৰ প্ৰৱেশে এক সাংঘাটিক পৰিৱৰ্তন আনিব।

 ১. মিথুন ৰাশিঃ-বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ পাৰিবাৰিক জীৱন আৰামদায়ক আৰু সুখদায়ক কৰি তুলিব। মিথুন ৰাশিৰ লোকসকলে পৰিয়ালৰ সৈতে উন্নত সম্পৰ্ক গঢ়ি কৰিব পাৰিব। ইয়াৰ লগতে আপোনাৰ সহানুভূতিতাৰে কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ ওপৰত এটা ইতিবাচক প্ৰভাৱ পেলাব।

২. কৰ্কট ৰাশি:-বুধ গ্ৰহৰ পৰিৱৰ্তনে কৰ্কট ৰাশিৰ লোকসকলে ভাতৃস্থানীয় বা বন্ধুসকলৰ পৰা সহায়-সহযোগ লাভ কৰিব। সাংবাদিকতা, লেখা, পৰামৰ্শ, অভিনয়, পৰিচালনা বা এংকৰ আদি লগত জড়িত লোকসকলে উন্নতি লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলেও সফলতা লাভ কৰিব।

৩. সিংহ ৰাশি: বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে সিংহ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত স্পষ্ট আৰু ফলপ্ৰসূভাৱে যোগাযোগ কৰাৰ ক্ষমতাক আৰু অধিক লাভৱান কৰি তুলিব। বিশেষকৈ বেংকিং খণ্ডৰ সৈতে জড়িতসকলে এনে পৰিৱেশত নতুন ধাৰণাক সফল ৰূপ দিব পাৰিব। ইয়াৰ লগতে আপোনজনৰ পৰা যিকোনো কামতে সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।

৪. কন্যা ৰাশিঃ যদি বুধ গ্ৰহই নিজৰ ৰাশি কন্যাত প্ৰৱেশ কৰে, তেন্তে বাণিজ্যিকভাৱে বুধ গ্ৰহৰ অনুগ্ৰহে কন্যা ৰাশিক অতি অনুকূল ফল দিব। বিশেষকৈ ডাটা বিজ্ঞানী, আমদানি-ৰপ্তানি, আলোচনাপন্থী, বেংকিং, চিকিৎসা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কন্যা ৰাশিৰ লোকসকলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা কন্যা ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ উন্নতি যোগ দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী