ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ১৮ জুলাইত নেলচন মেণ্ডেলা দিৱস পালন কৰা হয়। আজি মেণ্ডেলাৰ ১০৫ সংখ্যক জন্মবাৰ্ষিকী। বৰ্ণবৈষম্যৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধ কৰা নেলছন মেণ্ডেলাক দক্ষিণ আফ্ৰিকাৰ গান্ধী বুলি কোৱা হয়। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাক সেই মহান ব্যক্তিসকলৰ ভিতৰত গণ্য কৰা হয় যিয়ে নিজৰ কাম আৰু চিন্তাধাৰাৰে বিশ্বৰ সন্মুখত আদৰ্শ দাঙি ধৰিলে। শান্তি আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰা মণ্ডিলাৰ সন্মানত তেওঁৰ জন্মদিনত সমগ্ৰ বিশ্বতে নেলছন মেণ্ডেলা দিৱস পালন কৰা হয়।
কৃষ্ণাংগ মহানায়ক নেলছন মেণ্ডেলা আছিল উচ্চ-নীচৰ ভেদাভেদ ওফৰাই সমন্বয়ৰ সাঁকো বন্ধনেৰে পৃথিৱীত উজলি উঠিছিল। তেওঁক বিশ্বব্যাপি বৰ্ণবৈষম্যবাদবিৰোধী সংগ্ৰামৰ প্ৰতীক বুলি জনা যায়। এই কিংবদন্তি মুক্তিযোদ্ধা গৰাকীৰ সম্পূৰ্ণ নাম নেলছন ৰোলিহলাহলা মেণ্ডেলা। পিতৃৰ নাম গাড়লা হেনৰী এমফাকানিয়াছৰা আৰু মাতৃৰ নাম নছেকেনি ফেনি মেণ্ডেলা। পত্নী গ্ৰাচা মেণ্ডেলা, উইন মেণ্ডেলা, ইভিনিল মেণ্ডেলা আৰু সন্তান জিন্দজি, জেনানি, মাকাজিৰে, মাকগাথো আৰু থেমবেকিলে।
নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা আৰু টাটা নামেৰেও জনাজাত আছিল। তেওঁ ১৯৯৩ চনত ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছৰ নেতা আছিল।
নেলছন মেণ্ডেলাৰ জন্ম হয় ১৯১৮ চনৰ ১৮ জুলাইত দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ মেভেজু নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতাকৰ নাম হেনৰি গিডলা। হেনৰি গিডলা এজন ৰাজনীতিজ্ঞ আছিল। তেওঁ ট্ৰানচকিয়ান ৰাজ্যৰ কাউন্সিলৰ এজন সদস্য আছিল। নেলছন মেণ্ডেলাই তিনিবাৰ কৈ বিবাহপাশত আবদ্ধ হৈছিল, তেওঁৰ মুঠ ৬ টি সন্তান আৰু ২টি নাতি আছিল। তেওঁৰ প্ৰথম গৰাকী পত্নীৰ নাম আছিল এভিলেন নেটকো মাচে, দ্বিতীয় গৰাকী পত্নীৰ নাম আছিল ৱিনি মেডিকিজেলা মেণ্ডেলা আৰু তৃতীয় গৰাকী পত্নীৰ নাম আছিল গ্ৰেকা মাচেল।
নেলছন মেণ্ডেলাই সৰু কালৰ শিক্ষা মিছনেৰী বিদ্যালয় এখনৰ পৰা লাভ কৰিছিল। তেওঁৰ বিদ্যালয়ৰ পাঠ্যপুথি পঢ়ি মনত লাজ আৰু ধিক্কাৰ পাইছিল। পাঠ্যপুথি বিলাকত কৃষ্ণাংগসকল অশিক্ষিত আৰু বৰ্বৰ বুলি লিখা কথাষাৰে তেওঁৰ মনত দুখ দিছিল। এই কথায়ে তেওঁক সৰুৰে পৰা বিদ্ৰোহী কৰি তুলিছিল। ১৯৪১ চনত তেওঁ গোটেই দক্ষিণ আফ্ৰিকা ঘূৰি ফুৰি মানুহৰ দুখ-দুৰ্দশাবোৰ চাই ফুৰোতে ক'লা মানুহৰ বন্ধু ওৱাল্টাৰ চিচুলুক লগ পায় আৰু তেওঁৰ লগত আত্মীয়তা গঢ়ে। তেওঁৰ সহায়তে নেলছনে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উইট ওৱাটাৰ ষ্টেণ্ড বিশ্ববিদ্যালয়ত আইনো অধ্যয়ন কৰিবলৈ লয়। তেওঁৰ মনত ধৰণা হয় যে, ক'লা মানুহৰ মুক্তিৰ বাবে ৰাজনৈতিক শিক্ষা বা ৰাজনৈতিক বিশ্লেষণৰ প্ৰয়োজন আছে।
১৯২১ চনত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান নেচনেল কংগ্ৰেছত নেলছনে যোগদান কৰিলে। ১৯৪৪ চনত এই কংগ্ৰেছৰ পৰিকল্পনাৰ দায়িত্ব গ্ৰহণ কৰে নেলছন মেণ্ডেলাই। সেই সময়ত ভাৰতত স্বাধীনতা সংগ্ৰাম চলিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেলছনে আফ্ৰিকান কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ দি-ইয়াৰ সম্পাদক পাতিলে ওৱাল্টাৰ চিচুলুক। তাৰ পাছতেই জনসাধাৰণে প্ৰধানমন্ত্ৰী স্মাট চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে বিদ্যালয়, মহাবিদ্যালয়, হোটেল, হাট-বজাৰ, সকলো ত্যাগ কৰি ৰাজপথলৈ বিদ্ৰোহ কৰিবলৈ ওলায় আহে। চৰকাৰে এই আন্দোলন প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা হাতত ললে। জনসাধাৰণে বিচাৰিলে নিজৰ দেশত নিজৰ স্বাধীনতা। আন্দোলনে তীব্ৰ জন জাগৃতি আনিলে। লগে লগে চৰকাৰে নেলছন মেণ্ডেলা, চিচুলু আৰু টেম্বোক কাৰাগাৰত আৱদ্ধ কৰিলে। তেওঁলোকক ৰাখিলেও ১৯৫৭ চনত stay at home ধৰ্মঘট পালন হল আৰু আন্দোলনে আফ্ৰিকান সংগ্ৰামী জনসাধাৰণে সমৰ্থন পালে। ১৯৬০ চনত আনকি কেইবাখনো ৰাজ্যলৈ স্বাধীনতা আহিল। লগে লগে নেলছন মেণ্ডেলাক কিছুদিনৰ বাবে মুক্তি দি, পুনৰ জেলত ভৰালে। এইবাৰ তেওঁক দক্ষিণ আফ্ৰিকাৰ কলিয়াপানী ৰোবেন দ্বীপত আবদ্ধ কৰি ৰখা হল। কাৰাগাৰত থাকিয়েই তেওঁ তেওঁৰ পুত্ৰ থেম্বিৰ মৃত্যুৰ বাতৰি আৰু ১৯৭৮ চনত জীয়াৰি জিন্দজিৰ কবি খ্যাতিৰ খবৰ লৈছিল।
১৯৭০ চনত উইনীয়ে তেওঁক ৰোৱেন দ্বীপত দেখা কৰে। ১৯৭৫ চনত মোজাম্বিকে স্বাধীনতা পালে। ১৯৮০ চনৰ ১৩ জুনত ইউনাইটেড চিকিউৰিটি কাউন্সিলে প্ৰধানমন্ত্ৰী বোথো চৰকাৰক মেণ্ডেলাৰ মুক্তিৰ দাবী জনালে। ১৯৮২ চনত মেণ্ডেলাক ৰোবেন দ্বীপৰ পৰা পলাশমোৰ কাৰাগাৰলৈ স্থানান্তৰ কৰিলে। অৱশেষত ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীৰ ৰবিবাৰে মেণ্ডেলাক ডব্লিউ এফ দি ক্লাৰ্ক চৰকাৰে মুক্তি দিলে। কাৰাগাৰৰ পৰা মুকলি হৈয়ে তেওঁ কৃষ্ণাংগ অধ্যুষিত অঞ্চলসমূহৰ পৰা জৰুৰী অৱস্থা প্ৰত্যাহাৰ আৰু সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দি শান্তি শৃঙ্খলা অটুট ৰাখিবলৈ চৰকাৰক দাবী জনায়।
১৯৯০ চনৰ ১৫ অক্টোবৰ তাৰিখে নেলছন মেণ্ডেলা ভাৰত ভ্ৰমণলৈ আহোঁতে ভাৰতে তেওঁৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। তদুপৰি ২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা আফ্ৰিকাৰ এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে। ১৯৯৪ চনৰ পৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈ কাৰ্য্যনিবাহ কৰে।
এই মহানায়কগৰাকীয়ে পৃথিৱীবাসীক কন্দুৱাই পৰলোকলৈ গমন কৰিলে ২০১৩ চনৰ ৫ ডিচেম্বৰত। জোহান্সবার্গত থকা নিজা বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এজন দৃঢ়মনা বিপ্লৱী আৰু সংস্কাৰবাদী ৰাজনীতিক হিচাপে বিশ্ব ইতিহাসত সদায় অমৰ হৈ থাকিব তেওঁ। এইগৰাকী আজন্ম বিপ্লৱী আৰু কৃষ্ণাংগ মহানায়কৰ যুগে যুগে যুগমীয়া হৈ ৰব।
দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্মদিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি অহা হৈছে।