--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ চেঞ্চৰ বোৰ্ডৰ ৰোষত পৰিছে 'পাঠান'। চেঞ্চৰ বোৰ্ডে শ্বাহৰুখ-দীপিকাৰ ছৱিখনৰ কিছুমান সংলাপৰ ওপৰত নাৰাজ হৈছে। প্ৰায় দহটা দৃশ্যকে ধৰি বহুতো সংলাপ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হৈছে বোৰ্ডৰ তৰফৰ পৰা। বাদ যাব লগা দৃশ্যসমূহৰ ভিতৰত চৰ্চাত আছে দীপিকা পাডুকনৰ গেৰুৱা বিকিনি।

কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদে (চিবিএফচি) এখন দীঘলিয়া তালিকা দাখিল কৰিছে। 'পাঠান'ত কি পৰিৱৰ্তন কৰিব লাগিব- তাত সেয়া স্পষ্টভাৱে লিখা আছে। পৰিষদে দিয়া প্ৰথম চৰ্তটো হ'ল সংলাপ আৰু দৃশ্যত শালীনতা বজাই ৰখা।

অৱশ্যে এইটো দীপিকাৰ বিকিনি সন্দৰ্ভত একো কোৱা নাই বোৰ্ডে। যদি সকলো ঠিকে থাকে, দৰ্শকে শ্বাহৰুখ খানৰ একচন ছবিত দীপিকাক একেটা গেৰুৱা বিকিনিত দেখিব।

ইয়াৰ পূৰ্বে সোমবাৰে স্বয়ম্ভু চলচ্চিত্ৰ সমালোচক কমল আৰ খানে তেওঁৰ টুইটাৰ একাউণ্টত লিখিছিল, "এইটো সম্পূৰ্ণ নিশ্চিত খবৰ যে 'পাঠান'ৰ নাম সলনি কৰা হৈছে। গেৰুৱা বিকিনি এতিয়া নাই। নিৰ্মাতাসকলে অৱশেষত ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰিছে। তেওঁলোকে মঙলবাৰে বা বুধবাৰে এটা আনুষ্ঠানিক ঘোষণা কৰিব। ''
 
অৱশ্যে বাস্তৱত কমলৰ এই টুইট নফলিয়ালে। চেঞ্চৰ বোৰ্ডে 'পাঠান'ত কেঁচি চলাবলৈ কৈছে, কিন্তু বিকিনিৰ বিষয়ে একো কোৱা নাই। ছৱিৰ নামও অপৰিৱৰ্তিত হৈ আছে। জনা যায় যে 'পাঠান'ৰ ট্ৰেইলাৰ ১০ জানুৱাৰীত মুকলি কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক