--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ তাৰকাসকলে কেৱল টিভি শ্ব’ হোষ্ট কৰি বছৰি কোটি কোটি টকা উপাৰ্জন কৰে। বহুত কোটি টকাৰ মালিক তেওঁলোক। ছলমান, কৰণ, অমিতাভৰ পৰা আৰম্ভ কৰি কপিললৈকে কেৱল টিভি শ্ব’ৰ আঁতধৰোতাসকলৰ পাৰিতোষিক শুনিলে আপুনিও আচৰিত হ'ব। হয়, বলীউডৰ বহু চেলিব্ৰিটিয়ে টিভি হোষ্টিংও কৰে। টিভি শ্ব’ হোষ্ট কৰি কোটি কোটি টকা উপাৰ্জন কৰে এই তাৰকাসকলে। বিপুল দৰমহা পোৱাৰ বাবে বিখ্যাত টিভি শ্ব'ৰ আঁতধৰোতাসকলৰ বিষয়ে জানো আহক-

১) অমিতাভ বচ্চন- ছ’নী টিভিৰ ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ৰ আঁতধৰোতা অমিতাভ বচ্চন। ২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি অমিতাভে কেবিচি ১৪ৰ বাবে প্ৰতিটো খণ্ডৰ বাবে ৭.৫ কোটি টকা লয়।

২) ছলমান খান - বিগত কেইবছৰমানৰ পৰা বিগ বছৰ আঁতধৰোতা হিচাপে কাম কৰি আহিছে ছলমান। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ বিগ বছ ১৬ৰ সমগ্ৰ ছিজনটোৰ বাবে ৩৫০ কোটিতকৈ অধিক ধন লয়। বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় টিভিৰ আঁতধৰোতা  হিচাপে ছলমানৰ দৰমহা সৰ্বাধিক।

৩) কপিল শৰ্মা- সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চ’নী টিভিৰ ‘দ্য কপিল শৰ্মা শ্ব’ৰ দ্বিতীয় ছিজনৰ বাবে কপিল শৰ্মাই প্ৰতিটো খণ্ডৰ বাবে ৫০ লাখ টকা লয়।

৪) কৰণ জোহৰ- 'কফী উইথ কৰণ' শ্ব'ৰ আঁতধৰোতা কৰণ জোহৰ। ২০২২ চনত এই অনুষ্ঠানটোৰ ২০টা খণ্ড প্ৰচাৰ কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কৰণ জোহৰে প্ৰতিটো খণ্ডত ১.৫ৰ পৰা ২ কোটি টকা লয়।

৫) ৰোহিত শেট্টী- ৰোহিতে ২০২২ চনত ‘খাতাৰনাক  খিলাড়ী ১২’ৰ আঁতধৰোতা। প্ৰতিটো খণ্ডত ৬০ লাখ টকাৰ পাৰিশ্ৰমিক লাভ কৰিছে। বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰোহিতে শেহতীয়া ছিজনৰ বাবে দৰমহা পুনৰ বৃদ্ধি কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু