--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰব সাগৰৰ পৰা উৎপত্তি হোৱা ঘূৰ্ণীবতাহ বিপৰ্যজয় দ্ৰুতগতিত গুজৰাটৰ উপকূলৰ দিশে আগবাঢ়িছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি বিয়লি ৩ৰ পৰা ৪ বজাৰ ভিতৰত গুজৰাটৰ কুটচৰ জাখৌ উপকূলত ‘বিপৰ্যয়য়ে আঘাত হানিব পাৰে। একে সময়তে দেৱভূমি দ্বাৰকাৰ ধুমুহাৰ গতিবেগ প্ৰতি ঘণ্টাত ১৪৫ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ইতিমধ্যে ধুমুহাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশাসনে। গুজৰাটত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ ৰে’ল মন্ত্ৰালয় আৰু বতৰ বিজ্ঞান বিভাগে দিল্লীত এটা যুদ্ধকক্ষ স্থাপন কৰিছে। একে সময়তে এন ডি আৰ এফে এটা কণ্ট্ৰলৰুমও প্ৰস্তুত কৰিছে। ৪খন নৌসেনাৰ জাহাজো যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে সাজু কৰি ৰখা আছে। সেনা, বায়ুসেনা আৰু উপকূলৰক্ষীৰ দলকো সাজু ৰখা হৈছে। এন ডি আৰ এফৰ ১৯টা দল গুজৰাটত আৰু ১৪টা দল মহাৰাষ্ট্ৰত নিয়োজিত হৈ আছে। এই পৰ্যন্ত গুজৰাটত ৫০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। গুজৰাটলৈ যোৱা ৭০খনতকৈও অধিক ৰে’ল ইতিমধ্যে বাতিল কৰিছে ৰে’ল বিভাগে।

আৰু পঢ়ক:  মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই! সেনাই আৰম্ভ কৰিছে তালাচী অভিযান

আনহাতে উত্তৰ-পূব আৰব সাগৰৰ ওপৰত গঠিত অত্যন্ত ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহা বিপৰ্যয়ে লাহে লাহে উত্তৰ দিশলৈ গতি কৰিছে। আজি ১৪ জুন তাৰিখে ০৫:৩০ বজাত IST বজাত ই ২১.৯° উত্তৰ আৰু ৬৬.৩° পূব অক্ষাংশৰ ওচৰত, জাখৌ বন্দৰৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ পশ্চিম-দক্ষিণ, দেৱভূমি দ্বাৰকাৰ পৰা ২৯০ কিলোমিটাৰ পশ্চিম-দক্ষিণ পোৰবন্দৰৰ পৰা ৩৫০ কিলোমিটাৰ পশ্চিম-উত্তৰে ৩০০ কিলোমিটাৰ একে সময়তে কৰাচী (পাকিস্তান)ৰ দক্ষিণ-পশ্চিমে ৩৫০ কিলোমিটাৰ বেগত থাকিব এই ধুমুহা।

উত্তৰ-পূব দিশত গতি কৰি সৌৰাষ্ট্ৰ-কুচ পাৰ হৈ যোৱা ১৫ জুনৰ সন্ধিয়াৰ ভিতৰত জাখৌ বন্দৰৰ (গুজৰাট) সমীপৰ মাণ্ডৱীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। একে সময়তে কৰাচীৰ মাজত পাকিস্তানৰ উপকূলৰ কাষত অতি ভয়াৱহ ৰূপত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে। এই সময়ত ১২০ৰ পৰা ১৩০ৰ পৰা ১৪০ কিলোমিটাৰ বেগত চলিব পাৰে

বতৰ বিজ্ঞান সংস্থা স্কাইমেটৰ তথ্য অনুসৰি আগন্তুক ২৪ ঘণ্টাত সৌৰাষ্ট্ৰ, কুচ্চ, অসম, ছিকিম আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ উপকূলীয় অঞ্চলত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হ’ব পাৰে। আজি গুজৰাটৰ উপকূলৰ উত্তৰ-পূব আৰব সাগৰৰ ওপৰেৰে অতি প্ৰচণ্ড বতাহ বলাৰো সম্ভাৱনা আছে। উপকূলীয় কৰ্ণাটক আৰু কেৰালাত লঘুৰ পৰা মধ্যমীয়া আকাৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

গুজৰাট অঞ্চল, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পূব মধ্য প্ৰদেশৰ কিছু অংশ, ছত্তীশগড় আৰু লক্ষদ্বীপৰ ওপৰত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশৰ কিছু অংশ, অভ্যন্তৰীণ তামিলনাডু, পশ্চিমবংগ, ওড়িশা আৰু উত্তৰ-পূব বিহাৰত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement