--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ নিৰ্মাণ কৰাৰ সময়ত বাস্তুৰ বিধি মানি চলিলে সুখ-সমৃদ্ধি বৃদ্ধি পায়। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ সৈতে চিৰিও নিৰ্মাণ কৰা হয়।চিৰি ঘৰ এটাৰ বাবে অপৰিহাৰ্য অংগ। কিন্তু ঘৰত চিৰিৰ অৱস্থান সঠিক নহ’লে নানান বিপত্তিয়ে দেখা দিব পাৰে।  আজিকালি বহুতেই কেইবামহলীয়া ঘৰ নিৰ্মাণ কৰে। এনে ঘৰসমূহত উঠি যাবলৈ চিৰিৰ ব্যৱস্থা থাকিবই লাগিব। তদুপৰি সাধাৰণ ঘৰতো চিৰি থাকে। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ নিয়ম মানি চলিব লাগে। এই নিয়মসমূহ বাস্তুশাস্ত্ৰ অনুসৰি মানি চলিলে শুভ ফল পোৱা যায়। 

সাধাৰণতে ঘৰ এটাত চিৰি সদায় পূবপিনে নিৰ্মাণ কৰিব লাগে। পূবপিনৰ পৰা পশ্চিম পিনলৈ চিৰি ওপৰলৈ উঠি গ'লে ভাল। যদি ঘৰৰ অৱস্থানৰ বাবে পূব পিনৰ পৰা পশ্চিম পিনলৈ চিৰি নিৰ্মাণ কৰিব নোৱাৰি তেন্তে উত্তৰ পিনৰ পৰা দক্ষিণ পিনলৈ চিৰি নিৰ্মাণ কৰিব লাগে। চিৰিৰ অৱস্থান সদায় ঘড়ীৰ কাঁটাৰ দিশে নিৰ্মাণ কৰিব লাগে। সাধাৰণতে মাটিৰ দক্ষিণ অথবা পশ্চিম দিশত চিৰি নিৰ্মাণ কৰিলে অধিক সুফল পাব পাৰি।

 চিৰি নিৰ্মাণ কৰাৰ বাবেই মাটিৰ উত্তৰ-পূব দিশটো বৰ এটা সুবিধাজনক দিশ নহয়। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ বিশেষ কথালৈ মন কৰা উচিত। বিশেষকৈ দুৱাৰৰ একেবাৰে লগালগিকৈ চিৰি নিৰ্মাণ কৰিব নালাগে । দুৱাৰৰ লগালগিকৈ চিৰি নিৰ্মাণ কৰিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ আশংকা থাকে। 

 চিৰিৰ ঢাপৰ সংখ্যাবোৰ হ'ব পাৰে ক্ৰমে ১১, ১৭, ২৩, ৩৫, ৩১ আদি। কিছুমান লোকে ঘূৰণীয়া চিৰি নিৰ্মাণ কৰে। ঘূৰণীয়া চিৰি দেখিবলৈ ভাল যদিও বৰ এটা শুভ ফলদায়ক নহয়। ঘূৰণীয়া চিৰি  নিৰ্মাণ  কৰিলেও  ঘৰৰ সন্মুখত নিৰ্মাণ নকৰি পিছপিনে নিৰ্মাণ  কৰিলে ভাল হয়। এনেদৰে সঠিক স্থানত চিৰি নিৰ্মাণ কৰাসকলে সুফল লাভ কৰে আৰু সুখ বৃদ্ধি পায় বুলি বাস্তু বিশেষজ্ঞসকলে কৈ আহিছে।   

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা