--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এআৰ ৰহমান যে সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় সংগীত সুৰকাৰ হিচাপে তেওঁ সফলতা লাভ কৰিছে। ৰহমানে ৯০ দশকৰ আৰম্ভণিতে সংগীত জগতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত তেওঁ ‘ৰোজা’, ‘বম্বে’, ‘তাল’, ‘লগান’, ‘স্ৱাদেছ’, ‘ৰং দে বসন্তি’ আদি ব্লকবাষ্টাৰ ছবিৰ বাবে স্মৰণীয় পটভূমি স্ক’ৰ দিছিল। ‘বন্দে মাতৰম’ গীতটিৰ বাবে দেশে তেওঁক দুগুণ  সন্মান তথা আদৰ কৰিছিল । এআৰৰহমানে কেৱল বলীউডতে নহয়, দক্ষিণৰ বহু ছবিৰ সংগীতৰ লগত জড়িত। আজি তেওঁ ৫৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। এই বিশেষ উপলক্ষে তেওঁৰ কঠিন সময় আৰু তেওঁৰ বিষয়ে কিছু অকথিত কথা জানো আহক।

১৯৬৭ চনৰ ৬ জানুৱাৰীত চেন্নাইত জন্মগ্ৰহণ কৰিছিল এআৰ ৰহমানে। এটা সময় আছিল যেতিয়া তেওঁ অতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছিল। আনকি তেওঁ আত্মহত্যাৰ কথাও ভাবিবলৈ ধৰিলে। এই বিষয়ে তেওঁ নিজেই প্ৰকাশ কৰিছিল আৰু কৈছিল যে যদি তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন তেন্তে দেশৰ সচাকৈয়ে বহু ক্ষতি হ’লহেঁতেন।

এআৰৰহমানৰ জন্ম হিন্দু পৰিয়ালত, তেওঁৰ প্ৰকৃত নাম আছিল দিলীপ শেখৰ। কোৱা হয় যে তেওঁ নিজৰ নামটো ঘৃণা কৰিছিল আৰু নিজৰ নামটো ভাল নহয় বুলি অনুভৱ কৰিছিল। পিতৃ দিলীপ কুমাৰৰ ডাঙৰ অনুৰাগী, সেয়েহে তেওঁৰ নামেৰে পুত্ৰৰ নাম ৰাখিছিল। ২৩ বছৰ বয়সত গুৰু কাদ্ৰী ইছলামৰ প্ৰভাৱত ৰহমানে ইছলাম গ্ৰহণ কৰি নিজৰ নাম আল্লাহ ৰহমান ৰাখিছিল।

পঢ়া-শুনাত এআৰ ৰহমান বৰ দুৰ্বল আছিল। পূৰ্বতে তেওঁ ক্লাছত সৰ্বনিম্ন নম্বৰ পাইছিল। কম নম্বৰ পোৱাৰ বাবেই তেওঁ আত্মহত্যাৰ কথাও ভাবিছিল যদিও জীৱনৰ তেওঁৰ বাবে আন পৰিকল্পনা আছিল। এআৰৰহমানে পিতৃৰ পৰা সংগীত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। তেওঁৰ পিতৃ আৰ কে শেখৰে মালয়ালম ছবিৰ সংগীত লগত জড়িত আছিল।

ৰহমানৰ ৯ বছৰ বয়সত পিতৃৰ মৃত্যু হয়। ঘৰৰ শোচনীয় অৱস্থাৰ বাবে তেওঁ নিজৰ পৰিয়ালৰ বাদ্যযন্ত্ৰ বিক্ৰী কৰিবলগীয়া হৈছিল। আনহাতে তেওঁৰ হাতত স্কুলীয়া শিক্ষা সম্পূর্ণ কৰিবলৈও পইচা নাছিল আৰু তাৰ পাছত ১৫ বছৰ বয়সত ৰহমানে পঢ়া-শুনা এৰিব লগা হ’ল৷

পিটিআইক দিয়া এক সাক্ষাৎকাৰত এআৰ ৰহমানে কৈছিল যে তেওঁ ২৫ বছৰ বয়সলৈকে আত্মহত্যাৰ কথা ভাবিছিল। দেউতাকক হেৰুৱাই তেওঁ শূন্যতা অনুভৱ কৰিছিল। যদিও ইয়াৰ পৰা ওলাই আহিবলৈ তেওঁ সংগীতৰ সমৰ্থন লৈছিল আৰু ইয়াৰ ফলত তেওঁ জীৱনটোক এক নতুন ৰূপ দিবলৈ সক্ষম হৈছিল৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু