--°C
Loading...
Listen to Article
2 min read
80%
 


০৭/০৫/২৪, মঙলবাৰ


মেষ ৰাশি: বিভিন্ন সমস্যাবোৰ আপুনি সহজে সমাধান কৰিব পাৰিব ৷ ব্যৱসায় আৰু ক্ৰীড়া ক্ষেত্ৰত লাভজনক ফল লাভ কৰিব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব আৰু যি আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ উন্নতি কৰিব ৷

বৃষ ৰাশি: আজি আপুনি কোনো সিদ্ধান্ত গ্ৰহণৰ আগতে শান্ত হৈ ব্যৱস্থা ল’ব ৷ ভুল সিদ্ধান্তই বিপদত পেলাব পাৰে ৷ পত্নীৰ লগত আলোচনা নকৰাৰ ফলত বুজাপৰাৰ অভাবে দেখা দিব ৷ মানসিক অশান্তিয়ে শাৰীৰিক সমস্যাৰ আৰম্ভণি কৰিব ৷ 

মিথুন ৰাশি:  দিনটো মিশ্ৰ ফলদায়ক ৷ ডাঙৰ সকলৰ পৰা উপদেশ মুলক বাৰ্তা লাভ কৰিব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ জীৱনসংগী লাভ কৰাৰ উত্তম সময় ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: আপোনাৰ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ভাগ্যৰ প্ৰভাৱ পৰিব আৰু আপুনি জীৱনত সুৰক্ষিত অনুভৱ কৰিব ৷ কামত সফলতা আৰু উন্নতি লাভ কৰিব ৷ ঘৰুৱা পৰিবেশটো আপোনাৰ বুদ্ধি কামত লগাব পাৰিব ৷  শৰীৰ ভালে যাব আৰু বৈবাহিক সুখ লাভ কৰিব ৷

সিংহ ৰাশি:  অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আপুনি কৰিবলৈ বিচৰা সকলো কামৰ ফল লাভজনক হ’ব, মাত্ৰ আপুনি আপোনাৰ খঙৰ ওপৰত কাবু ৰাখক ৷ ধৰ্মীয় কাম কিছুমান কৰিব পাৰে অথবা ধৰ্মীয় স্থান পৰিভ্ৰমণ কৰিব পাৰে ৷ যিয়ে আপোনাক শান্ত ৰখাত সহায়ক হ’ব ৷

কন্যা ৰাশি:  সোনকালে খং উঠা সকলৰ বাবে ভাল সময় নহয় ৷ নতুন কাম আৰম্ভ কৰাৰ উচিত সময় নহয় ৷ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলে আপোনাক বিপদত পেলাব পাৰে৷ ভ্ৰমণ এৰাই চলক ৷

তুলা ৰাশি: এট সুন্দৰ দিন ৷ পুৰণি বন্ধুক লগ কৰিব পাৰে ৷ আপোনাৰ ফাললৈ অহা বিপৰীত চিন্তাবোৰ আঁতৰি যাব ৷ আপুনি অংশ লোৱা সকলো কামত আপুনি ফুৰ্তি পাব।  সমাজত আপোনাৰ সন্মান বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: দিনটো শুভ, গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমত পৰা আৰু বিবাহৰ উত্তম । বন্ধুক লগ পাব পাৰে ৷ কামৰ ক্ষেত্ৰত ভাল খবৰ আহিব। সহকৰ্মী সকলৰ পৰা সন্মান লাভ কৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাগ্যই আপোনাক লগ দিব ৷ 

ধনু ৰাশি: সফলতা নোপোৱালৈকে যুঁজি থাকক ৷ আশা নেহেৰুৱাব ৷ আজিৰ দিনটো বৰ সহজ নহয় , আশা কৰা ধৰণৰ ফল লাভ নকৰিবও পাৰে ৷ আপোনাক দিয়া কাম শেষ হওতে অনাহকত পলম হ’ব ৷ সহযোগীতাৰ অভাৱ অনুভৱ কৰিব।

মকৰ ৰাশি:  আপুনি ভাগৰুৱা আৰু এলাহ অনুভৱ কৰিব ৷ নিদ্ৰাহীনতাই আপোনাক অসুবিধাত পেলাব ৷ শান্ত হওক। ভাল চিন্তা কৰক আৰু বিপৰীতমূখী লোকৰ পৰা আঁতৰি থাকক ৷ প্ৰিয়জনৰ লগত কথা পাতক যিয়ে আপোনাক সকাহ দিব ৷ 

কুম্ভ ৰাশি: বেয়া সপোন বা আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাই আপোনাৰ মনক বিচলিত কৰিব পাৰে ৷ দুপৰীয়ালৈ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনৰ অৱস্থাৰ পৰিবৰ্তন হ’ব ৷ পত্নী বা ভাতৃ ভগ্নীৰ লগত সময় কটাওক ৷ 

মীন ৰাশি:  ভুল বুজা-বুজি আৰু কাজিয়া হ’ব পাৰে ৷ কামত সম্পূৰ্ণ চকু ৰাখক ৷ খৰচ কমোৱাৰ চেষ্টা কৰক ৷ আজি কাৰো পৰা ধাৰ নল'ব আৰু কাকো ধাৰ নিদিব ৷ স্বাস্থ্যৰ দিশত গুৰুত্ব দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ