--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল দল ৰাজস্থান ৰয়েলছে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে আসন্ন ছিজনৰ বাবে তেওঁলোকৰ বহু প্ৰত্যাশিত ‘পিংক প্ৰমিজ’ মেচৰ আকৰ্ষণীয় অল পিংক জাৰ্চি উন্মোচন কৰে৷ আনহাতে, আন্তৰ্জাতিক মহিলা দিৱস উদযাপনৰ উক্ত কাৰ্যসূচীতে ৰাজস্থান ৰয়েলছে আনুষ্ঠানিকভাবে ঘোষণা কৰে যে অহা এক মে’ত দলে জয়পুৰৰ সাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এইবৰ্ষৰ ‘পিংক প্ৰমিজ’ বিশেষ মেচখন খেলিব৷

অনুষ্ঠানত অংশ লৈ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটৰ সঞ্চালক তথা শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাই কয় ‘পিংক প্ৰমিজ’ৰ জৰিয়তে আমি এক স্থায়ী প্ৰভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ৷ এয়া কেৱল ব্যক্তিৰ ওপৰত নহয়, তেওঁলোকৰ পৰিয়াল আৰু সম্প্ৰদায়ৰ আধুনিক পৰিৱৰ্তনৰ প্ৰেৰণাদায়ক এটা ব্যৱস্থা৷ আমাৰ এই প্ৰত্যক্ষ পদক্ষেপে কেনেকৈ মহিলা সমাজৰ জীৱনক নতুন আশালৈ ৰূপান্তৰিত কৰে সেইটো আমি গভীৰভাৱে বিশ্বাস ৰাখোঁ৷ এটা দল হিচাপে আমি এই যাত্ৰাৰ অংশ হৈ অপৰিসীম গৌৰৱ অনুভৱ কৰিব পাৰো৷ ‘পিংক প্ৰমিজ’ কেবল এটা অভিযান নহয়, এয়া এক সাংস্কৃতিক প্ৰতিশ্ৰুতি যিয়ে আমাৰ মূল্যবোধক গঢ় দিয়ে আৰু আমি থিয় দিয়া মানদণ্ডসমূহ সংজ্ঞায়িত কৰে৷’

ইফালে, ৰাজস্থান ৰয়েলছৰ চি ই অ’ জেক লুছ মেকক্ৰামে কয় ‘আমাৰ ফাউণ্ডেশ্যনে যোৱা ছয় বছৰ ধৰি ৰাজস্থান আৰু অসম (বালিপাৰা)ৰ গ্ৰাম্যাঞ্চলৰ মহিলাৰ দৈনন্দিন জীৱনক নতুন আশালৈ ৰূপান্তৰিত কৰি আহিছে৷ কিন্তু ‘পিংক প্ৰমিজ’ পদক্ষেপে আমাৰ মিছনক বিশ্বব্যাপী মঞ্চলৈ লৈ গ’ল লগতে লাখ লাখ লোকক এই যাত্ৰাৰ অংশ হ’বলৈ অনুপ্ৰাণিত কৰিলে৷’

উল্লেখ্য যে ৰয়েলছ দলে ৰাজস্থান তথা অসমৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ দিশত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আৰ আৰ বনাম এম আই মেচৰ বাবে দৰ্শকে ক্ৰয় কৰা প্ৰতিটো টিকটৰ লগত দলৰ ফালৰ পৰা অতিৰিক্তকৈ এশ টকা অৱদানৰূপে আগবঢ়াব৷ ইয়াৰ উপৰিও বিশেষ অল-পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা সকলো ধন পোনপটীয়াকৈ ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যন [আৰ আৰ এফ]লৈ যাব যাতে এই অৰ্থ সাহায্যৰে সামাজিক প্ৰভাৱৰ পদক্ষেপক সহায় কৰিব পাৰে৷ তদুপৰি, যিকোনো এটা দলে মেচখনত স্কৰ কৰা প্ৰতিটো ছিক্সাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ আৰু আৰ আৰ এফে গাঁৱৰ ছটা ঘৰত সৌৰশক্তিৰ ব্যৱস্থা নিশ্চিত কৰিব৷

স্মৰ্তব্য যে ৰাজস্থান ৰয়েলছ আৰু আৰ আৰ এফে দীৰ্ঘম্যাদী সামাজিক প্ৰভাৱৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰাৰ সময়তে প্ৰতিটো পদক্ষেপৰ মূলতে মহিলাসকল থাকিব৷ বৰ্তমান সৌৰশক্তিয়ে পৰিৱৰ্তনক আগুৱাই নিয়াৰ সময়তে ভৱিষ্যতৰ প্ৰচেষ্টাসমূহ পানীৰ সুবিধা আৰু বহনক্ষম জীৱিকাৰ দৰে জটিল ক্ষেত্ৰত সম্প্ৰসাৰিত হ’ব, যাৰ ফলত মহিলাসকলে পৰিৱৰ্তনৰ নেতৃত্ব দি থাকিব আৰু অধিক বহনক্ষম ৰাজস্থান গঢ় দিব৷ ইতিমধ্যে লুমিনাছৰ সহযোগিতাত প্ৰায় আঢ়ৈশ ঘৰত সৌৰশক্তিৰ ব্যৱস্থা কৰা হৈছে৷ আজিৰ অনুষ্ঠানত ৰয়েল ৰাজস্থান ফাউণ্ডেচনে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি ‘ঔৰত হায় তো ভাৰত হায়’ নামৰ অভিযান শীৰ্ষক তথ্যচিত্ৰ উন্মোচন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ