--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিটো গলিতে অন্ততঃ এটাকৈ শিৱৰ মন্দিৰ দেখিবলৈ পোৱা যায়। শিৱৰ মন্দিৰত শিৱলিংগক পূজা কৰা হয় আৰু ইয়াক ভগৱান শিৱৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সমগ্ৰ দেশতে বহুতো প্ৰাচীন শিৱলিংগ আছে। হিন্দু ধৰ্মত শিৱলিংগ আৰু জ্যোতিৰ্লিংগ দুয়োটা ৰূপতে ভগৱান শিৱক পূজা কৰা হয়। শিৱলিংগ আৰু জ্যোতিৰ্লিংগৰ পাৰ্থক্যৰ বিষয়ে বেছিভাগ মানুহেই নাজানে। শিৱলিংগ সমগ্ৰ বিশ্বৰ সকলোতে পোৱা যায় কিন্তু জ্যোতিৰ্লিংগ আছে মাত্ৰ ১২টা। বহু মানুহেই জ্যোতিৰ্লিংগ আৰু শিৱলিংগ দুয়োটা একে বুলি ভাবে, কিন্তু সেয়া নহয়। দুয়োৰে মাজত বহুত পাৰ্থক্য আছে। 

১২টা জ্যোতিৰ্লিংগৰ নাম- সোমেশ্বৰ বা সোমনাথ, শ্ৰীশৈলাম মল্লিকাৰ্জুন, মহাকালেশ্বৰ, ওমকাৰেশ্বৰ, কেদাৰনাথ, ভীমশংকৰ, বিশ্বেশ্বৰ, ত্ৰিম্বকেশ্বৰ, বৈদ্যনাথ, নাগেশ্বৰ, ৰামেশ্বৰম, ঘুষ্মেশ্বৰ। সোমনাথক প্ৰথম জ্যোতিৰ্লিংগ বুলি গণ্য কৰা হয় যিটো গুজৰাটত অৱস্থিত।

শিৱলিংগ আৰু জ্যোতিৰ্লিংগৰ মাজৰ পাৰ্থক্য 

শিৱলিংগঃ শিৱলিংগৰ অৰ্থ শাস্ত্ৰত কোৱা হৈছে। যাৰ আৰম্ভণিও নাই আৰু অন্তও নাই। শিৱলিংগ হৈছে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ আদি-কালজয়ী একক ৰূপ। শিৱলিংগ পুৰুষ আৰু প্ৰকৃতিৰ সমতাৰ প্ৰতীক, শিৱলিংগই দেখুৱাইছে যে কেৱল পুৰুষ বা নাৰী দুয়োৰে এই পৃথিৱীত পৃথকে পৃথকে কোনো আধিপত্য নাই, দুয়ো সমান। শিৱলিংগ প্ৰতিষ্ঠা কৰে মানুহে। কিছুমান শিৱলিংগ নিজে আৱিৰ্ভাৱ হয় আৰু কিছুমান মানুহে নিৰ্মাণ কৰে। 

জ্যোতিৰ্লিংগঃ জ্যোতিৰ্লিংগ হৈছে ভগৱান শিৱৰ স্বনামধন্য দেৱতাৰ অৱতাৰ। জ্যোতিৰ্লিংগ মানে ভগৱান শিৱৰ জ্যোতি ৰূপত প্ৰকাশ। জ্যোতিৰ্লিংগবোৰ মানুহে সৃষ্টি কৰা নহয় আৰু কৰিবও নোৱাৰে। জ্যোতিৰ্লিংগ নিজে নিজে আৱিৰ্ভাৱ হয়। বিশ্বব্ৰহ্মাণ্ডৰ কল্যাণৰ বাবে আৰু ইয়াক গতিশীল কৰি ৰাখিবলৈ জ্যোতিৰ্লিংগৰ আৱিৰ্ভাৱ হৈছে। শিৱলিংগ সমগ্ৰ বিশ্বত বহুত থাকিব পাৰে কিন্তু জ্যোতিৰ্লিংগ মাত্ৰ ১২টা আছে আৰু এই সকলোবোৰ ভাৰত দেশত অৱস্থিত। কোৱা হয় যে য’তেই জ্যোতিৰ্লিংগ আছে, তাতেই স্বয়ং ভগৱান শিৱই পোহৰৰ ৰূপত আবিৰ্ভাৱ হৈছিল। ১২টা জ্যোতিৰ্লিংগৰ বাবেই পৃথিৱী নিজৰ অক্ষত স্থানত ঘূৰি আছে। ইয়াৰ বাবেই পৃথিৱীত জীৱই জীৱন ধাৰণ কৰি আছে।

জ্যোতিৰ্লিংগৰ কিংবদন্তি

শিৱপুৰাণত জ্যোতিৰ্লিংগক লৈ এটা কাহিনী আছে। শিৱপুৰাণৰ মতে এবাৰ ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ মাজত দুয়োৰে ভিতৰত কোন শ্ৰেষ্ঠ সেই লৈ বিবাদ হৈছিল আৰু দুয়োজনে নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিবলৈ সংকল্পবদ্ধ হৈছিল। এই ভ্ৰম দূৰ কৰিবলৈ ভগৱান শিৱই এক জ্যোতিৰ স্তম্ভৰ ৰূপত আবিৰ্ভাৱ হৈছিল, যাৰ আৰম্ভণি বা অন্ত নাছিল। ব্ৰহ্মা-বিষ্ণুৱে জ্যোতিৰ্লিংগৰ আদি-অন্ত দেখা নাপালে। এই পোহৰ ব্ৰহ্মা আৰু বিষ্ণুৱে সহ্য কৰিব নোৱাৰিলে। ইয়াৰ পিছত সিদ্ধান্ত লোৱা হ’ল যে এই ঐশ্বৰিক পোহৰ ব্ৰহ্মা আৰু বিষ্ণুতকৈ উচ্চ। এই জ্যোতি স্তম্ভৰ নাম আছিল জ্যোতিৰ্লিংগ। আনহাতে লিংগৰ অৰ্থ হৈছে প্ৰতীক অৰ্থাৎ পোহৰৰ ৰূপত ভোলেনাথৰ প্ৰকাশ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ প্ৰতীক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়