--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ক'ৰোনা মহামাৰীৰ নায়ক’ সোণু ছুদৰ আজি ওপজা দিন। ২০২০ বৰ্ষৰ ত্ৰাণকৰ্তা কভিড মহামাৰীৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই। ভাৰতে ক’ৰোনা মহামাৰীৰ বিধ্বংসী ঢৌৰ সৈতে মোকাবিলা কৰাৰ সময়তে অভিনেতাগৰাকীয়ে যোৱা এটা বছৰৰ ভিতৰত সাহায্য প্ৰদানৰ কামত আগশাৰীত আছিল, প্ৰব্ৰজনকাৰীসকলক নিজৰ ঘৰলৈ উভতি অহাত সহায় কৰিছিল আৰু লগতে ভাল সুবিধাজনক অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাও যোগান ধৰিছিল। কেৱল সেয়াই নহয়, ভাৰতত প্ৰব্ৰজিত শ্ৰমিক সকলৰ কৰ্মসংস্থাপনৰ সুবিধা পুষ্টিৰ বাবে ‘প্ৰবাসী ৰোজগৰ’ নামেৰে এখন মঞ্চ তৈয়াৰ কৰাত সহায় কৰিছে সোণু ছুদে। আজি তেখেতৰ জন্মদিন । 

তামিল ছবি ‘কল্লাঝাগৰ’ৰ জৰিয়তে অভিনেতা গৰাকীয়ে কেৰিয়াৰ আৰম্ভ কৰিছিল। 'শ্বাহীদ-ই-আজম'ৰ জৰিয়তে বলিউডত অভিষেক ঘটায় চনুৱে। এই ছবিখনত চনুৱে ভগৱত সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত তেওঁৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল। ইয়াৰ পাছত অভিনেতা গৰাকীয়ে কেতিয়াও পিছলৈ ঘূৰি নাচালে।

সামাজিক কামৰ সমান্তৰালকৈ এজন মহান অভিনেতা চনু ছুড।প্ৰতিটো ভূমিকাতে তেওঁ দৰ্শকক নতুন কিবা এটা দিছে। আজি তেখেতৰ জন্মদিনত বিভিন্ন ভাষাত চনু ছুডে অভিনয় কৰা কেইখনমান ছবিৰ বিষয়ে জানো আহক:

ডাবাং

২০১০ চনত মুক্তি লাভ কৰিছিল ছলমান খানৰ ‘ডাবাং’। ছবিখনত তেওঁক খলনায়ক চেদী সিঙৰ ৰূপত দেখা গৈছে।

জোধা আকবৰ

এই ছবিখন ২০০৮ চনত মুক্তি লাভ কৰিছিল। সম্পূৰ্ণ বেলেগ চৰিত্ৰত দেখা গৈছে সোণুক। ছবিখনত যোধা বাইৰ ভাতৃ সুজামালৰ চৰিত্ৰত দেখা গৈছে অভিনেতা গৰাকীক। তেওঁৰ চৰিত্ৰৰ বাবে অতিশয় প্ৰশংসা কৰা হয়।

বুদ্ধা হ'গা তেৰা বাপ 

২০১১ চনৰ এই হিন্দী একচন-কমেডী ছবিখনত অভিনয় কৰিছিল। পুৰী জগন্নাদৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত মুখ্য চৰিত্ৰত আছিল অমিতাভ বচ্চন। পুলিচৰ চৰিত্ৰত অভিনয় কৰিছিল চনু ছুডে।

জুলাইয়ী 

এই ছবিখনত তেওঁক খলনায়ক হিচাপেও দেখা গৈছে। চৰিত্ৰটোৰ নাম ‘গুৰুজী’ ত্ৰিবিক্ৰম শ্ৰীনিবাস। ছবিখনত সোণুক এজন গুণ্ডা হিচাপে দেখা গৈছে যিয়ে এটা গেঙৰ সৈতে টিম আপ কৰি বেংক লুট কৰে। ব্যৱসায়িকভাৱে সফল ছবিখন তামিল ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছিল ‘সাগাসাম’ হিচাপে।

বিষ্ণুবৰ্ধন

২০১১ চনৰ এই ছবিখনত এজন গুণ্ডা চৰিত্ৰত দেখা গৈছে চনু ছুডক । ছবিখনৰ নায়কে গুণ্ডাবোৰৰ পৰা এটা ফোন চুৰি কৰাৰ পাছত ইটোৰ পাছত সিটো কথাৰে ছবিখনৰ কাহিনী আগবাঢ়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য