--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে আশাহত হ’ল দেশবাসী। যোৱাবাৰ আছিল নিউজিলেণ্ড আৰু এইবাৰ অষ্ট্ৰেলিয়া। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কেংগাৰু বাহিনীৰ হাতত টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয় হৈছে।

মেচখনৰ পঞ্চম দিনা টীম ইণ্ডিয়াক বিজয়ৰ বাবে প্ৰয়োজন আছিল ২৮০ ৰাণ। হাতত আছিল সাতটা উইকেট। আগদিনাৰ সুন্দৰ প্ৰদৰ্শনেৰে অপৰাজীত হৈ আছিল বিৰাট কোহলী আৰু ৰাহানে। কেইবাখনো টেষ্ট মেচত অনবদ্য যুটীৰে দলক বিজয়ৰ মুখ দেখুওৱা কোহলী আৰু ৰাহানেই এইবাৰো হাঁহি বিৰিঙাব বুলি আশা কৰা হৈছিল।

কিন্ত পঞ্চম দিনাৰ খেলৰ আৰম্ভণিতেই পেভিলিঅ’নমুখী হয় বিৰাট কোহলী। ফাষ্ট বলাৰ স্কট ব’লেণ্ডৰ বলত ৪৯ ৰাণ কৰি থকা অৱস্থাত স্টিভ স্মিথৰ হাতত ধৰা পৰে কোহলী। হতাশ হৈ পৰে অনুৰাগীমহল।

কোহলীৰ পথেই অনুসৰণ কৰে ৰবীন্দ্ৰ জাডেজাইও। প্ৰথম ইনিংছত সুন্দৰ প্ৰদৰ্শন কৰা জাডেজাই মাত্ৰ দুটা বলতে আউট হয়। স্কট বলেণ্ডৰ বলত উইকেটকৰক্ষক এলেক্স কেৰীৰ হাতত ধৰা পৰে জাডেজা।

জাডেজাৰ পাছত শ্ৰীকৰ ভাৰত আৰু ৰাহানেই কিছু স্থিতি লাভ কৰিবলৈ চেষ্টা কৰিলেও এইবাৰ মিচেল ষ্টাৰ্কৰ চিকাৰ হয় ৰাহানে। ৰাহানেই কৰে ১০৮ টা বলত ৪৬ ৰাণ। লগে লগে ভাৰতৰ বিজয় অথবা মেচ ড্ৰ’ৰ সম্ভাৱনা শেষ হয়। 

প্ৰথম ইনিংছত দূৰ্দান্ত অৰ্ধশতক অৰ্জন কৰা ছাৰ্দুল ঠাকুৰে পাঁচটা বল খেলিয়েই পেভিলিঅ’নমুখী হয়। নাথান লিঅ’নৰ বলত আউট হয় ছাৰ্দুল। তাৰপাছতে এটা এটাকৈ উইকেট পতন হ’বলৈ আৰম্ভ কৰে।

অষ্ট্ৰেলিয়াৰ মহাপ্ৰতাপী বলিং লাইন আপৰ সন্মুখত এইদৰেই ঠৰকাছুটি হেৰুৱায় টীম ইণ্ডিয়াই। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ স্ক’ট বলেণ্ড আৰু নাথান লিঅ’নে তিনিটাকৈ লাভ কৰে। দুটা উইকেট লাভ কৰে মিচেল ষ্টাৰ্কে।

উল্লেখ্য যে দ্যা অভেলৰ সেউজীয়া পিটছত অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৬৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ২৯৬ ৰাণতে অল আউট হয়। দ্বিতীয় ইনিংছত ২৭০ ৰাণ কৰি থকা অৱস্থাত অষ্ট্ৰেলিয়াই ইনিংছ ঘোষণা কৰে। ভাৰতৰ বাবে প্ৰয়োজন হয় ৪৪৪ ৰাণ। কিন্তু ২৩৪ ৰাণতে অল আউট হৈ শোচনীয় পৰাজয় ঘটে টীম ইণ্ডিয়াৰ। ২০৯ ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হয় কেংগাৰুবাহিনী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু