--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমাহী,সকলোৰে আদৰৰ বিশ্ব ক্ৰিকেটৰ মহাতাৰকা৷ ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে দলৰ বাবে ট্ৰফী লাভ কৰিয়েই হওক বা আন কোনো ধৰণেৰে হওক অনুৰাগীৰ হৃদয় জয় কৰাৰ ক্ষেত্ৰত সদায় আগত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ধোনীক প্ৰায়ে বাইক লৈ আনন্দ কৰা দেখা যায়। ধোনীক প্ৰায়ে কিবা নহয় কিবা এটা কৰি থকা দেখা যায়, যাৰ ফলত তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰে। এতিয়া ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

ভাইৰেল হোৱা ভিডিঅ’টোত ধোনীয়ে নিজৰ বাইকত থকা ফেনজনক লিফ্ট দিয়া দেখা গৈছে। ভিডিঅ'টো বৰ আমোদজনক। ভিডিঅ’টোত দেখা গৈছে যে ধোনীয়ে অনুশীলন শেষ কৰি খেলপথাৰ এৰিবলৈ সাজু হৈছে। ইয়াৰ পাছত ভিডিঅ’টোত দেখা গৈছে যে পিছফালে বাইকখনত বহি আছে ধোনীৰ ফেন। 

ভিডিঅ’টোৰ পৰা জানিব পাৰি যে ধোনীয়ে তেওঁৰ য়াম্মাহা আৰ ডি ৩৫০ বাইকেৰে এজন যুৱ ক্ৰিকেটাৰক লিফ্ট দিছিল। ধোনীক প্ৰায়ে তেওঁৰ চহৰ ৰাঁচীত বাইকত থকা দেখা যায়। ধোনীৰ বাইকৰ প্ৰতি থকা প্ৰেম কাৰো পৰা লুকাই থকা নাই। এইদৰে ধোনীয়ে যুৱ অনুৰাগীজনৰ দিনটো বিশেষ কৰি তোলে। ছ’চিয়েল মিডিয়াত ধোনীৰ সক্ৰিয়তা অতি কম। এনে পৰিস্থিতিত অনুৰাগীসকলে তেওঁৰ সান্নিধ্য পাবলৈ সদায় উৎসুক হৈ থাকে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু