--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু পঞ্জিকা অনুসৰি মহাশিৱৰাত্ৰিৰ উৎসৱ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত পালন কৰা হয়। এইবাৰ ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ আজি মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হৈছে। বিশ্বাস মতে মহাশিৱৰাত্ৰি হৈছে ভগৱান শিৱৰ পূজাৰ পৰম দিন। আজি মহাশিৱৰাত্ৰিৰ দিনা বহু মানুহে উপবাসে থাকিব। আজিৰ দিনটোত কি কি কৰিব নালাগে জানি লওক

১) ক'লা কাপোৰ পৰিহাৰ কৰকঃ মহাশিৱৰাত্ৰিত স্নান নকৰাকৈ একো নাখাব। উপবাসে নাথাকিলেও গা নোধোৱাকৈ খাদ্য গ্ৰহণ নকৰিব। মহাশিৱৰাত্ৰিৰ দিনা ক'লা কাপোৰ পিন্ধিব নালাগে। এই দিনটোত ক’লা কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়। 

২) এইবোৰ নাখাবঃ শিৱৰাত্ৰিৰ উৎসৱত দালি, চাউল বা ঘেঁহুৰে তৈয়াৰী খাদ্য সামগ্ৰী সেৱন নকৰিব। উপবাসৰ সময়ত গাখীৰ বা ফলমূল সেৱন কৰিব পাৰে। এই দিনটোত ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুলে শৰীৰ আৰু মন শুদ্ধ হয়। গতিকে এই কামেৰে দিনটো আৰম্ভ কৰক। নতুন বা পৰিষ্কাৰ কাপোৰ পিন্ধি ব্ৰতৰ প্ৰতিজ্ঞা লওক।

৩) ৰাতি শুব নালাগেঃ শিৱৰাত্ৰি উৎসৱত দেৰিলৈকে শুব নালাগে আৰু ৰাতি শুব নালাগে। ভগৱান শিৱৰ ভজন শুনক আৰু আৰতি কৰক। 

৪) শিৱলিংগত কুমকুম নলগাবঃ শিৱলিংগত কেতিয়াও কুমকুম তিলক প্ৰয়োগ নকৰিব। মহাশিৱৰাত্ৰিত ভোলেনাথক সন্তুষ্ট কৰিবলৈ চন্দনৰ ফোঁট লগাব পাৰে। অৱশ্যে ভক্তই মা পাৰ্বতী আৰু ভগৱান গণেশৰ মূৰ্তিত কুমকুমৰ তিলক প্ৰয়োগ কৰিব পাৰে।

৫) ভঙা চাউল নিদিবঃ ভঙা চাউল ভগৱান শিৱৰ পূজাত ভুলতো আগবঢ়াব নালাগে। অক্ষত মানে অখণ্ড চাউল, ই নিখুঁততাৰ প্ৰতীক। সেইবাবেই ভগৱান শিৱক অক্ষত চাউল অৰ্পণ কৰিব লাগে। 

৬) কেতেকী ফুল নিদিবঃ ভগৱান শিৱক ভুলতো কেতেকী আৰু চম্পা ফুল নিদিব। কোৱা হয় যে এই ফুলক ভগৱান শিৱই অভিশাপ দিছিল। কেতকি ফুল বগা হ’লেও ভোলেনাথৰ পূজাত অৰ্পণ কৰিব নালাগে।

৭) ফটা-চিঙা বেলপাতঃ শিৱৰাত্ৰিৰ দিনা শিৱক তিনিটা পাত সম্পূৰ্ণকৈ থকা বেলপাত আগবঢ়াওক। ফাটি যোৱা বেলপাত দিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়