--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি এতিয়া ৰঙালী বিহু মঞ্চসমূহত উথপথপ পৰিৱেশ৷ জনপ্ৰিয় গায়ক-গায়িকাসকলক বিহুমঞ্চত চাবলৈ সোঁত বৈছে দৰ্শকৰ৷ গুৱাহাটীতো এই উপলক্ষে তাৰকাৰ সমাহাৰ হৈছে৷ তাৰমাজতে আজি গুৱাহাটীত ভৰি দিবলৈ উলাইছে ৰবীনা টেণ্ডনে৷

বেলতলা বহাগী উৎসৱে ৰবীনা টেণ্ডনক নিমন্ত্ৰণ জনাইছে৷ ৪৪ বছৰ বয়সত ভৰি দিয়া গুৱাহাটীৰ ঐতিহ্যমণ্ডিত "বেলতলা বহাগী উৎসৱ"ত ৰবীনা টেণ্ডনক চলিত বৰ্ষৰ "ড° ভূপেন হাজৰিকা বঁটা" প্ৰদান কৰা হ’ব৷

২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছে এই বহাগী উৎসৱ৷ ২২ এপ্ৰিলৰ সন্ধিয়া অভিনেত্ৰী গৰাকী তাত উপস্থিত থাকিব।

উল্লেখ্য যে বেলতলা বহাগী উৎসৱে বিগত ২০১২ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত অন্তৰ্ভুক্ত হৈ আছে নগদ দুই লাখ টকা, স্মাৰক আৰু এখন মানপত্ৰ। ৰবীনা টেণ্ডনৰ লগতে এই বঁটা লোকসংগীতৰ সাধক মন্মথ বৈশ্যৰ সোঁৱৰণত সংগীতশিল্পী তৰালী শৰ্মাকো প্ৰদান কৰা হ'ব।

এইখিনিতে জানো আহক ভূপেন হাজৰিকাৰ নামত থকা এই বঁটা বলিউডৰ জনপ্ৰিয় তাৰকাগৰাকী কিয় দিবলৈ লোৱা হৈছে৷ কি সম্পৰ্ক আছে দুয়োৰে?

বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ সম্পৰ্ক গাঢ় আছিল। ৰবীনা টেণ্ডনে ডঃ হাজৰিকাৰ বিষয়ে কৈছিল, "দাদা এগৰাকী কিংবদন্তী। মই তেখেতৰ সৈতে বহু ভাল সময় ভাগ বতৰা কৰিছিলোঁ। তেখেতৰ প্ৰাণৱন্ত সংগীত আৰু কণ্ঠ চিৰকাল মোৰ লগত থাকিব। এই ধৰণৰ কিংবদন্তী শিল্পী ব্যক্তিবিশেষৰ জীৱনত কেৱল এবাৰহে আহে।"

ভূপেন হাজৰিকাৰ সংগীতেৰে কল্পনা লাজমীয়ে নিৰ্মাণ কৰা ‘দমন’ ছৱিত  অভিনয় কৰিছিল ৰবীনাই৷ "দমন" ছবিখনৰ নায়িকাৰ অফাৰ লৈ যেতিয়া ৰবীনা টেণ্ডনৰ ওচৰলৈ গৈছিল, তেতিয়া অভিনেত্ৰী গৰাকীয়ে কেৱল ভূপেন হাজৰিকাৰ নাম শুনিয়েই ব্যক্তিগত বহু গুৰুত্বপূৰ্ণ অফাৰ বাদ দিছিল৷ ছবিখনত "শ্ৰীমতী দুৰ্গা শইকীয়া"ৰ চৰিত্ৰটোৰ শ্বুটিং কৰিবলৈ তেওঁ গুৱাহাটীলৈও আহিছিল।

উল্লেখ্য যে বলিউডত নবৈ দশকত ৰবীনা টেণ্ডনে কেইবাখনো ব্যৱসায়িক ছৱিৰে জনপ্ৰিয়তা লাভ কৰিছিল৷ তেওঁক এগৰাকী অতিকৈ সফল অভিনেত্ৰী হিচাপে গণ্য কৰা হয়৷ বলিউডত নিজৰ ৰূপ আৰু অভিনয়ৰ যাদুৰে দপদপাই থকা এইগৰাকী অভিনেত্ৰীয়ে ভূপেন হাজৰিকাৰ ‘দমন’ ছৱিৰ যোগেৰেহে ধ্ৰুপদী ধাৰাৰ ছৱিত প্ৰৱেশ কৰিছিল৷

২০০১ চনৰ এই ছৱিখনৰ বাবেই ৰবীনা টেণ্ডনে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নেচনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিল৷ "দমন" ছবিখনৰ আৱহ সংগীতৰ দায়িত্বত থকা ভূপেন হাজৰিকাৰ কণ্ঠই চিনেমাখনক আৰু অধিক উপভোগ্য কৰি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement