--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমাহী,সকলোৰে আদৰৰ বিশ্ব ক্ৰিকেটৰ মহাতাৰকা৷ ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে দলৰ বাবে ট্ৰফী লাভ কৰিয়েই হওক বা আন কোনো ধৰণেৰে হওক অনুৰাগীৰ হৃদয় জয় কৰাৰ ক্ষেত্ৰত সদায় আগত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ধোনীক প্ৰায়ে বাইক লৈ আনন্দ কৰা দেখা যায়। ধোনীক প্ৰায়ে কিবা নহয় কিবা এটা কৰি থকা দেখা যায়, যাৰ ফলত তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰে। এতিয়া ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

ভাইৰেল হোৱা ভিডিঅ’টোত ধোনীয়ে নিজৰ বাইকত থকা ফেনজনক লিফ্ট দিয়া দেখা গৈছে। ভিডিঅ'টো বৰ আমোদজনক। ভিডিঅ’টোত দেখা গৈছে যে ধোনীয়ে অনুশীলন শেষ কৰি খেলপথাৰ এৰিবলৈ সাজু হৈছে। ইয়াৰ পাছত ভিডিঅ’টোত দেখা গৈছে যে পিছফালে বাইকখনত বহি আছে ধোনীৰ ফেন। 

ভিডিঅ’টোৰ পৰা জানিব পাৰি যে ধোনীয়ে তেওঁৰ য়াম্মাহা আৰ ডি ৩৫০ বাইকেৰে এজন যুৱ ক্ৰিকেটাৰক লিফ্ট দিছিল। ধোনীক প্ৰায়ে তেওঁৰ চহৰ ৰাঁচীত বাইকত থকা দেখা যায়। ধোনীৰ বাইকৰ প্ৰতি থকা প্ৰেম কাৰো পৰা লুকাই থকা নাই। এইদৰে ধোনীয়ে যুৱ অনুৰাগীজনৰ দিনটো বিশেষ কৰি তোলে। ছ’চিয়েল মিডিয়াত ধোনীৰ সক্ৰিয়তা অতি কম। এনে পৰিস্থিতিত অনুৰাগীসকলে তেওঁৰ সান্নিধ্য পাবলৈ সদায় উৎসুক হৈ থাকে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক