--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ চেঞ্চৰ বোৰ্ডৰ ৰোষত পৰিছে 'পাঠান'। চেঞ্চৰ বোৰ্ডে শ্বাহৰুখ-দীপিকাৰ ছৱিখনৰ কিছুমান সংলাপৰ ওপৰত নাৰাজ হৈছে। প্ৰায় দহটা দৃশ্যকে ধৰি বহুতো সংলাপ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হৈছে বোৰ্ডৰ তৰফৰ পৰা। বাদ যাব লগা দৃশ্যসমূহৰ ভিতৰত চৰ্চাত আছে দীপিকা পাডুকনৰ গেৰুৱা বিকিনি।

কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদে (চিবিএফচি) এখন দীঘলিয়া তালিকা দাখিল কৰিছে। 'পাঠান'ত কি পৰিৱৰ্তন কৰিব লাগিব- তাত সেয়া স্পষ্টভাৱে লিখা আছে। পৰিষদে দিয়া প্ৰথম চৰ্তটো হ'ল সংলাপ আৰু দৃশ্যত শালীনতা বজাই ৰখা।

অৱশ্যে এইটো দীপিকাৰ বিকিনি সন্দৰ্ভত একো কোৱা নাই বোৰ্ডে। যদি সকলো ঠিকে থাকে, দৰ্শকে শ্বাহৰুখ খানৰ একচন ছবিত দীপিকাক একেটা গেৰুৱা বিকিনিত দেখিব।

ইয়াৰ পূৰ্বে সোমবাৰে স্বয়ম্ভু চলচ্চিত্ৰ সমালোচক কমল আৰ খানে তেওঁৰ টুইটাৰ একাউণ্টত লিখিছিল, "এইটো সম্পূৰ্ণ নিশ্চিত খবৰ যে 'পাঠান'ৰ নাম সলনি কৰা হৈছে। গেৰুৱা বিকিনি এতিয়া নাই। নিৰ্মাতাসকলে অৱশেষত ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰিছে। তেওঁলোকে মঙলবাৰে বা বুধবাৰে এটা আনুষ্ঠানিক ঘোষণা কৰিব। ''
 
অৱশ্যে বাস্তৱত কমলৰ এই টুইট নফলিয়ালে। চেঞ্চৰ বোৰ্ডে 'পাঠান'ত কেঁচি চলাবলৈ কৈছে, কিন্তু বিকিনিৰ বিষয়ে একো কোৱা নাই। ছৱিৰ নামও অপৰিৱৰ্তিত হৈ আছে। জনা যায় যে 'পাঠান'ৰ ট্ৰেইলাৰ ১০ জানুৱাৰীত মুকলি কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু