--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছিল। সেই ভিডিঅ’টোৱে সংবাদ শিৰোনামো দখল কৰিছিল। বাতৰি অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত এটি ৫ বছৰীয়া শিশুৱে পিতৃ-মাতৃৰ অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুক সাবটি লয়। 

হৰিদ্বাৰত সংঘটিত হৈছিল এই কৰুণ ঘটনা। অভিযোগ অনুসৰি তেজৰ কৰ্কটত আক্রান্ত ৫বছৰীয়া শিশুটিক পিতৃ-মাতৃয়ে গংগাস্নান কৰোৱাবলৈ আনোতে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়।

হৰিদ্বাৰৰ গংগা নদীত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱালৈকে ডুবাই ৰখা হৈছিল শিশুটিক। চিকিৎসকে শিশুটোৱে কেতিয়াও কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত জয়ী নহ'ব বুলি কোৱাৰ পাছত পিতৃ-মাতৃয়ে অলৌকিক আৰোগ্যৰ আশা কৰি গংগাস্নান কৰোৱাইছিল।

অন্ধবিশ্বাসী পিতৃ-মাতৃয়ে ভাবিছিল যে যদি তেওঁলোকৰ পুত্ৰই পবিত্র গংগাত স্নান কৰে, তেন্তে তেওঁ এই ৰোগৰ পৰা আৰোগ্য হ'ব। কিন্তু শিশুটিয়ে মৃত্যুকহে সাবটি লয়। ঘটনাটোকলৈ চাঞ্চল্য বিৰাজ কৰে।

ঘটনাটোৱে মানুহক স্তম্ভিত কৰি তুলিছিল। এতিয়া শিশুটিৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আহিছে। ইয়াৰ পৰা জানিব পৰা গ’ল যে শিশুটিৰ মৃত্যু ডুব যোৱাৰ বাবে নহয় বৰঞ্চ এনিমিয়াৰ বাবেহে হৈছিল।

এছ পি চিটি স্বতন্ত্ৰ কুমাৰ সিঙে জনোৱা মতে, বুধবাৰে তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই তেওঁক মৃত ঘোষণা কৰা হৈছিল। বিষয়টোৰ সন্দৰ্ভত তদন্তত জানিব পৰা যায় যে শিশুটিৰ লগত সেই স্থানতে মাতৃ, পিতৃ আৰু মাহীয়েক আছিল। লগতে তেওঁলোকৰ লগত ড্ৰাইভাৰ এজনো আছিল।

ড্ৰাইভাৰজনকো জেৰা কৰে আৰক্ষীয়ে। তাৰপাছতে জানিব পৰা গ’ল যে শিশুটি তেজৰ কৰ্কট ৰোগ আৰু হাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত। ছাৰ গংগাৰাম হাস্পতালত শিশুটি চিকিৎসাধীন হৈ আছিল। তাতেই ডাক্তৰে কৈছিল যে শিশুটো জীয়াই থকাৰ আশা একেবাৰে নাই। ইয়াৰ পাছতে পৰিয়ালটোৱে শেষ আশা লৈ গংগা নদীলৈ আহিছিল। মনত মাত্ৰ এটাই আশা গংগাস্নান কৰাৰ পাছত হয়তো শিশুটো ৰোগৰ পৰা মুক্ত হব। তেওঁলোকে বিশ্বাস কৰিছিল যে গংগাত গা ধুলে হয়তো শিশুটি সুস্থ হৈ উঠিব।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শিশুটিৰ মৃত্যুৰ কাৰণ হিচাপে এনিমিয়া বুলি প্ৰকাশ পাইছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে শিশুটিৰ মৃত্যু ডুব যোৱাৰ বাবে হোৱা নাছিল। শিশুটিৰ আগতেই মৃত্যু হৈছিল। সেয়েহে শৰীৰ ভিতৰলৈ পানী যোৱা নাছিল। শিশুটিৰ মৃতদেহ পিতৃ-মাতৃৰ হাতত গতাই দিয়া হয়। 

পু্ত্ৰ শোকৰ মাজতে প্ৰকৃত সত্য পোহৰলৈ অহাত সকাই পাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক