--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ অন্যতম জনপ্ৰিয় উপন্যাস ‘দেৱদাস’। উপন্যাসখনৰ কাহিনীৰ আধাৰত কেইবাখনো ছবি নিৰ্মাণ কৰা হৈছে। ২০০২ চনত সঞ্জয় লীলা ভাঞ্চালীয়ে উপন্যাসখনৰ আধাৰত ‘দেৱদাস’ ছবি নিৰ্মাণ কৰিছিল। ছবিখনত অভিনয় কৰিছিল শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায় বচ্চন আৰু মাধুৰী দীক্ষিতে।

২০০৯ চনত অনুৰাগ কাশ্যপে একেখন উপন্যাসৰ কাহিনী আধুনিকভাৱে উপস্থাপন কৰিছিল। ছবিখনৰ নাম আছিল ‘দেৱ ডি’। ছবিখনে দৰ্শকৰ মাজত এক ধুমুহাৰ সৃষ্টি কৰিছিল। সমালোচকৰো প্ৰশংসা পাইছিল। কিন্তু 'দেৱদাস’ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে ‘দেৱ ডি’ক একেবাৰেই ভাল নাপালে বুলি শেহতীয়াকৈ অনুৰাগ কাশ্যপে কয়।

অনুৰাগ কাশ্যপৰ ছবি ‘দেৱ ডি’ ২০০৯ চনত মুক্তি লাভ কৰিছিল। এই ছবিখন আছিল ‘দেৱদাস’ৰ আধুনিক সংস্কৰণ। সেইসময়ৰ উদীয়মান অভিনেতা অভয় দেওলে ছবিখনত দেৱদাসৰ চৰিত্ৰত অভিনয় কৰিছিল। মাহি গিলক দেৱদাসৰ শৈশৱৰ বন্ধু পাৰু হিচাপে দেখা গৈছিল। চন্দ্ৰমুখীৰ চৰিত্ৰত অভিনয় কৰিছিল কল্কি কেনকলাই।

সাম্প্ৰতিক দিল্লী আৰু পঞ্জাৱৰ প্ৰেক্ষাপটত অনুৰাগে কাহিনীটো উপস্থাপন কৰিছিল। চৰিত্ৰটোৰ মূল সাৰমৰ্ম একে হ’লেও কাহিনী অনুসৰি তেওঁলোকৰ কাপোৰ-কানি আৰু সজ্জা সলনি কৰা হৈছিল। কিন্তু সঞ্জয় লীলা ভাঞ্চালীয়ে ছবিখন আৰু ছবিখনৰ চৰিত্ৰায়ন একেবাৰেই ভাল নাপালে।

এক সাক্ষাৎকাৰত অনুৰাগে কয়- ''সঞ্জয়ে মোক একো কোৱা নাছিল যদিও বিক্ৰমাদিত্য মটৱানেক কৈছিল যে তেওঁ ‘দেৱ ডি’ একেবাৰে ভাল পোৱা নাই।’’ কিন্তু তাৰ বাবেই সঞ্জয়ৰ প্ৰতি তেওঁৰ সন্মান কমি যোৱা নাই বুলিও অনুৰাগে কয়।

২০০৫ চনত মুক্তি লাভ কৰিছিল সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘ব্লেক’। অনুৰাগে সেই সময়ত ছবিখনৰ বিষয়ে সমালোচনাত্মকভাৱে লিখিছিল। সেই ছবিখন তেওঁৰ ভাল নালাগিছিল।

কিন্তু অনুৰাগ আৰু সঞ্জয়ৰ দুয়োজন পাছলৈ ভাল বন্ধু হৈ পৰিছিল। ইজনে সিজনৰ ছবি সমালোচনা কৰাৰ পিছতো দুয়োজন পৰিচালকৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি অনুৰাগে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু