--°C
Loading...
Listen to Article
2 min read
80%

৮ নৱেম্বৰ ২০২৩, বুধবাৰ 

মেষ-কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি হ’ব।শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। মাতৃৰ সহায়ত টকা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ’ব। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী। 

বৃষ- আজি আপুনি বহুত পইচা আয় কৰিব পাৰে। দিনটো ব্যস্ত থাকিলেও স্বাস্থ্য ভালে থাকিব। ব্যৱসায়ী সকলে কষ্টৰ মাজতে কিছু লাভৱান হ’ব। শুভ সংখ্যা ২, শুভ ৰং মুগা।

মিথুন- আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। শিক্ষাৰ্থীৰ উৎকণ্ঠা বাঢ়িব। শুভ সংখ্যা ৯ ,শুভ ৰং ৰঙা।

কৰ্কট- কৰ্ম ক্ষেত্ৰত কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে মানসিক অশান্তি হ’ব পাৰে ।নিজৰ যত্ন লোৱা প্ৰয়োজন। প্ৰেমত সাৱধান হ’ব । শুভ সংখ্যা ১, শুভ ৰং মেৰুণ।

সিংহ- আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে।প্ৰয়োজন বুজি খৰচ কৰক। শিক্ষাৰ্থীৰ বাবে দিনটো উত্তম। শুভ সংখ্যা ৮, শুভ ৰং বগা।

কন্যা- আত্মনিৰ্ভৰশীল হওক। বন্ধুৰ পৰা উপহাৰ হিচাপে কাপোৰ পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰিব পাৰে। বাহনৰ সুখ লাভ কৰিব পাৰে। শুভ সংখ্যা ৭ ,শুভ ৰং পাতল সেউজীয়া।

তুলা- আজি যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক।বন্ধু-বান্ধৱীৰ সমৰ্থন পাব। ভ্ৰমণ লাভজনক হ’ব। কৰ্মক্ষেত্ৰত স্থানান্তৰৰ সম্ভাৱনা আছে। মানসিক অসুবিধাই আমনি দিব পাৰে। শুভ সংখ্যা ৮ ,শুভ ৰং আকাশী।




বৃশ্চিক-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। সফলতাৰ পথ প্ৰশস্ত হ’ব। আয় বৃদ্ধি পাব পাৰে। শুভ সংখ্যা ৪ ,শুভ ৰং গুলপীয়া।

ধনু- আবেগ নিয়ন্ত্ৰণ কৰি পদক্ষেপ লওক, তেতিয়াহে মানসিক শান্তি আহিব।আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব। শিক্ষাৰ্থীয়ে মনত ভবাৰ ধৰণে ফল লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া।

মকৰ – পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। সহকৰ্মীয়ে কৰ্মত সহায় কৰিব। যিকোনো বিবাদত মতামত দিয়াৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৩ ,শুভ ৰং নীলা।

কুম্ভ- দিনটো অসংগঠিত হ’ব। আত্মনিয়ন্ত্ৰিত হওক। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। বৈবাহিক সুখ বাঢ়িব। শুভ সংখ্যা ২,শুভ ৰং সোণালী।

মীন-  নানা ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। ধৈৰ্য নেহেৰুৱাব। শৰীৰে সংগ নিদিলে জোৰ কৰি কামত হাত নিদিব।বিনিয়োগৰ ক্ষেত্ৰতো দিনটো শুভ। শুভ সংখ্যা ৫ , শুভ ৰং বাদামী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত