--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী হেমা মালিনীৰ সৈতে সংসাৰ গঢ়াৰ পূবে ধৰ্মেন্দ্ৰই আন এখন সংসাৰ গঢ়িছিল৷ কিন্তু দ্বিতীয় বিবাহ কৰোৱাৰ পিছতো হেমামালিনীয়ে যেন ধৰ্মেন্দ্ৰ আগৰ সকলো কথাই সহজভাবে মানি লৈছে৷ হেমা মালিনী  আৰু ধৰ্মেন্দ্ৰৰ প্ৰেম কাহিনীয়ে এটা সময়ত বেছ চৰ্চা লাভ কৰিছিল৷  শ্বোলে ছবিৰ বাসন্তীক এটা সময়ত ধৰ্মেন্দ্ৰই সম্পূৰ্ণ নিজৰ কৰি লৈছিল৷ 

ড্ৰীম গাৰ্ল হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ প্ৰেমৰ কথাই  ১৯৭০ ৰ দশকত সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছিল৷দৰাচলতে হেমা মালিনীক পত্নী হিচাবে গ্ৰহণ কৰাৰ পূৰ্বে  প্ৰকাশ কৌৰৰ সৈতে ধৰ্মেন্দ্ৰ বিবাহপাশত আৱদ্ধ হৈছিল৷  অভিনেতাজনে  ১৯৮০ চনত হেমা মালিনীক বিয়া কৰাইছিল৷ধৰ্মেন্দ্ৰৰ  প্ৰথম পত্নী প্ৰকাশৰ পুত্ৰ ছানী আৰু ববি দেওল৷ লগতে আছে  কন্যা বিজেতা আৰু আজিটা । হেমা-ধৰ্মেন্দ্ৰ সন্তানসকল হৈছে এষা আৰু আহানা৷  

তেওঁলোকৰ বিয়াকলৈ  হেমাই ধৰ্মেন্দ্ৰৰ প্ৰথমা প্তনী প্ৰকাশৰ বিষয়ে বিৰল মন্তব্য কৰিছিল৷ সেই মন্তব্য এতিয়া  ভাইৰেল হৈ পৰিছে৷ ভাইৰেল ক্লিপটোত চিমি গাৰেৱালৰ সৈতে হোৱা কথা-বতৰাত হেমাই তেওঁৰ  বিবাহৰ বিষয়ে বহু কথাই কৈছিল৷ হেমাক সোধা হৈছিল যে তেওঁ  ধৰ্মেন্দ্ৰৰ 'আনটো পৰিয়াল'ৰ সৈতে  প্ৰতিযোগিতা কৰিবলৈ চেষ্টা কৰিব নেকি?

 এই প্ৰশ্নৰ উত্তৰত হেমাই কৈছিল "নহয়, একেবাৰে নহয়। প্ৰেমত, আপুনি কেৱল দিব লাগে, আপুনি কোনো বস্তুৱেই  দাবী কৰিব নোৱাৰে। গতিকে আপুনি যদি ব্যক্তি এজনক বহুত ভালপায় আৰু আপুনি সেই ব্যক্তিজনৰ পৰা ইমান মৰম পোৱাৰ পিছত কেৱল এটা সৰু কথাৰ বাবে কেনেকৈ তেওঁক মানসিক অত্যাচাৰ কৰিব পাৰে? এইকাৰণেই মই তেওঁক কেতিয়াও বিৰক্ত কৰা নাছিলো, কেতিয়াও তেওঁক অত্যাচাৰ কৰা নাছিলোঁ। মই বিচাৰো যে প্ৰেম অব্যাহত থাকক যাতে সদায় আমি ইজনে সিজনক ইমান ভাল পাই থাকিব পাৰো। আমাৰ মাজত কোনো আহিব নোৱাৰে। মই তেওঁৰ সমস্যাবোৰ বুজি পাওঁ, সেয়েহে মই সকলোবোৰ সেই অনুসৰি মিলাই লওঁ৷  মই যিমান খিনি দিম, সিমান খিনিয়েই পাম৷ এয়াই  প্ৰেম । আপুনি এই প্ৰেমক সন্মান জনাব লাগিব," 

প্ৰকাশৰ ক্ষেত্ৰত হেমাই কৈছিল "কোনো বিৰক্তি বা ঈৰ্ষা নাই।" ১৯৯৯ চনৰ সাক্ষাৎকাৰৰ ক্লিপটো চিমিয়ে তেওঁৰ  ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, "ৰেণ্ডেজ জেমছ!" শিৰোনামৰ সৈতে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ