--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰছ উৎসৱ পালন কৰা হয়। আজিৰ দিনটোত দেৱী লক্ষ্মী, ভগৱান কুবেৰ আৰু ধনৱন্তৰীক পূজা কৰা হয়। ধনতেৰছৰ দিনা নতুন বস্তু ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এইবাৰ ধনতেৰছ ২২ আৰু ২৩ অক্টোবৰ দুয়োটা দিনতে উদযাপন কৰা হৈছে যদিও বজাৰ কৰাৰ বাবে আটাইতকৈ শুভ সময় আজি। আজিৰ দিনটোত কিছুমান ভুল কৰাৰ পৰা বিৰত থকা উচিত, নহ’লে অসন্তুষ্ট হৈ পৰিব পাৰে মালক্ষ্মী।

 ধনতেৰছত মনত ৰাখিবলগীয়া কথা-

* ধনৰছৰ দিনা ধন খৰচ কৰিব নালাগে বৰঞ্চ বিনিয়োগ কৰিব লাগে। ইয়াৰ ফলত মালক্ষ্মীৰ আশীৰ্বাদ সদায় লাভ কৰিব বুলি বিশ্বাস আছে। সেয়ে ধনতেৰছৰ দিনা সোণ, ৰূপ, ঘৰ, গাড়ী আদি বস্তু লোৱাটো অত্যন্ত শুভ মনা হয়। অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰাৰ পৰা বিৰত থকা উচিত আজিৰ দিনটোত।

 * ধনতেৰছৰ দিনা কাৰোবাক ধাৰ দিয়াটো অতি অশুভ বুলি গণ্য কৰা হয়। দীপাৱলীৰ পাছত এনে লেনদেন কৰাটো শুভ।

 * ধনতেৰছৰ দিনা কাঁচ, প্লাষ্টিক বা ষ্টীলৰ বাচন-বৰ্তনৰ সলনি পিতল, তাম, সোণ আৰু ৰূপৰ দৰে বিশুদ্ধ ধাতুৰ বাচন-বৰ্তন ক্ৰয় কৰা উচিত।

 * ধনতেৰছৰ দিনটো কেৱল বজাৰ কৰাৰ বাবেই শুভ নহয়, ইয়াৰ উদ্দেশ্য হৈছে মালক্ষ্মী আৰু ধন কুবেৰক সন্তুষ্ট কৰা। সেয়ে আজিৰ দিনটোত পূৰ্ণ ৰীতি-নীতি আৰু ভক্তিৰে দেৱী লক্ষ্মী, কুবেৰ দেৱ আৰু ধনৱন্তৰী দেৱক পূজা কৰিব লাগে।

* ধনতেৰছৰ দিনা লো সামগ্ৰী ক্ৰয় কৰিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।

 * ধনতেৰছৰ দিনা যদি বাচন-বৰ্তন ক্ৰয় কৰে, তেন্তে ঘৰত কেতিয়াও খালী কৰি নানিব। ঘৰৰ ভিতৰলৈ অনাৰ আগতে তাত কেইটামান চাউল বা পানী ভৰাইহে সেই বাচন-বৰ্তন ভিতৰলৈ আনিলে শুভ মনা হয়।

 * ধনতেৰছৰ দিনা আপোনাৰ ঘৰৰ মূল দুৱাৰত আৰু উত্তৰ দিশটো লেতেৰা কৰি নাৰাখিব। মূল দুৱাৰৰে মালক্ষ্মী আগমন হয় আৰু উত্তৰ দিশটোক ধন কুবেৰৰ দিশ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ