--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত বছৰৰ দৰে ভাৰততো আজি পালন কৰা হ’ব পৱিত্ৰ ঈদ-উল-ফিতৰ। পৱিত্ৰ ৰমজান মাহৰ এমাহজোৰ উপবাসৰ পাছত ৰোজেদাৰসকলে ঈদ উদযাপন কৰে। বিশ্বাস কৰা হয় যে এই দিনটোতে পয়গম্বৰ মুহাম্মাদ (পিবিইউএইচ)য়ে বদৰৰ যুদ্ধত জয়লাভ কৰিছিল আৰু এই বিজয়ৰ আনন্দত ইছলামৰ অনুগামীসকলে প্ৰতি বছৰে ঈদ উদযাপন কৰে। এইবাৰৰ ঈদো বিশেষ, কাৰণ এইবাৰ সম্পূৰ্ণ ৰমজানৰ ৩০টা উপবাস পালন কৰা হয়। কিন্তু বহু সময়ত চন্দ্ৰ দেখাৰ মাত্ৰকে ঈদৰ পালন কৰে বাবে কেৱল ২৯দিনহে উপবাস পালন কৰিব পাৰে।

উল্লেখ্য যে, ৬২৪ খ্ৰীঃত প্ৰথমবাৰৰ বাবে ঈদ-উল-ফিতৰ উদযাপন কৰা হৈছিল। এই উৎসৱটো ৰোজেদাৰসকলৰ বাবে এটা বিশেষ দিন, যিটো তেওঁলোকে এমাহৰ বাবে কঠিন উপবাস ৰখাৰ পাছতহে পালন কৰে। এই দিনটোত ইছলামধৰ্মী লোকসকলে নতুন কাপোৰ পিন্ধাৰ লগতে বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই আৰু অতিথিক আপ্যায়ন কৰে। আনহাতে, মছজিদত একেলগে সকলোৱে মিলি শান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু ইজনে-সিজনক আলিংগন কৰে।

যিহেতু চন্দ্ৰৰ আধাৰত ইছলামিক বৰ্ষপঞ্জী গণনা কৰা হয়, সেয়েহে ৰমজান মাহত চন্দ্ৰ দেখাৰ পোৱাৰ পাছতহে ঈদ উদযাপন কৰা হয়। পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন দিনত ঈদ উদযাপন কৰা হয়। সাধাৰণতে ছৌদি আৰৱত ভাৰতৰ পৰা এদিন আগতে ঈদ উদযাপন কৰা হয়।

প্ৰতিটো ধৰ্মৰ দৰে ইছলামতো, জাকাত অৰ্থাৎ দান-বৰঙণিক যথেষ্ট গুৰুত্ব দিয়া হয়। জাকাত অবিহনে ঈদৰ উৎসৱো সম্পূৰ্ণ নহয়। এই দিনটোত সকলোৱে ঈশ্বৰক ৩০দিন উপবাস ৰখাৰ শক্তি দিয়াৰ বাবে অশেষ ধন্যবাদ জনায়। একে সময়তে তেওঁলোকে ঈদৰ আনন্দ উদযাপন কৰে আৰু দৰিদ্ৰ লোকক জাকাত দিয়ে। কোৰানত কোৱা হৈছে যে ঈদ উপলক্ষে দৰিদ্ৰ লোকসকলক তেওঁলোকৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে, তেতিয়া আল্লাহ সদায় আল্লাৰ প্ৰতি সদয় হয়। ইয়াৰ উপৰি শিশুসকলক উপহাৰ হিচাপে ইদি বিতৰণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?