--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু পঞ্জিকা অনুসৰি মহাশিৱৰাত্ৰিৰ উৎসৱ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত পালন কৰা হয়। এইবাৰ ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ আজি মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হৈছে। বিশ্বাস মতে মহাশিৱৰাত্ৰি হৈছে ভগৱান শিৱৰ পূজাৰ পৰম দিন। আজি মহাশিৱৰাত্ৰিৰ দিনা বহু মানুহে উপবাসে থাকিব। আজিৰ দিনটোত কি কি কৰিব নালাগে জানি লওক

১) ক'লা কাপোৰ পৰিহাৰ কৰকঃ মহাশিৱৰাত্ৰিত স্নান নকৰাকৈ একো নাখাব। উপবাসে নাথাকিলেও গা নোধোৱাকৈ খাদ্য গ্ৰহণ নকৰিব। মহাশিৱৰাত্ৰিৰ দিনা ক'লা কাপোৰ পিন্ধিব নালাগে। এই দিনটোত ক’লা কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়। 

২) এইবোৰ নাখাবঃ শিৱৰাত্ৰিৰ উৎসৱত দালি, চাউল বা ঘেঁহুৰে তৈয়াৰী খাদ্য সামগ্ৰী সেৱন নকৰিব। উপবাসৰ সময়ত গাখীৰ বা ফলমূল সেৱন কৰিব পাৰে। এই দিনটোত ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুলে শৰীৰ আৰু মন শুদ্ধ হয়। গতিকে এই কামেৰে দিনটো আৰম্ভ কৰক। নতুন বা পৰিষ্কাৰ কাপোৰ পিন্ধি ব্ৰতৰ প্ৰতিজ্ঞা লওক।

৩) ৰাতি শুব নালাগেঃ শিৱৰাত্ৰি উৎসৱত দেৰিলৈকে শুব নালাগে আৰু ৰাতি শুব নালাগে। ভগৱান শিৱৰ ভজন শুনক আৰু আৰতি কৰক। 

৪) শিৱলিংগত কুমকুম নলগাবঃ শিৱলিংগত কেতিয়াও কুমকুম তিলক প্ৰয়োগ নকৰিব। মহাশিৱৰাত্ৰিত ভোলেনাথক সন্তুষ্ট কৰিবলৈ চন্দনৰ ফোঁট লগাব পাৰে। অৱশ্যে ভক্তই মা পাৰ্বতী আৰু ভগৱান গণেশৰ মূৰ্তিত কুমকুমৰ তিলক প্ৰয়োগ কৰিব পাৰে।

৫) ভঙা চাউল নিদিবঃ ভঙা চাউল ভগৱান শিৱৰ পূজাত ভুলতো আগবঢ়াব নালাগে। অক্ষত মানে অখণ্ড চাউল, ই নিখুঁততাৰ প্ৰতীক। সেইবাবেই ভগৱান শিৱক অক্ষত চাউল অৰ্পণ কৰিব লাগে। 

৬) কেতেকী ফুল নিদিবঃ ভগৱান শিৱক ভুলতো কেতেকী আৰু চম্পা ফুল নিদিব। কোৱা হয় যে এই ফুলক ভগৱান শিৱই অভিশাপ দিছিল। কেতকি ফুল বগা হ’লেও ভোলেনাথৰ পূজাত অৰ্পণ কৰিব নালাগে।

৭) ফটা-চিঙা বেলপাতঃ শিৱৰাত্ৰিৰ দিনা শিৱক তিনিটা পাত সম্পূৰ্ণকৈ থকা বেলপাত আগবঢ়াওক। ফাটি যোৱা বেলপাত দিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ