--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰা গৈছিল কইনা আনিবলৈ। কিন্তু কইনাৰ অবিহনে খালী হাতে উভতিল দৰা। দৰাই কইনাক ডিঙিত পিন্ধা অলংকাৰ অৰ্থাত নেকলেছ নিদিয়া বাবে এই বিয়া বাতিল কৰে। উত্তৰ প্ৰদেশৰ হৰদয়ত ঘটিছে এই ঘটনা। দৰায়ে উপহাৰ হিচাপে নেকেলেচ নিদিয়াৰ বাবে কইনাজনীয়ে বিয়া কৰিবলৈ অস্বীকাৰ কৰে। 

ঘণ্টাৰ পাছত ঘণ্টা পঞ্চায়তৰ পাছতো কইনাই বিয়াত সন্মতি নিদিয়াত খালী হাতে উভতিল বৰযাত্ৰী। সময়মতে কইনাৰ ঘৰত উপস্থিত হৈছিল দৰা।  ইয়াৰ পাছত আৰম্ভ হ’ল বৰযাত্ৰীসকলৰ আতিথ্য। তাৰপাছত আৰম্ভ হ’ল ইছলাম ধৰ্ম মতে বিবাহৰ ৰীতি-নীতি। দৰাৰ ফালৰ পৰা গহনা উপহাৰ দিওঁতে তাত কোনো নেকলেচ নেদেখিলে কইনাঘৰীয়াই। কইনা ঘৰৰ মহিলাসকলৰ মাজত ফুচফুচনি আৰম্ভ হ’ল। যেতিয়া ছোৱালীজনীয়ে গম পালে যে তেওঁৰ বাবে নেকলেচ উপহাৰ হিচাপে অহা নাই, তেতিয়া কইনাই বিয়া কৰাবলৈ স্পষ্টকৈ অস্বীকাৰ কৰিলে।


তেতিয়া ল’ৰা পক্ষই আৰক্ষীক এহাজাৰ দিয়ে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুয়োপক্ষকে থানালৈ লৈ যায়। আনকি ছোৱালীজনীৰ পক্ষক বুজাই আৰু হেঁচা দিয়াৰ পিছতো যেতিয়া ছোৱালীজনীয়ে বিয়া হ’বলৈ মান্তি নহ’ল, তেতিয়া কইনা নোহোৱাকৈয়ে বৰযাত্ৰী ঘূৰি আহিবলগীয়া হ’ল।

ভাৰপ্ৰাপ্ত পৰিদৰ্শক সুনীল দত্তই কয় ছোৱালীজনীক বহুত বুজাই-বঢ়াইও মান্তি কৰিব পৰা নগ’ল, য’ত একো কৰিব নোৱাৰি।





 



FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান