--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাজু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। মণিপুৰ চৰকাৰে আৰোপ কৰা কেইটামান নিষেধাজ্ঞাৰ মাজতে দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইম্ফলৰ ওচৰৰ থৌবাল জিলাৰ পৰা তেওঁৰ দ্বিতীয়  ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিব। থৌবালৰ উপায়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি ফ্লেগিং-অফ অনুষ্ঠানটো এক ঘণ্টাতকৈ অধিক হ'ব নালাগিব আৰু অংশগ্ৰহণকাৰীৰ সংখ্যা সৰ্বাধিক ৩০০০ হ'ব লাগিব।

ৰাহুল গান্ধীয়ে এই যাত্ৰাত  ১৪খন ৰাজ্যৰ ৬,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব। মণিপুৰৰ পৰা নাগালেণ্ড, অসম, অৰুণাচল আৰু মেঘালয় হৈ চলিব এই যাত্ৰা।পশ্চিমবংগ, বিহাৰ, ওড়িশা, ছত্তীশগড়তো চলিব এই যাত্ৰা। উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাটৰ হৈ  মহাৰাষ্ট্ৰৰ মুম্বাইত সামৰণি পৰিব এই যাত্ৰাৰ। 

ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক শক্তিশালী বিৰোধী দল হিচাপে প্ৰতিষ্ঠা কৰাত যে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তাত কোনো সন্দেহ নাই। এই জনসংযোগ অভিযানে ৰাহুল গান্ধীক কংগ্ৰেছৰ নেতা হিচাপেও জনপ্ৰিয়তা আৰু প্ৰাসংগিকতা বৃদ্ধি কৰিলে। সেই জনপ্ৰিয়তাৰ ধাৰাটো বজাই ৰাখিবলৈ পুনৰ আগবাঢ়িছে কংগ্ৰেছ। পুনৰ এইবাৰ ভাৰত ন্যায় যাত্ৰাৰ বাবে সাজু হৈছে ৰাহুল গান্ধী। গোষ্ঠী সংঘাতত অগ্নিগর্ভ হৈ থকা মণিপুৰৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ভাৰত ন্যায় যাত্রা। ভাৰত জোড়ো যাত্ৰাৰ পাছত অহা ১৪ জানুৱাৰীৰ পৰা ভাৰত ন্যায় যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে। 

ৰাহুল গান্ধীৰ এই যাত্রা অসমতো চলিব । মণিপুৰৰ পৰা নাগালেণ্ড হৈ ৰাহুল গান্ধীৰ এই যাত্রাই ১৭ জানুৱাৰীত অসমৰ আমগুৰিত  প্ৰৱেশ কৰিব ।তাৰ পৰাই প্রথমে উজনি অসমৰ আটাইকেইটা লোকসভা সমষ্টিক স্পর্শ কৰি চলিব এই যাত্ৰা।সত্ৰভূমি মাজুলীৰ লগতে  নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰি নগাঁও, শোণিতপুৰ  আদি সমষ্টিলৈও  যাব এই যাত্ৰা। তাৰ পৰা লখিমপুৰ সমষ্টি হৈ প্ৰৱেশ কৰিব। পিছত অৰুণাচলত ভাৰত ন্যায় যাত্রা সামৰি পুনৰ অসমত প্ৰৱেশ কৰিব।  নামনি অসম, বৰাক উপত্যকাৰ আটাইকেইটা সমষ্টিকে স্পর্শ কৰিব বুলি জানিব পৰা গৈছে।  উল্লেখ্য কংগ্ৰেছ লোকসভা নিৰ্বাচনত অকলেই ২৯০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছে। আনহাতে ১০০ টা সমষ্টিত ইণ্ডিয়া মিত্ৰজোঁটৰ  সমৰ্থনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। যি ২৯০ টা সমষ্টিত অকলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে সেই ২৯০ টা সমষ্টিৰ ভিতৰত আছে অসমৰ ১৪ টা সমষ্টিয়েই। সেয়ে এই আটাইকেইটা সমষ্টিকে যে ভাৰত ন্যায় যাত্ৰাই স্পৰ্শ কৰিব সেয়া এক প্ৰকাৰে নিশ্চিত।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০২২ চনৰ ৭ ছেপ্টেম্বৰত দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছিল। প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ১৩৭ দিনৰ এই যাত্ৰাত তেওঁ দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈ সামৰি লৈছিল। এই যাত্ৰাও তামিলনাডু, কেৰালা, কৰ্ণাটক হৈ তেওঁ প্ৰৱেশ কৰিছিল তেলেংগানাত। ভাৰত জোড়ো যাত্ৰাৰ পিছৰ পৰ্যায়ত অনুষ্ঠিত হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সাফল্যৰ পিছত এই জয়ৰ কৃতিত্ব প্ৰদান কৰা হৈছিল ৰাহুল গান্ধী আৰু তেওঁৰ ভাৰত জোড়ো যাত্ৰাক। এতিয়া ভাৰত জোড়ো যাত্ৰাই সামৰি লোৱা তেলেংগানাতো দলটোৱে জয়লাভ কৰিছে যদিও এই যাত্ৰাই চুই যোৱা মধ্যপ্ৰদেশ, ৰাজস্থানত দুৰ্ভাগ্যজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কংগ্ৰেছ।

আৰু এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কিদৰে ৰণকৌশল প্ৰস্তুত কৰিব সেয়া সময়ে ক’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে