--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে আশাহত হ’ল দেশবাসী। যোৱাবাৰ আছিল নিউজিলেণ্ড আৰু এইবাৰ অষ্ট্ৰেলিয়া। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কেংগাৰু বাহিনীৰ হাতত টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয় হৈছে।

মেচখনৰ পঞ্চম দিনা টীম ইণ্ডিয়াক বিজয়ৰ বাবে প্ৰয়োজন আছিল ২৮০ ৰাণ। হাতত আছিল সাতটা উইকেট। আগদিনাৰ সুন্দৰ প্ৰদৰ্শনেৰে অপৰাজীত হৈ আছিল বিৰাট কোহলী আৰু ৰাহানে। কেইবাখনো টেষ্ট মেচত অনবদ্য যুটীৰে দলক বিজয়ৰ মুখ দেখুওৱা কোহলী আৰু ৰাহানেই এইবাৰো হাঁহি বিৰিঙাব বুলি আশা কৰা হৈছিল।

কিন্ত পঞ্চম দিনাৰ খেলৰ আৰম্ভণিতেই পেভিলিঅ’নমুখী হয় বিৰাট কোহলী। ফাষ্ট বলাৰ স্কট ব’লেণ্ডৰ বলত ৪৯ ৰাণ কৰি থকা অৱস্থাত স্টিভ স্মিথৰ হাতত ধৰা পৰে কোহলী। হতাশ হৈ পৰে অনুৰাগীমহল।

কোহলীৰ পথেই অনুসৰণ কৰে ৰবীন্দ্ৰ জাডেজাইও। প্ৰথম ইনিংছত সুন্দৰ প্ৰদৰ্শন কৰা জাডেজাই মাত্ৰ দুটা বলতে আউট হয়। স্কট বলেণ্ডৰ বলত উইকেটকৰক্ষক এলেক্স কেৰীৰ হাতত ধৰা পৰে জাডেজা।

জাডেজাৰ পাছত শ্ৰীকৰ ভাৰত আৰু ৰাহানেই কিছু স্থিতি লাভ কৰিবলৈ চেষ্টা কৰিলেও এইবাৰ মিচেল ষ্টাৰ্কৰ চিকাৰ হয় ৰাহানে। ৰাহানেই কৰে ১০৮ টা বলত ৪৬ ৰাণ। লগে লগে ভাৰতৰ বিজয় অথবা মেচ ড্ৰ’ৰ সম্ভাৱনা শেষ হয়। 

প্ৰথম ইনিংছত দূৰ্দান্ত অৰ্ধশতক অৰ্জন কৰা ছাৰ্দুল ঠাকুৰে পাঁচটা বল খেলিয়েই পেভিলিঅ’নমুখী হয়। নাথান লিঅ’নৰ বলত আউট হয় ছাৰ্দুল। তাৰপাছতে এটা এটাকৈ উইকেট পতন হ’বলৈ আৰম্ভ কৰে।

অষ্ট্ৰেলিয়াৰ মহাপ্ৰতাপী বলিং লাইন আপৰ সন্মুখত এইদৰেই ঠৰকাছুটি হেৰুৱায় টীম ইণ্ডিয়াই। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ স্ক’ট বলেণ্ড আৰু নাথান লিঅ’নে তিনিটাকৈ লাভ কৰে। দুটা উইকেট লাভ কৰে মিচেল ষ্টাৰ্কে।

উল্লেখ্য যে দ্যা অভেলৰ সেউজীয়া পিটছত অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৬৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ২৯৬ ৰাণতে অল আউট হয়। দ্বিতীয় ইনিংছত ২৭০ ৰাণ কৰি থকা অৱস্থাত অষ্ট্ৰেলিয়াই ইনিংছ ঘোষণা কৰে। ভাৰতৰ বাবে প্ৰয়োজন হয় ৪৪৪ ৰাণ। কিন্তু ২৩৪ ৰাণতে অল আউট হৈ শোচনীয় পৰাজয় ঘটে টীম ইণ্ডিয়াৰ। ২০৯ ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হয় কেংগাৰুবাহিনী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ