--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত বছৰৰ দৰে ভাৰততো আজি পালন কৰা হ’ব পৱিত্ৰ ঈদ-উল-ফিতৰ। পৱিত্ৰ ৰমজান মাহৰ এমাহজোৰ উপবাসৰ পাছত ৰোজেদাৰসকলে ঈদ উদযাপন কৰে। বিশ্বাস কৰা হয় যে এই দিনটোতে পয়গম্বৰ মুহাম্মাদ (পিবিইউএইচ)য়ে বদৰৰ যুদ্ধত জয়লাভ কৰিছিল আৰু এই বিজয়ৰ আনন্দত ইছলামৰ অনুগামীসকলে প্ৰতি বছৰে ঈদ উদযাপন কৰে। এইবাৰৰ ঈদো বিশেষ, কাৰণ এইবাৰ সম্পূৰ্ণ ৰমজানৰ ৩০টা উপবাস পালন কৰা হয়। কিন্তু বহু সময়ত চন্দ্ৰ দেখাৰ মাত্ৰকে ঈদৰ পালন কৰে বাবে কেৱল ২৯দিনহে উপবাস পালন কৰিব পাৰে।

উল্লেখ্য যে, ৬২৪ খ্ৰীঃত প্ৰথমবাৰৰ বাবে ঈদ-উল-ফিতৰ উদযাপন কৰা হৈছিল। এই উৎসৱটো ৰোজেদাৰসকলৰ বাবে এটা বিশেষ দিন, যিটো তেওঁলোকে এমাহৰ বাবে কঠিন উপবাস ৰখাৰ পাছতহে পালন কৰে। এই দিনটোত ইছলামধৰ্মী লোকসকলে নতুন কাপোৰ পিন্ধাৰ লগতে বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই আৰু অতিথিক আপ্যায়ন কৰে। আনহাতে, মছজিদত একেলগে সকলোৱে মিলি শান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু ইজনে-সিজনক আলিংগন কৰে।

যিহেতু চন্দ্ৰৰ আধাৰত ইছলামিক বৰ্ষপঞ্জী গণনা কৰা হয়, সেয়েহে ৰমজান মাহত চন্দ্ৰ দেখাৰ পোৱাৰ পাছতহে ঈদ উদযাপন কৰা হয়। পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন দিনত ঈদ উদযাপন কৰা হয়। সাধাৰণতে ছৌদি আৰৱত ভাৰতৰ পৰা এদিন আগতে ঈদ উদযাপন কৰা হয়।

প্ৰতিটো ধৰ্মৰ দৰে ইছলামতো, জাকাত অৰ্থাৎ দান-বৰঙণিক যথেষ্ট গুৰুত্ব দিয়া হয়। জাকাত অবিহনে ঈদৰ উৎসৱো সম্পূৰ্ণ নহয়। এই দিনটোত সকলোৱে ঈশ্বৰক ৩০দিন উপবাস ৰখাৰ শক্তি দিয়াৰ বাবে অশেষ ধন্যবাদ জনায়। একে সময়তে তেওঁলোকে ঈদৰ আনন্দ উদযাপন কৰে আৰু দৰিদ্ৰ লোকক জাকাত দিয়ে। কোৰানত কোৱা হৈছে যে ঈদ উপলক্ষে দৰিদ্ৰ লোকসকলক তেওঁলোকৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে, তেতিয়া আল্লাহ সদায় আল্লাৰ প্ৰতি সদয় হয়। ইয়াৰ উপৰি শিশুসকলক উপহাৰ হিচাপে ইদি বিতৰণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল