--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীন, দক্ষিণ কোৰিয়াৰ দৰে কিছুমান দেশত ক’ভিডে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে। অৱশ্যে, পৃথিৱীৰ আন দেশসমূহত মহামাৰী এতিয়া প্ৰায় নিয়ন্ত্ৰণত আছে। ভাৰতত দৈনিক সংক্ৰমণ আন দেশসমূহৰ তুলনাত তুলনামূলকভাৱে কম। ক’ভিডে বিদায় ল'ব নেকি? আশাবাদী মানুহৰ মনত যেতিয়া এনে চিন্তাই ক্ৰিয়া কৰা দেখা গৈছে তেনে সময়তে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে সম্পূৰ্ণ বিপৰীত মন্তব্য কৰা দেখা গৈছে। 

অনাগত দিনবোৰত পৃথিৱীয়ে অধিক বিপদজনক ৰূপৰ সন্মুখীন হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বিল গেটছে। ডেল্টা বা অমিক্ৰনতকৈ অধিক সংক্ৰামক হ'ব পাৰে এই ভেৰিয়েণ্ট। তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু থাকিবলৈ পৰামৰ্শ দিছে বিল গেটছে।

শেহতীয়াকৈ, সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ‘আমি এতিয়ালৈকে ক’ভিডৰ ভয়ানক ৰূপ দেখা নাই। আমি এতিয়াও বিপদাশংকাত আছোঁ। মোৰ মতে, সমগ্ৰ বিশ্বই ডেল্টা বা অমিক্ৰনতকৈ অধিক ভয়াৱহ ভেৰিয়েণ্টৰ প্ৰকোপ দেখিব।’

এনে পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক বিশেষজ্ঞসকলক ক’ভিড প্ৰতিৰোধ বাবে যুটীয়াভাৱে কাম কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বিল গেটছে। তেওঁ কয়, ‘আমি বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত এই বিষয়ত অতিৰিক্ত বিনিয়োগ কৰিব লাগিব। যাতে আগতীয়াকৈ পদক্ষেপ ল'ব পাৰি।’

বিলে দুখ প্ৰকাশ কৰি কয়, ‘ভাবি দুখ লাগিছে যে আমি এই বিষয়ত ভালকৈ মনোযোগ দিয়া নাই।  বিশ্বৰ নাগৰিকসকলৰ জীৱন ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। ’ 

স্মৰ্তব্য যে, বিল গেটছে এয়াই প্ৰথমবাৰৰ বাবে সতৰ্ক কৰি দিয়া নাই। বিগত কেইবাবছৰ ধৰি মহামাৰীৰ বিষয়ে বিশ্ববাসীক সতৰ্কবাণী শুনাই  আহিছে তেওঁ। আনকি ক’ভিডৰ পূৰ্বে, ২০১৫ চনতে এটা ছুপাৰ ভাইৰাছে বিশ্বক আক্ৰমণ কৰিব পাৰে বুলি ভৱিষ্যতবাণী কৰিছিল তেওঁ। এই বিষয়ক কেন্দ্ৰ কৰি এখন কিতাপো লিখিছে বিল গেটছে। গ্ৰন্থখনৰ নাম আছিল ‘How to Prevent the Next Pandemic.’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?