--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি এতিয়া ৰঙালী বিহু মঞ্চসমূহত উথপথপ পৰিৱেশ৷ জনপ্ৰিয় গায়ক-গায়িকাসকলক বিহুমঞ্চত চাবলৈ সোঁত বৈছে দৰ্শকৰ৷ গুৱাহাটীতো এই উপলক্ষে তাৰকাৰ সমাহাৰ হৈছে৷ তাৰমাজতে আজি গুৱাহাটীত ভৰি দিবলৈ উলাইছে ৰবীনা টেণ্ডনে৷

বেলতলা বহাগী উৎসৱে ৰবীনা টেণ্ডনক নিমন্ত্ৰণ জনাইছে৷ ৪৪ বছৰ বয়সত ভৰি দিয়া গুৱাহাটীৰ ঐতিহ্যমণ্ডিত "বেলতলা বহাগী উৎসৱ"ত ৰবীনা টেণ্ডনক চলিত বৰ্ষৰ "ড° ভূপেন হাজৰিকা বঁটা" প্ৰদান কৰা হ’ব৷

২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছে এই বহাগী উৎসৱ৷ ২২ এপ্ৰিলৰ সন্ধিয়া অভিনেত্ৰী গৰাকী তাত উপস্থিত থাকিব।

উল্লেখ্য যে বেলতলা বহাগী উৎসৱে বিগত ২০১২ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত অন্তৰ্ভুক্ত হৈ আছে নগদ দুই লাখ টকা, স্মাৰক আৰু এখন মানপত্ৰ। ৰবীনা টেণ্ডনৰ লগতে এই বঁটা লোকসংগীতৰ সাধক মন্মথ বৈশ্যৰ সোঁৱৰণত সংগীতশিল্পী তৰালী শৰ্মাকো প্ৰদান কৰা হ'ব।

এইখিনিতে জানো আহক ভূপেন হাজৰিকাৰ নামত থকা এই বঁটা বলিউডৰ জনপ্ৰিয় তাৰকাগৰাকী কিয় দিবলৈ লোৱা হৈছে৷ কি সম্পৰ্ক আছে দুয়োৰে?

বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ সম্পৰ্ক গাঢ় আছিল। ৰবীনা টেণ্ডনে ডঃ হাজৰিকাৰ বিষয়ে কৈছিল, "দাদা এগৰাকী কিংবদন্তী। মই তেখেতৰ সৈতে বহু ভাল সময় ভাগ বতৰা কৰিছিলোঁ। তেখেতৰ প্ৰাণৱন্ত সংগীত আৰু কণ্ঠ চিৰকাল মোৰ লগত থাকিব। এই ধৰণৰ কিংবদন্তী শিল্পী ব্যক্তিবিশেষৰ জীৱনত কেৱল এবাৰহে আহে।"

ভূপেন হাজৰিকাৰ সংগীতেৰে কল্পনা লাজমীয়ে নিৰ্মাণ কৰা ‘দমন’ ছৱিত  অভিনয় কৰিছিল ৰবীনাই৷ "দমন" ছবিখনৰ নায়িকাৰ অফাৰ লৈ যেতিয়া ৰবীনা টেণ্ডনৰ ওচৰলৈ গৈছিল, তেতিয়া অভিনেত্ৰী গৰাকীয়ে কেৱল ভূপেন হাজৰিকাৰ নাম শুনিয়েই ব্যক্তিগত বহু গুৰুত্বপূৰ্ণ অফাৰ বাদ দিছিল৷ ছবিখনত "শ্ৰীমতী দুৰ্গা শইকীয়া"ৰ চৰিত্ৰটোৰ শ্বুটিং কৰিবলৈ তেওঁ গুৱাহাটীলৈও আহিছিল।

উল্লেখ্য যে বলিউডত নবৈ দশকত ৰবীনা টেণ্ডনে কেইবাখনো ব্যৱসায়িক ছৱিৰে জনপ্ৰিয়তা লাভ কৰিছিল৷ তেওঁক এগৰাকী অতিকৈ সফল অভিনেত্ৰী হিচাপে গণ্য কৰা হয়৷ বলিউডত নিজৰ ৰূপ আৰু অভিনয়ৰ যাদুৰে দপদপাই থকা এইগৰাকী অভিনেত্ৰীয়ে ভূপেন হাজৰিকাৰ ‘দমন’ ছৱিৰ যোগেৰেহে ধ্ৰুপদী ধাৰাৰ ছৱিত প্ৰৱেশ কৰিছিল৷

২০০১ চনৰ এই ছৱিখনৰ বাবেই ৰবীনা টেণ্ডনে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নেচনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিল৷ "দমন" ছবিখনৰ আৱহ সংগীতৰ দায়িত্বত থকা ভূপেন হাজৰিকাৰ কণ্ঠই চিনেমাখনক আৰু অধিক উপভোগ্য কৰি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?