--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ন্যায়ৰ অংগীকাৰ লৈ দেওবাৰৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা৷  মণিপুৰৰ পৰা আৰম্ভ হ’ব ৰাহুলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। পূৰ্বে নিৰ্ধাৰিত স্থান ইম্ফলৰ পৰিৱৰ্তে থৌবালৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ যাত্ৰা। আইন–শৃংখলা জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইম্ফলৰ প্ৰশাসনে যাত্ৰাৰ বাবে প্ৰদান নকৰিলে অনুমতি। 

মাত্ৰ ১ হাজাৰ লোকে যাত্ৰাত অংশগ্ৰহণ কৰিলে ইম্ফলৰ পৰা যাত্ৰা আৰম্ভৰ ক্ষেত্ৰত অনুমতি প্ৰদানৰ বাবে ৰাজি হৈছিল ইম্ফল প্ৰশাসন। কিন্তু এই প্ৰস্তাৱ নাকচ কৰিছিল কংগ্ৰেছ নেতৃত্বই। যাৰবাবে ইম্ফলৰ পৰিৱৰ্তে থৌবালৰ পৰা যাত্ৰা আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে। 

১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা সমাপ্ত হ’ব ২০ মাৰ্চত মুম্বাইত। দেশৰ ১৫খন ৰাজ্যৰ ১১০খন জিলাত চলিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। ৬৭ দিনত কংগ্ৰেছ নেতাগৰাকীয়ে ভ্ৰমণ কৰিব ৬ হাজাৰ ৭১৩ কিলোমিটাৰ পথ। অসমত ১৮ জানুৱাৰীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ যাত্ৰা। শিৱসাগৰ জিলাৰ হালোৱাটিঙত প্ৰৱেশ ঘটিব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ। ৰাজ্যৰ ১৭খন জিলাৰ মাজেৰে চলিব কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। 

ইতিমধ্যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জনসভাৰ অনুমতিক লৈ আৰম্ভ হৈছে বিতৰ্কৰ। বন্ধৰ দিনাৰ বাহিৰে কোনো দিনতে ৰাজহুৱা খেল পথাৰত জনসভা অনুষ্ঠানক লৈ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। যাৰ পাছতে সৰৱ হৈ উঠিছে বিৰোধী দল কংগ্ৰেছ। কিন্তু তাৰ মাজতে কাইলৈৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভ কৰাক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কংগ্ৰেছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক