--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল দল ৰাজস্থান ৰয়েলছে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে আসন্ন ছিজনৰ বাবে তেওঁলোকৰ বহু প্ৰত্যাশিত ‘পিংক প্ৰমিজ’ মেচৰ আকৰ্ষণীয় অল পিংক জাৰ্চি উন্মোচন কৰে৷ আনহাতে, আন্তৰ্জাতিক মহিলা দিৱস উদযাপনৰ উক্ত কাৰ্যসূচীতে ৰাজস্থান ৰয়েলছে আনুষ্ঠানিকভাবে ঘোষণা কৰে যে অহা এক মে’ত দলে জয়পুৰৰ সাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এইবৰ্ষৰ ‘পিংক প্ৰমিজ’ বিশেষ মেচখন খেলিব৷

অনুষ্ঠানত অংশ লৈ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটৰ সঞ্চালক তথা শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাই কয় ‘পিংক প্ৰমিজ’ৰ জৰিয়তে আমি এক স্থায়ী প্ৰভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ৷ এয়া কেৱল ব্যক্তিৰ ওপৰত নহয়, তেওঁলোকৰ পৰিয়াল আৰু সম্প্ৰদায়ৰ আধুনিক পৰিৱৰ্তনৰ প্ৰেৰণাদায়ক এটা ব্যৱস্থা৷ আমাৰ এই প্ৰত্যক্ষ পদক্ষেপে কেনেকৈ মহিলা সমাজৰ জীৱনক নতুন আশালৈ ৰূপান্তৰিত কৰে সেইটো আমি গভীৰভাৱে বিশ্বাস ৰাখোঁ৷ এটা দল হিচাপে আমি এই যাত্ৰাৰ অংশ হৈ অপৰিসীম গৌৰৱ অনুভৱ কৰিব পাৰো৷ ‘পিংক প্ৰমিজ’ কেবল এটা অভিযান নহয়, এয়া এক সাংস্কৃতিক প্ৰতিশ্ৰুতি যিয়ে আমাৰ মূল্যবোধক গঢ় দিয়ে আৰু আমি থিয় দিয়া মানদণ্ডসমূহ সংজ্ঞায়িত কৰে৷’

ইফালে, ৰাজস্থান ৰয়েলছৰ চি ই অ’ জেক লুছ মেকক্ৰামে কয় ‘আমাৰ ফাউণ্ডেশ্যনে যোৱা ছয় বছৰ ধৰি ৰাজস্থান আৰু অসম (বালিপাৰা)ৰ গ্ৰাম্যাঞ্চলৰ মহিলাৰ দৈনন্দিন জীৱনক নতুন আশালৈ ৰূপান্তৰিত কৰি আহিছে৷ কিন্তু ‘পিংক প্ৰমিজ’ পদক্ষেপে আমাৰ মিছনক বিশ্বব্যাপী মঞ্চলৈ লৈ গ’ল লগতে লাখ লাখ লোকক এই যাত্ৰাৰ অংশ হ’বলৈ অনুপ্ৰাণিত কৰিলে৷’

উল্লেখ্য যে ৰয়েলছ দলে ৰাজস্থান তথা অসমৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ দিশত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আৰ আৰ বনাম এম আই মেচৰ বাবে দৰ্শকে ক্ৰয় কৰা প্ৰতিটো টিকটৰ লগত দলৰ ফালৰ পৰা অতিৰিক্তকৈ এশ টকা অৱদানৰূপে আগবঢ়াব৷ ইয়াৰ উপৰিও বিশেষ অল-পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা সকলো ধন পোনপটীয়াকৈ ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যন [আৰ আৰ এফ]লৈ যাব যাতে এই অৰ্থ সাহায্যৰে সামাজিক প্ৰভাৱৰ পদক্ষেপক সহায় কৰিব পাৰে৷ তদুপৰি, যিকোনো এটা দলে মেচখনত স্কৰ কৰা প্ৰতিটো ছিক্সাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ আৰু আৰ আৰ এফে গাঁৱৰ ছটা ঘৰত সৌৰশক্তিৰ ব্যৱস্থা নিশ্চিত কৰিব৷

স্মৰ্তব্য যে ৰাজস্থান ৰয়েলছ আৰু আৰ আৰ এফে দীৰ্ঘম্যাদী সামাজিক প্ৰভাৱৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰাৰ সময়তে প্ৰতিটো পদক্ষেপৰ মূলতে মহিলাসকল থাকিব৷ বৰ্তমান সৌৰশক্তিয়ে পৰিৱৰ্তনক আগুৱাই নিয়াৰ সময়তে ভৱিষ্যতৰ প্ৰচেষ্টাসমূহ পানীৰ সুবিধা আৰু বহনক্ষম জীৱিকাৰ দৰে জটিল ক্ষেত্ৰত সম্প্ৰসাৰিত হ’ব, যাৰ ফলত মহিলাসকলে পৰিৱৰ্তনৰ নেতৃত্ব দি থাকিব আৰু অধিক বহনক্ষম ৰাজস্থান গঢ় দিব৷ ইতিমধ্যে লুমিনাছৰ সহযোগিতাত প্ৰায় আঢ়ৈশ ঘৰত সৌৰশক্তিৰ ব্যৱস্থা কৰা হৈছে৷ আজিৰ অনুষ্ঠানত ৰয়েল ৰাজস্থান ফাউণ্ডেচনে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি ‘ঔৰত হায় তো ভাৰত হায়’ নামৰ অভিযান শীৰ্ষক তথ্যচিত্ৰ উন্মোচন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন