--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ অৰ্থনীতি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হ’বলৈ গৈ আছে সেই সময়তে ঋণৰ বোজাতো সমানে বুৰ গৈ আছে আমাৰ দেশ। সেয়ে দেশৰ জয়জয় ময়ময়  অৱস্থা বুলি হয়তো কোনেও ক’ব নোৱাৰে।  ২০২৩ চনৰ ২০ মাৰ্চত  সাংসদ নাগেশ্বৰ ৰাৱে সংসদত চৰকাৰী ঋণৰ বিষয়ে এটা প্ৰশ্ন সুধিছিল। 

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সেই প্ৰশ্নৰ উত্তৰত কৈছিল যে  ২০২৩ চনৰ ৩১ মাৰ্চ লৈকে ভাৰত চৰকাৰৰ ১৫৫ লাখ কোটি টকাৰো অধিক টকাৰ ঋণ আছে। ছেপ্টেম্বৰ ২০২৩ -ত, ভাৰতৰ ঋণৰ বোজাই  ১৬১  লাখ কোটি টকাৰ ঘৰ  অতিক্ৰম কৰিছিল। ইয়াৰ অৰ্থ হৈছে যে ছমাহত ভাৰত চৰকাৰৰ ঋণ প্ৰায় ৫ লাখ কোটি টকা অৰ্থাৎ ৪% বৃদ্ধি পাইছিল।অৱশ্যে, বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰত দেশৰ মুঠ ঋণ ২০৫ লাখ কোটি টকা হৈছিল।

 ইয়াৰ ভিতৰত ভাৰত চৰকাৰৰ ১৬১ লাখ কোটি টকাৰ ঋণৰ লগতে ৰাজ্য চৰকৰসমূহৰ ৪৪ লাখ কোটি টকাৰ ঋণ আছিল। লক্ষ্য্ণীয় কথাটো হ’ল যেতিয়া ২০০৪ চনত মনমোহন সিং শাসনলৈ আহিছিল, ভাৰত চৰকাৰৰ মুঠ ঋণ আছিল ১৭ লাখ কোটি টকা। ২০১৪  চনলৈ ই তিনিগুণতকৈও অধিক বৃদ্ধি হৈ ৫৫  লাখ কোটি টকালৈ বৃদ্ধি পাইছিল। 

যিটো ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ১৬১ লাখ কোটিলৈ বৃদ্ধি পাইছে। সেই অনুসৰি, যোৱা ৯  বছৰত, ভাৰত চৰকাৰৰ ঋণ ১৯২% বৃদ্ধি হৈছে। ইয়াত কেন্দ্ৰীয় চৰকাৰে লোৱা ঘৰুৱা আৰু বিদেশী দুয়োধৰণৰ ঋণ অন্তৰ্ভুক্ত আছে। এক কথাত যদি চৰকাৰৰ মুঠ বাজেট ১০০ টকা হয়, তেন্তে ২০  টকা কেৱল ঋণ আৰু ইয়াৰ সূত পৰিশোধ কৰিবলৈয়েই প্ৰয়োজন হয়।  এনে ঋণৰ পৰিমাণ  দেশৰ মুঠ প্ৰতিৰক্ষা বাজেটৰ আঢ়ৈ গুণ, স্বাস্থ্য বাজেটৰ ১০  গুণ আৰু শিক্ষা বাজেটৰ ৭ গুণ। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement