--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছিল। সেই ভিডিঅ’টোৱে সংবাদ শিৰোনামো দখল কৰিছিল। বাতৰি অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত এটি ৫ বছৰীয়া শিশুৱে পিতৃ-মাতৃৰ অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুক সাবটি লয়। 

হৰিদ্বাৰত সংঘটিত হৈছিল এই কৰুণ ঘটনা। অভিযোগ অনুসৰি তেজৰ কৰ্কটত আক্রান্ত ৫বছৰীয়া শিশুটিক পিতৃ-মাতৃয়ে গংগাস্নান কৰোৱাবলৈ আনোতে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়।

হৰিদ্বাৰৰ গংগা নদীত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱালৈকে ডুবাই ৰখা হৈছিল শিশুটিক। চিকিৎসকে শিশুটোৱে কেতিয়াও কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত জয়ী নহ'ব বুলি কোৱাৰ পাছত পিতৃ-মাতৃয়ে অলৌকিক আৰোগ্যৰ আশা কৰি গংগাস্নান কৰোৱাইছিল।

অন্ধবিশ্বাসী পিতৃ-মাতৃয়ে ভাবিছিল যে যদি তেওঁলোকৰ পুত্ৰই পবিত্র গংগাত স্নান কৰে, তেন্তে তেওঁ এই ৰোগৰ পৰা আৰোগ্য হ'ব। কিন্তু শিশুটিয়ে মৃত্যুকহে সাবটি লয়। ঘটনাটোকলৈ চাঞ্চল্য বিৰাজ কৰে।

ঘটনাটোৱে মানুহক স্তম্ভিত কৰি তুলিছিল। এতিয়া শিশুটিৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আহিছে। ইয়াৰ পৰা জানিব পৰা গ’ল যে শিশুটিৰ মৃত্যু ডুব যোৱাৰ বাবে নহয় বৰঞ্চ এনিমিয়াৰ বাবেহে হৈছিল।

এছ পি চিটি স্বতন্ত্ৰ কুমাৰ সিঙে জনোৱা মতে, বুধবাৰে তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই তেওঁক মৃত ঘোষণা কৰা হৈছিল। বিষয়টোৰ সন্দৰ্ভত তদন্তত জানিব পৰা যায় যে শিশুটিৰ লগত সেই স্থানতে মাতৃ, পিতৃ আৰু মাহীয়েক আছিল। লগতে তেওঁলোকৰ লগত ড্ৰাইভাৰ এজনো আছিল।

ড্ৰাইভাৰজনকো জেৰা কৰে আৰক্ষীয়ে। তাৰপাছতে জানিব পৰা গ’ল যে শিশুটি তেজৰ কৰ্কট ৰোগ আৰু হাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত। ছাৰ গংগাৰাম হাস্পতালত শিশুটি চিকিৎসাধীন হৈ আছিল। তাতেই ডাক্তৰে কৈছিল যে শিশুটো জীয়াই থকাৰ আশা একেবাৰে নাই। ইয়াৰ পাছতে পৰিয়ালটোৱে শেষ আশা লৈ গংগা নদীলৈ আহিছিল। মনত মাত্ৰ এটাই আশা গংগাস্নান কৰাৰ পাছত হয়তো শিশুটো ৰোগৰ পৰা মুক্ত হব। তেওঁলোকে বিশ্বাস কৰিছিল যে গংগাত গা ধুলে হয়তো শিশুটি সুস্থ হৈ উঠিব।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শিশুটিৰ মৃত্যুৰ কাৰণ হিচাপে এনিমিয়া বুলি প্ৰকাশ পাইছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে শিশুটিৰ মৃত্যু ডুব যোৱাৰ বাবে হোৱা নাছিল। শিশুটিৰ আগতেই মৃত্যু হৈছিল। সেয়েহে শৰীৰ ভিতৰলৈ পানী যোৱা নাছিল। শিশুটিৰ মৃতদেহ পিতৃ-মাতৃৰ হাতত গতাই দিয়া হয়। 

পু্ত্ৰ শোকৰ মাজতে প্ৰকৃত সত্য পোহৰলৈ অহাত সকাই পাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু