--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰা মোহনদাস কৰমচান্দ গান্ধী ভাৰতৰ অন্যতম আগশাৰীৰ ৰাজনীতিকসকলৰ মাজৰে এজন আছিল৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক গান্ধীক  স্বাধীনতাৰ পিছত ভাৰতে ৰাষ্ট্ৰৰ পিতৃ হিচাবেই জানি আহিছে৷  ১৯৪৮। জানুৱাৰী ৩০ ৰ দিনটোত জীৱন বন্তি নুমাই গৈছিল গান্ধীজীৰ৷  ভাৰত বিভাজনৰ প্ৰায় ডেৰ বছৰ পিছত বেছিভাগ মানুহৰ মাজতে  মহাত্মা গান্ধী  হিচাবে সেই সময়তে জনাজাত হৈ পৰা  মোহনদাস কৰমচান্দ গান্ধীক দিল্লীৰ বিৰলা হাউচত হত্যা কৰা হৈছিল৷ 

সমগ্ৰ ভাৰত ভ্ৰমণ কৰা মোহনদাস গান্ধীয়ে শেষ মুহূৰ্তত দিল্লীৰ বিৰলা হাউচত থাকিবলৈ সিদ্ধান্ত লৈছিল আৰু তেওঁৰ অন্তিম দিনবোৰ কেনেকুৱা আছিল সেয়া বহুতৰ বাবে আজিও অজ্ঞাত।

বিৰলা হাউচ হৈছে দিল্লীৰ এজন প্ৰখ্যাত ব্যৱসায়ী ঘনশ্যাম দাস বিৰলাৰ এটা ডাঙৰ ঘৰ । তেওঁ গান্ধীৰ অনুগামী আছিল।১৯৪৭ চনৰ ৯ ছেপ্টেম্বৰত শেষবাৰৰ বাবে  গান্ধী দিল্লীলৈ গৈছিল৷আগতে যেতিয়াই তেওঁ দিল্লীলৈ আহিছিল ,তেওঁ 'ভাংগী কলনী' নামৰ ঠাইত আছিল।কিন্তু শেষবাৰৰ বাবে তেওঁ দিল্লীলৈ অহাৰ সময়ত  তেওঁ বিৰলা হাউচত আছিল।মোহনদাস কৰমচান্দ গান্ধী কলকাতাৰ পৰা দিল্লীলৈ আহিছিল। সেই সময়ত হিন্দু আৰু মুছলমানসকলৰ মাজত অস্থিৰতাৰ সৃষ্টি হৈছিল৷  সেই অস্তিৰতা প্ৰশমিত কৰিবলৈ গান্ধী  দিল্লীলৈ আহিছিল।বিৰলা হাউচলৈ বহু সাধাৰণ মানুহে বিভিন্ন অভিযোগ আদি লৈ তেওঁক লগ কৰিবলৈ আহিছিল৷


বিৰলা হাউচৰ পৰাই  গান্ধীয়ে  কেন্দ্ৰীয় মন্ত্ৰী, সচিব আৰু চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়াসকলৰ সৈতে দৈনিক বৈঠক  কৰিছিল।১৯৪৭ চনত পাকিস্তান আৰু ভাৰত নামৰ দুখন দেশ গঠন হোৱাৰ পিছত বহু ৰাজনৈতিক, ধৰ্মীয় আৰু সামাজিক সমস্যাৰ সৃষ্টি হৈছিল৷ভাৰতৰ বিভিন্ন প্ৰান্তত উত্তেজনাই বিৰাজ কৰিছিল। বিৰলা হাউচত থকাৰ সময়ছোৱা একেবাৰে শান্তিৰে কটাব পৰা  নাছিল গান্ধীয়ে৷ 
"গান্ধীয়ে তেওঁক আক্ৰমণ কৰা হ'ব পাৰে বুলি আশংকা থকাৰ পিছতো  কেতিয়াও নিৰাপত্তাৰক্ষী লোৱা  নাছিল। বিৰলা হাউচত গান্ধীৰ কিছু  আত্মীয়, ব্ৰজ কৃষ্ণ চান্দিৱালা, মনু আৰু আভা গান্ধীৰ যত্ন লোৱাৰ দায়িত্বত আছিল।

সেই সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ  একেবাৰে বন্ধ হোৱা নাছিল, গান্ধীয়ে  ১৩ জানুৱাৰীত অনিৰ্দিষ্টকালৰ বাবে অনশন ঘোষণা কৰিছিল।১৯ জানুৱাৰীত  তাৰিখে তেওঁৰ অনশন ভংগ কৰিছিল। কিন্তু দুদিনপিছত বিৰলা হাউচত বোমা  আক্ৰমণ কৰা হয়।অৱশ্যে, সেই সময়ত মোহনদাস গান্ধীৰ কোনো ক্ষতি হোৱা নাছিল। তেওঁক আগতেও কেইবাবাৰো আক্ৰমণ কৰা হৈছিল।গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেই  ৩০ জানুৱাৰীত গান্ধীক হত্যা কৰাৰ দিন হিচাবে বাছি লৈছিল৷  গান্ধীয়ে  পুৱা আৰু সন্ধিয়া প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছিল। সকলো ধৰ্মৰ বিষয়ে আলোচনা কৰা হৈছিল, প্ৰতিদিনে শ শ লোকে সেই প্ৰাৰ্থনাত  অংশগ্ৰহণ কৰিছিল।


সেই সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ বাবে গান্ধীয়ে প্ৰস্তুতি চলাই আছিল। আভা আৰু মনুৰ কান্ধত  ভৰ দি গান্ধী প্ৰাৰ্থনাস্থলীলৈ অগ্ৰসৰ হৈছিল৷  সেই মুহূৰ্তত নাথুৰাম গডছে তেওঁৰ সন্মুখত হাজিৰ হৈছিল৷ নিচেই  ওচৰৰ পৰা  গডছেই গান্ধীক লক্ষ্য কৰি পিষ্টলৰ তিনিটা গুলী নিক্ষেপ কৰিছিল৷  গুলীচালনাৰ আগতে গডছেই  গান্ধীক প্ৰণাম কৰিছিল৷ স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:১৭ বজাত মোহনদাস কৰমচান্দ গান্ধীৰ মৃত্যু হয়।  গুলীচালনাৰ পিছত গান্ধীক  ঘৰৰ ভিতৰলৈ  অনা হৈছিল, কিন্তু  তেওঁ ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিল।গান্ধীৰ হত্যাৰ অভিযোগত  ১৯৪৯ চনৰ ১৫ নৱেম্বৰত গডছেক মৃত্যুদণ্ড দিয়া হয়।

দিল্লীৰ লালকিল্লাত গান্ধী হত্যাকাণ্ডৰ গোচৰৰ বিচাৰৰ সময়ত নাথুৰাম গডছে নিজেই স্বীকাৰ কৰিছিল যে তেওঁ দেশ বিভাজনৰ বাবে গান্ধীক  দায়ী কৰিছিল আৰু সেইবাবেই তেওঁক হত্যা কৰা হৈছে৷ "গান্ধীজীয়ে দেশৰ বাবে যি কৰিছে তাক মই সন্মান কৰোঁ। গুলী চালনাৰ আগতে, মই তেওঁক প্ৰণাম  কৰিছিলো ," নাথুৰাম গডছেই আদালতক কৈছিল।তেওঁৰ এজন সহযোগী নাৰায়ণ আপ্তেকো একে সময়তে ফাঁচী দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু