--°C
Loading...
Listen to Article
2 min read
80%
১৬/০২/২০২৪, শুকুৰবাৰ

মেষ:  আজিৰ দিনটো শাৰীৰিক দিশত শুভাশুভ মিশ্ৰিত কাৰক। মনৰ অশান্তি আৰু হতাশা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অশাস্তি থাকিব। শিক্ষার্থীৰ নতুন পৰিকল্পনা বাস্তৱায়িত হোৱাৰ যোগ। সাহিত্যিক, শিল্পীৰ মনৰ উৎসাহ বৃদ্ধিৰ যোগ। কর্ম, আর্থিক আৰু ব্যবসায় বাণিজ্যত অলপ লাভৱান হ'ব পাৰিব। 

বৃষ : দিনটো শৰীৰৰ শুভ কাৰক হ'ব। মনৰ অশান্তিও কিছু হ্রাস পাব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ শুভফল লাভ। শিল্পী, সাহিত্যিকৰ উন্নতি কাৰক শুভ সংযোগ হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ'ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিক দিশত সামান্য লাভবান হ'ব।

মিথুন : আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ কাৰক হ'ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত অশান্তি আৰু প্ৰেমত খেলিমেলি হ'ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু শুভ কাৰক। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কষ্টৰ মাজেৰে সফলতাৰ মুখ দেখিব। ৰাজনীতিকৰ দুশ্চিন্তা হ'ব পাৰে। আৰ্থিক, কর্মক্ষেত্ৰ আৰু বাণিজ্যত কিছু শুভ কাৰক হ'ব। 

কৰ্কট :  আজিৰ দিনটোত শৰীৰত জলজ আৰু বিষজ ৰোগ হ'ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষার্থীর অধ্যয়নৰ ক্ষেত্ৰত চিন্তা হ'ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা কাৰক। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ'ব। 

সিংহ:  আজিৰ দিনটো শাৰীৰিক শুভ যদিও চকুৰ ৰোগ হ'ব পাৰে। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ কাৰক। শিক্ষার্থীয়ে উচ্চ শিক্ষাত সুনাম অর্জন কৰিব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটো ব্যস্ততা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ দুশ্চিন্তা বাঢ়িব। বাণিজ্য, আর্থিক আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া হ'ব। 

কন্যা:  আজিৰ দিনটো শাৰীৰিক শুভ। পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীয়ে উচ্চ শিক্ষাত মন মেলিব । দিনটো সকলোৰে ব্যস্ততা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ শুভ। বাণিজ্য, আর্থিক আৰু কৰ্মক্ষেত্ৰত শুভ হ'ব। 

তুলাঃ  আজিৰ দিনটো শৰীৰৰ অলপ অসুস্থতা থাকিব। মানসিক ক্ষেত্ৰত অযথা চিন্তা বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তা হ'ব পাৰে। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ'ব পাৰে। সাহিত্য-সংস্কৃতি আৰু সমাজ কৰ্মৰ লগত যুক্তসকল লাভৱান হ'ব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ'ব। 

বৃশ্চিক :  আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও ৰক্তচাপ আৰু চৰ্মৰ ৰোগীয়ে সাবধানে চলা ভাল। মানসিক, পাৰিবাৰিক আৰু প্ৰেম প্রীতিত মধ্যমীয়া হ'ব। বিদ্যাৰ্থীৰ পৰীক্ষাৰ প্ৰস্তুতিত শুভ কাৰক হ'ব। সাহিত্য, ক্রীড়া, সংস্কৃতি আৰু সংবাদসেৱাৰ লগত যুক্তসকলৰ সফলতাৰো যোগ দেখা যায়। কৰ্ম, ব্যৱসায় আৰু আর্থিক দিশত অলপ অসুবিধা হ'ব। 

ধনুঃ  আজিৰ দিনটো শাৰীৰিক শুভ কাৰক। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক দিশত অলপ অশাস্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অশান্তি হ'ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ দুশ্চিন্তা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰো কৰ্মক্ষেত্ৰত অশান্তি হ'ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৰ যোগ।

মকৰ:  আজিৰ দিনটো শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ কাৰক হ'ব। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ সমস্যা বাঢ়িল। ৰাজনৈতিক ব্যক্তিৰো অশান্তি হ'ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত বাধাৰ মাজতো সামান্য লাভৰ যোগ। 

কুম্ভঃ  আজি দুপৰীয়ালৈ শৰীৰৰ শুভ যদিও পিচলৈ অশান্তি হ'ব পাৰে। মনৰ অশান্তি বৃদ্ধিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া৷ বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কষ্ট বৃদ্ধি পাব পাৰে। 

মীন:  আজি দুপৰীয়ালৈকে শাৰীৰিক আৰু মানসিক উভয়তে অশান্তি বৃদ্ধি হ'ব পাৰে। পিচলৈ শুভ কাৰক। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি আৰু মূৰৰ বিষ হ'ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। ৰাজনীতিকে সফলতা লাভ কৰাৰ যোগ। কৰ্ম-বাণিজ্য আৰু আৰ্থিক দিশত কিছু লাভৰ যোগ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ