--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ তাৰকাসকলে কেৱল টিভি শ্ব’ হোষ্ট কৰি বছৰি কোটি কোটি টকা উপাৰ্জন কৰে। বহুত কোটি টকাৰ মালিক তেওঁলোক। ছলমান, কৰণ, অমিতাভৰ পৰা আৰম্ভ কৰি কপিললৈকে কেৱল টিভি শ্ব’ৰ আঁতধৰোতাসকলৰ পাৰিতোষিক শুনিলে আপুনিও আচৰিত হ'ব। হয়, বলীউডৰ বহু চেলিব্ৰিটিয়ে টিভি হোষ্টিংও কৰে। টিভি শ্ব’ হোষ্ট কৰি কোটি কোটি টকা উপাৰ্জন কৰে এই তাৰকাসকলে। বিপুল দৰমহা পোৱাৰ বাবে বিখ্যাত টিভি শ্ব'ৰ আঁতধৰোতাসকলৰ বিষয়ে জানো আহক-

১) অমিতাভ বচ্চন- ছ’নী টিভিৰ ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ৰ আঁতধৰোতা অমিতাভ বচ্চন। ২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি অমিতাভে কেবিচি ১৪ৰ বাবে প্ৰতিটো খণ্ডৰ বাবে ৭.৫ কোটি টকা লয়।

২) ছলমান খান - বিগত কেইবছৰমানৰ পৰা বিগ বছৰ আঁতধৰোতা হিচাপে কাম কৰি আহিছে ছলমান। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ বিগ বছ ১৬ৰ সমগ্ৰ ছিজনটোৰ বাবে ৩৫০ কোটিতকৈ অধিক ধন লয়। বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় টিভিৰ আঁতধৰোতা  হিচাপে ছলমানৰ দৰমহা সৰ্বাধিক।

৩) কপিল শৰ্মা- সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চ’নী টিভিৰ ‘দ্য কপিল শৰ্মা শ্ব’ৰ দ্বিতীয় ছিজনৰ বাবে কপিল শৰ্মাই প্ৰতিটো খণ্ডৰ বাবে ৫০ লাখ টকা লয়।

৪) কৰণ জোহৰ- 'কফী উইথ কৰণ' শ্ব'ৰ আঁতধৰোতা কৰণ জোহৰ। ২০২২ চনত এই অনুষ্ঠানটোৰ ২০টা খণ্ড প্ৰচাৰ কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কৰণ জোহৰে প্ৰতিটো খণ্ডত ১.৫ৰ পৰা ২ কোটি টকা লয়।

৫) ৰোহিত শেট্টী- ৰোহিতে ২০২২ চনত ‘খাতাৰনাক  খিলাড়ী ১২’ৰ আঁতধৰোতা। প্ৰতিটো খণ্ডত ৬০ লাখ টকাৰ পাৰিশ্ৰমিক লাভ কৰিছে। বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰোহিতে শেহতীয়া ছিজনৰ বাবে দৰমহা পুনৰ বৃদ্ধি কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement