--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বহু সময়ত মানুহে ঘৰ সজাই তোলাৰ প্ৰক্ৰিয়াত এনে ভুল কৰে যাৰ ফলত বাস্তুৰ ডাঙৰ ডাঙৰ বিসংগতি ঘটে। ঘৰত তাজমহলৰ শ্ব’পিছ ৰখা বা তাজমহলৰ ফটো এখন লগাই দিয়াটোও এটা ডাঙৰ ভুল। বাস্তুশাস্ত্ৰত তাজমহল ঘৰত ৰখাৰ বেয়া ফলাফলৰ কথা কোৱা হৈছে। প্ৰেমৰ প্ৰতীক তাজমহল দেখাত বৰ ধুনীয়া যদিও ইয়াৰ ফটো বা শ্ব'পিচ ঘৰত ৰখা বা কাৰোবাক উপহাৰ হিচাপে দিয়াটো ভাল নহয়।

তাজমহলে ঘৰত কঢ়িয়াই আনে নেতিবাচকতা

পত্নী মমতাজৰ মৃত্যুৰ পিছত শ্বাহজাহানে তেওঁৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। তাজমহল হৈছে মমতাজৰ সমাধি। হিন্দু ধৰ্মত কবৰস্থান বা সমাধিৰ ছবি ঘৰত ৰাখিলে ঘৰখনত নেতিবাচকতা আহে বুলি গণ্য কৰা হয়। গতিকে কেতিয়াও ঘৰত তাজমহলৰ ছবি নাৰাখিব বা তাৰ শ্ব’পিচ নাৰাখিব।

তাজমহল ৰাখিলে ঘৰত বাস্তুদোষৰ সৃষ্টি হয়

বাস্তুশাস্ত্ৰৰ মতে দুখ, সমাধি, মৃত্যুৰ লগত জড়িত তাজমহল ঘৰত ৰাখিলে বাস্তুদোষৰ সৃষ্টি হয়। এই বাস্তুদোষে বহু সমস্যা কঢ়িয়াই আনে। ইয়াৰ ফলত ঘৰৰ মানুহৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। ৰোগত আক্ৰান্ত হয়। আৰ্থিক লোকচান হয় বা আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়।

একেদৰে তাজমহলৰ ছবি বা শ্ব’পিচ কাকো উপহাৰ হিচাপে নিদিব। তেনে কৰাটো ভাল বুলি গণ্য কৰা নহয়। যদি কেতিয়াবা তাজমহল উপহাৰ হিচাপে পায় তেন্তে ঘৰলৈ নানিব। ইয়াক কেতিয়াও ঘৰত সজাব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু