--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শ্ৰীলংকাৰ প্ৰেমাদাসা ষ্টেডিয়ামত মুখামুখি হ’ব দুই ৰাষ্ট্ৰ-ভাৰত আৰু বাংলাদেশ৷এই ক্ষেত্ৰত নাম ওলাইছে এজন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰৰ নাম৷  ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ  আকাশ চোপ্ৰাই কয় যে ভাৰতে শ্ৰেয়স আয়াৰ ফিট হ’লে বাংলাদেশৰ বিৰুদ্ধে খেলিব লাগে।উল্লেখ্য যে চলি থকা এছিয়া কাপ ২০২৩ৰ অন্তিমখন ছুপাৰ-৪ মেচত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব।

নিজৰ Youtube চেনেলত ভিডিঅ’ দি চোপ্ৰাই কয় যে তেওঁ বিচাৰে যে আয়াৰে ফিট হ’লে খেলিব আৰু তেওঁ কয় যে তেওঁ সঁচাকৈয়ে নেটত যথেষ্ট কষ্ট কৰিছে।আয়াৰে পিঠিৰ আঘাতৰ বাবে  ভাৰতৰ ছুপাৰ-৪ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

তেওঁ আৰু কয় যে ভাৰতৰ বেটিং অৰ্ডাৰৰ এজন জ্যেষ্ঠ সদস্যৰ পৰিৱৰ্তে আয়াৰ সোমাই আহিব লাগে। বাংলাদেশৰ বিৰুদ্ধে বিৰাট কোহলীক জিৰণি দিয়াৰ লগতে কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেল খেলৰ বাবে তেওঁক সুস্থিৰ কৰি ৰাখিব বুলিও চোপ্ৰাই কয়। স্মৰ্তব্য যে চলি থকা এছিয়া কাপত কোহলীয়ে তিনিটা ইনিংছত প্ৰায় ১২৯ ৰান সংগ্ৰহ কৰিছে।

১৭ ছেপ্টেম্বৰত কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২৩ৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক