--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰছ উৎসৱ পালন কৰা হয়। আজিৰ দিনটোত দেৱী লক্ষ্মী, ভগৱান কুবেৰ আৰু ধনৱন্তৰীক পূজা কৰা হয়। ধনতেৰছৰ দিনা নতুন বস্তু ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এইবাৰ ধনতেৰছ ২২ আৰু ২৩ অক্টোবৰ দুয়োটা দিনতে উদযাপন কৰা হৈছে যদিও বজাৰ কৰাৰ বাবে আটাইতকৈ শুভ সময় আজি। আজিৰ দিনটোত কিছুমান ভুল কৰাৰ পৰা বিৰত থকা উচিত, নহ’লে অসন্তুষ্ট হৈ পৰিব পাৰে মালক্ষ্মী।

 ধনতেৰছত মনত ৰাখিবলগীয়া কথা-

* ধনৰছৰ দিনা ধন খৰচ কৰিব নালাগে বৰঞ্চ বিনিয়োগ কৰিব লাগে। ইয়াৰ ফলত মালক্ষ্মীৰ আশীৰ্বাদ সদায় লাভ কৰিব বুলি বিশ্বাস আছে। সেয়ে ধনতেৰছৰ দিনা সোণ, ৰূপ, ঘৰ, গাড়ী আদি বস্তু লোৱাটো অত্যন্ত শুভ মনা হয়। অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰাৰ পৰা বিৰত থকা উচিত আজিৰ দিনটোত।

 * ধনতেৰছৰ দিনা কাৰোবাক ধাৰ দিয়াটো অতি অশুভ বুলি গণ্য কৰা হয়। দীপাৱলীৰ পাছত এনে লেনদেন কৰাটো শুভ।

 * ধনতেৰছৰ দিনা কাঁচ, প্লাষ্টিক বা ষ্টীলৰ বাচন-বৰ্তনৰ সলনি পিতল, তাম, সোণ আৰু ৰূপৰ দৰে বিশুদ্ধ ধাতুৰ বাচন-বৰ্তন ক্ৰয় কৰা উচিত।

 * ধনতেৰছৰ দিনটো কেৱল বজাৰ কৰাৰ বাবেই শুভ নহয়, ইয়াৰ উদ্দেশ্য হৈছে মালক্ষ্মী আৰু ধন কুবেৰক সন্তুষ্ট কৰা। সেয়ে আজিৰ দিনটোত পূৰ্ণ ৰীতি-নীতি আৰু ভক্তিৰে দেৱী লক্ষ্মী, কুবেৰ দেৱ আৰু ধনৱন্তৰী দেৱক পূজা কৰিব লাগে।

* ধনতেৰছৰ দিনা লো সামগ্ৰী ক্ৰয় কৰিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।

 * ধনতেৰছৰ দিনা যদি বাচন-বৰ্তন ক্ৰয় কৰে, তেন্তে ঘৰত কেতিয়াও খালী কৰি নানিব। ঘৰৰ ভিতৰলৈ অনাৰ আগতে তাত কেইটামান চাউল বা পানী ভৰাইহে সেই বাচন-বৰ্তন ভিতৰলৈ আনিলে শুভ মনা হয়।

 * ধনতেৰছৰ দিনা আপোনাৰ ঘৰৰ মূল দুৱাৰত আৰু উত্তৰ দিশটো লেতেৰা কৰি নাৰাখিব। মূল দুৱাৰৰে মালক্ষ্মী আগমন হয় আৰু উত্তৰ দিশটোক ধন কুবেৰৰ দিশ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ