--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ অৰ্থনীতি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হ’বলৈ গৈ আছে সেই সময়তে ঋণৰ বোজাতো সমানে বুৰ গৈ আছে আমাৰ দেশ। সেয়ে দেশৰ জয়জয় ময়ময়  অৱস্থা বুলি হয়তো কোনেও ক’ব নোৱাৰে।  ২০২৩ চনৰ ২০ মাৰ্চত  সাংসদ নাগেশ্বৰ ৰাৱে সংসদত চৰকাৰী ঋণৰ বিষয়ে এটা প্ৰশ্ন সুধিছিল। 

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সেই প্ৰশ্নৰ উত্তৰত কৈছিল যে  ২০২৩ চনৰ ৩১ মাৰ্চ লৈকে ভাৰত চৰকাৰৰ ১৫৫ লাখ কোটি টকাৰো অধিক টকাৰ ঋণ আছে। ছেপ্টেম্বৰ ২০২৩ -ত, ভাৰতৰ ঋণৰ বোজাই  ১৬১  লাখ কোটি টকাৰ ঘৰ  অতিক্ৰম কৰিছিল। ইয়াৰ অৰ্থ হৈছে যে ছমাহত ভাৰত চৰকাৰৰ ঋণ প্ৰায় ৫ লাখ কোটি টকা অৰ্থাৎ ৪% বৃদ্ধি পাইছিল।অৱশ্যে, বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰত দেশৰ মুঠ ঋণ ২০৫ লাখ কোটি টকা হৈছিল।

 ইয়াৰ ভিতৰত ভাৰত চৰকাৰৰ ১৬১ লাখ কোটি টকাৰ ঋণৰ লগতে ৰাজ্য চৰকৰসমূহৰ ৪৪ লাখ কোটি টকাৰ ঋণ আছিল। লক্ষ্য্ণীয় কথাটো হ’ল যেতিয়া ২০০৪ চনত মনমোহন সিং শাসনলৈ আহিছিল, ভাৰত চৰকাৰৰ মুঠ ঋণ আছিল ১৭ লাখ কোটি টকা। ২০১৪  চনলৈ ই তিনিগুণতকৈও অধিক বৃদ্ধি হৈ ৫৫  লাখ কোটি টকালৈ বৃদ্ধি পাইছিল। 

যিটো ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ১৬১ লাখ কোটিলৈ বৃদ্ধি পাইছে। সেই অনুসৰি, যোৱা ৯  বছৰত, ভাৰত চৰকাৰৰ ঋণ ১৯২% বৃদ্ধি হৈছে। ইয়াত কেন্দ্ৰীয় চৰকাৰে লোৱা ঘৰুৱা আৰু বিদেশী দুয়োধৰণৰ ঋণ অন্তৰ্ভুক্ত আছে। এক কথাত যদি চৰকাৰৰ মুঠ বাজেট ১০০ টকা হয়, তেন্তে ২০  টকা কেৱল ঋণ আৰু ইয়াৰ সূত পৰিশোধ কৰিবলৈয়েই প্ৰয়োজন হয়।  এনে ঋণৰ পৰিমাণ  দেশৰ মুঠ প্ৰতিৰক্ষা বাজেটৰ আঢ়ৈ গুণ, স্বাস্থ্য বাজেটৰ ১০  গুণ আৰু শিক্ষা বাজেটৰ ৭ গুণ। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু