--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ন্যায়ৰ অংগীকাৰ লৈ দেওবাৰৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা৷  মণিপুৰৰ পৰা আৰম্ভ হ’ব ৰাহুলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। পূৰ্বে নিৰ্ধাৰিত স্থান ইম্ফলৰ পৰিৱৰ্তে থৌবালৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ যাত্ৰা। আইন–শৃংখলা জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইম্ফলৰ প্ৰশাসনে যাত্ৰাৰ বাবে প্ৰদান নকৰিলে অনুমতি। 

মাত্ৰ ১ হাজাৰ লোকে যাত্ৰাত অংশগ্ৰহণ কৰিলে ইম্ফলৰ পৰা যাত্ৰা আৰম্ভৰ ক্ষেত্ৰত অনুমতি প্ৰদানৰ বাবে ৰাজি হৈছিল ইম্ফল প্ৰশাসন। কিন্তু এই প্ৰস্তাৱ নাকচ কৰিছিল কংগ্ৰেছ নেতৃত্বই। যাৰবাবে ইম্ফলৰ পৰিৱৰ্তে থৌবালৰ পৰা যাত্ৰা আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে। 

১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা সমাপ্ত হ’ব ২০ মাৰ্চত মুম্বাইত। দেশৰ ১৫খন ৰাজ্যৰ ১১০খন জিলাত চলিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। ৬৭ দিনত কংগ্ৰেছ নেতাগৰাকীয়ে ভ্ৰমণ কৰিব ৬ হাজাৰ ৭১৩ কিলোমিটাৰ পথ। অসমত ১৮ জানুৱাৰীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ যাত্ৰা। শিৱসাগৰ জিলাৰ হালোৱাটিঙত প্ৰৱেশ ঘটিব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ। ৰাজ্যৰ ১৭খন জিলাৰ মাজেৰে চলিব কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। 

ইতিমধ্যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জনসভাৰ অনুমতিক লৈ আৰম্ভ হৈছে বিতৰ্কৰ। বন্ধৰ দিনাৰ বাহিৰে কোনো দিনতে ৰাজহুৱা খেল পথাৰত জনসভা অনুষ্ঠানক লৈ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। যাৰ পাছতে সৰৱ হৈ উঠিছে বিৰোধী দল কংগ্ৰেছ। কিন্তু তাৰ মাজতে কাইলৈৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভ কৰাক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কংগ্ৰেছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু