--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীন, দক্ষিণ কোৰিয়াৰ দৰে কিছুমান দেশত ক’ভিডে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে। অৱশ্যে, পৃথিৱীৰ আন দেশসমূহত মহামাৰী এতিয়া প্ৰায় নিয়ন্ত্ৰণত আছে। ভাৰতত দৈনিক সংক্ৰমণ আন দেশসমূহৰ তুলনাত তুলনামূলকভাৱে কম। ক’ভিডে বিদায় ল'ব নেকি? আশাবাদী মানুহৰ মনত যেতিয়া এনে চিন্তাই ক্ৰিয়া কৰা দেখা গৈছে তেনে সময়তে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে সম্পূৰ্ণ বিপৰীত মন্তব্য কৰা দেখা গৈছে। 

অনাগত দিনবোৰত পৃথিৱীয়ে অধিক বিপদজনক ৰূপৰ সন্মুখীন হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বিল গেটছে। ডেল্টা বা অমিক্ৰনতকৈ অধিক সংক্ৰামক হ'ব পাৰে এই ভেৰিয়েণ্ট। তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু থাকিবলৈ পৰামৰ্শ দিছে বিল গেটছে।

শেহতীয়াকৈ, সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ‘আমি এতিয়ালৈকে ক’ভিডৰ ভয়ানক ৰূপ দেখা নাই। আমি এতিয়াও বিপদাশংকাত আছোঁ। মোৰ মতে, সমগ্ৰ বিশ্বই ডেল্টা বা অমিক্ৰনতকৈ অধিক ভয়াৱহ ভেৰিয়েণ্টৰ প্ৰকোপ দেখিব।’

এনে পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক বিশেষজ্ঞসকলক ক’ভিড প্ৰতিৰোধ বাবে যুটীয়াভাৱে কাম কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বিল গেটছে। তেওঁ কয়, ‘আমি বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত এই বিষয়ত অতিৰিক্ত বিনিয়োগ কৰিব লাগিব। যাতে আগতীয়াকৈ পদক্ষেপ ল'ব পাৰি।’

বিলে দুখ প্ৰকাশ কৰি কয়, ‘ভাবি দুখ লাগিছে যে আমি এই বিষয়ত ভালকৈ মনোযোগ দিয়া নাই।  বিশ্বৰ নাগৰিকসকলৰ জীৱন ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। ’ 

স্মৰ্তব্য যে, বিল গেটছে এয়াই প্ৰথমবাৰৰ বাবে সতৰ্ক কৰি দিয়া নাই। বিগত কেইবাবছৰ ধৰি মহামাৰীৰ বিষয়ে বিশ্ববাসীক সতৰ্কবাণী শুনাই  আহিছে তেওঁ। আনকি ক’ভিডৰ পূৰ্বে, ২০১৫ চনতে এটা ছুপাৰ ভাইৰাছে বিশ্বক আক্ৰমণ কৰিব পাৰে বুলি ভৱিষ্যতবাণী কৰিছিল তেওঁ। এই বিষয়ক কেন্দ্ৰ কৰি এখন কিতাপো লিখিছে বিল গেটছে। গ্ৰন্থখনৰ নাম আছিল ‘How to Prevent the Next Pandemic.’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল