--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী হেমা মালিনীৰ সৈতে সংসাৰ গঢ়াৰ পূবে ধৰ্মেন্দ্ৰই আন এখন সংসাৰ গঢ়িছিল৷ কিন্তু দ্বিতীয় বিবাহ কৰোৱাৰ পিছতো হেমামালিনীয়ে যেন ধৰ্মেন্দ্ৰ আগৰ সকলো কথাই সহজভাবে মানি লৈছে৷ হেমা মালিনী  আৰু ধৰ্মেন্দ্ৰৰ প্ৰেম কাহিনীয়ে এটা সময়ত বেছ চৰ্চা লাভ কৰিছিল৷  শ্বোলে ছবিৰ বাসন্তীক এটা সময়ত ধৰ্মেন্দ্ৰই সম্পূৰ্ণ নিজৰ কৰি লৈছিল৷ 

ড্ৰীম গাৰ্ল হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ প্ৰেমৰ কথাই  ১৯৭০ ৰ দশকত সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছিল৷দৰাচলতে হেমা মালিনীক পত্নী হিচাবে গ্ৰহণ কৰাৰ পূৰ্বে  প্ৰকাশ কৌৰৰ সৈতে ধৰ্মেন্দ্ৰ বিবাহপাশত আৱদ্ধ হৈছিল৷  অভিনেতাজনে  ১৯৮০ চনত হেমা মালিনীক বিয়া কৰাইছিল৷ধৰ্মেন্দ্ৰৰ  প্ৰথম পত্নী প্ৰকাশৰ পুত্ৰ ছানী আৰু ববি দেওল৷ লগতে আছে  কন্যা বিজেতা আৰু আজিটা । হেমা-ধৰ্মেন্দ্ৰ সন্তানসকল হৈছে এষা আৰু আহানা৷  

তেওঁলোকৰ বিয়াকলৈ  হেমাই ধৰ্মেন্দ্ৰৰ প্ৰথমা প্তনী প্ৰকাশৰ বিষয়ে বিৰল মন্তব্য কৰিছিল৷ সেই মন্তব্য এতিয়া  ভাইৰেল হৈ পৰিছে৷ ভাইৰেল ক্লিপটোত চিমি গাৰেৱালৰ সৈতে হোৱা কথা-বতৰাত হেমাই তেওঁৰ  বিবাহৰ বিষয়ে বহু কথাই কৈছিল৷ হেমাক সোধা হৈছিল যে তেওঁ  ধৰ্মেন্দ্ৰৰ 'আনটো পৰিয়াল'ৰ সৈতে  প্ৰতিযোগিতা কৰিবলৈ চেষ্টা কৰিব নেকি?

 এই প্ৰশ্নৰ উত্তৰত হেমাই কৈছিল "নহয়, একেবাৰে নহয়। প্ৰেমত, আপুনি কেৱল দিব লাগে, আপুনি কোনো বস্তুৱেই  দাবী কৰিব নোৱাৰে। গতিকে আপুনি যদি ব্যক্তি এজনক বহুত ভালপায় আৰু আপুনি সেই ব্যক্তিজনৰ পৰা ইমান মৰম পোৱাৰ পিছত কেৱল এটা সৰু কথাৰ বাবে কেনেকৈ তেওঁক মানসিক অত্যাচাৰ কৰিব পাৰে? এইকাৰণেই মই তেওঁক কেতিয়াও বিৰক্ত কৰা নাছিলো, কেতিয়াও তেওঁক অত্যাচাৰ কৰা নাছিলোঁ। মই বিচাৰো যে প্ৰেম অব্যাহত থাকক যাতে সদায় আমি ইজনে সিজনক ইমান ভাল পাই থাকিব পাৰো। আমাৰ মাজত কোনো আহিব নোৱাৰে। মই তেওঁৰ সমস্যাবোৰ বুজি পাওঁ, সেয়েহে মই সকলোবোৰ সেই অনুসৰি মিলাই লওঁ৷  মই যিমান খিনি দিম, সিমান খিনিয়েই পাম৷ এয়াই  প্ৰেম । আপুনি এই প্ৰেমক সন্মান জনাব লাগিব," 

প্ৰকাশৰ ক্ষেত্ৰত হেমাই কৈছিল "কোনো বিৰক্তি বা ঈৰ্ষা নাই।" ১৯৯৯ চনৰ সাক্ষাৎকাৰৰ ক্লিপটো চিমিয়ে তেওঁৰ  ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, "ৰেণ্ডেজ জেমছ!" শিৰোনামৰ সৈতে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?