--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ অন্যতম জনপ্ৰিয় উপন্যাস ‘দেৱদাস’। উপন্যাসখনৰ কাহিনীৰ আধাৰত কেইবাখনো ছবি নিৰ্মাণ কৰা হৈছে। ২০০২ চনত সঞ্জয় লীলা ভাঞ্চালীয়ে উপন্যাসখনৰ আধাৰত ‘দেৱদাস’ ছবি নিৰ্মাণ কৰিছিল। ছবিখনত অভিনয় কৰিছিল শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায় বচ্চন আৰু মাধুৰী দীক্ষিতে।

২০০৯ চনত অনুৰাগ কাশ্যপে একেখন উপন্যাসৰ কাহিনী আধুনিকভাৱে উপস্থাপন কৰিছিল। ছবিখনৰ নাম আছিল ‘দেৱ ডি’। ছবিখনে দৰ্শকৰ মাজত এক ধুমুহাৰ সৃষ্টি কৰিছিল। সমালোচকৰো প্ৰশংসা পাইছিল। কিন্তু 'দেৱদাস’ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে ‘দেৱ ডি’ক একেবাৰেই ভাল নাপালে বুলি শেহতীয়াকৈ অনুৰাগ কাশ্যপে কয়।

অনুৰাগ কাশ্যপৰ ছবি ‘দেৱ ডি’ ২০০৯ চনত মুক্তি লাভ কৰিছিল। এই ছবিখন আছিল ‘দেৱদাস’ৰ আধুনিক সংস্কৰণ। সেইসময়ৰ উদীয়মান অভিনেতা অভয় দেওলে ছবিখনত দেৱদাসৰ চৰিত্ৰত অভিনয় কৰিছিল। মাহি গিলক দেৱদাসৰ শৈশৱৰ বন্ধু পাৰু হিচাপে দেখা গৈছিল। চন্দ্ৰমুখীৰ চৰিত্ৰত অভিনয় কৰিছিল কল্কি কেনকলাই।

সাম্প্ৰতিক দিল্লী আৰু পঞ্জাৱৰ প্ৰেক্ষাপটত অনুৰাগে কাহিনীটো উপস্থাপন কৰিছিল। চৰিত্ৰটোৰ মূল সাৰমৰ্ম একে হ’লেও কাহিনী অনুসৰি তেওঁলোকৰ কাপোৰ-কানি আৰু সজ্জা সলনি কৰা হৈছিল। কিন্তু সঞ্জয় লীলা ভাঞ্চালীয়ে ছবিখন আৰু ছবিখনৰ চৰিত্ৰায়ন একেবাৰেই ভাল নাপালে।

এক সাক্ষাৎকাৰত অনুৰাগে কয়- ''সঞ্জয়ে মোক একো কোৱা নাছিল যদিও বিক্ৰমাদিত্য মটৱানেক কৈছিল যে তেওঁ ‘দেৱ ডি’ একেবাৰে ভাল পোৱা নাই।’’ কিন্তু তাৰ বাবেই সঞ্জয়ৰ প্ৰতি তেওঁৰ সন্মান কমি যোৱা নাই বুলিও অনুৰাগে কয়।

২০০৫ চনত মুক্তি লাভ কৰিছিল সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘ব্লেক’। অনুৰাগে সেই সময়ত ছবিখনৰ বিষয়ে সমালোচনাত্মকভাৱে লিখিছিল। সেই ছবিখন তেওঁৰ ভাল নালাগিছিল।

কিন্তু অনুৰাগ আৰু সঞ্জয়ৰ দুয়োজন পাছলৈ ভাল বন্ধু হৈ পৰিছিল। ইজনে সিজনৰ ছবি সমালোচনা কৰাৰ পিছতো দুয়োজন পৰিচালকৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি অনুৰাগে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক